শুকুৰবাৰে পুৱা বিশিষ্ট পাৰমাণৱিক বিজ্ঞানী বিকাশ সিনহাই কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।
দীৰ্ঘদিন ধৰি শাৰীৰিক সমস্যাত ভুগি আছিল বিজ্ঞানী বিকাশ সিনহা। কিছুদিন আগতে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল। ইয়াৰ পিছত কলিকতা মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে, গৱেষণাৰ বাবে বিকাশ সিনহাক ২০০১ চনত পদ্মশ্ৰী আৰু ২০১০ চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। তেওঁ আছিল মুৰ্ছিদাবাদ ৰাজপৰিয়ালৰ সদস্য। তেওঁৰ পিতৃ বিমল চন্দ্ৰ সিং আছিল ৰাজ্যৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী।
১৯৪৫ চনত মুৰ্ছিদাবাদৰ কাণ্ডিত জন্ম হৈছিল বিকাশ সিনহাৰ। তেওঁ প্ৰেচিডেন্সি কলেজত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে বহিঃৰাজ্য ভ্ৰমণ কৰে। মূলতঃ তেওঁ ব্ৰিটেইনত অধ্যয়ন কৰিছিল।
কৰ্মজীৱনৰ সময়ছোৱাত বিখ্যাত কোম্পানীসমূহৰ সৈতে তেওঁ জড়িত আছিল। বহিঃৰাজ্যৰ পৰা উভতি আহি ভাভাই এটমিক ৰিচাৰ্চ চেণ্টাৰত যোগদান কৰে তেওঁ।
বিকাশ সিনহা আছিল সাহা ইনষ্টিটিউট অৱ নিউক্লিয়াৰ ফিজিক্স এণ্ড ভেৰিয়েবল এনাৰ্জি চাইক্ল’ট্ৰন চেণ্টাৰৰ পৰিচালক। ২০০৫ চনত তেওঁ দুৰ্গাপুৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ ব’ৰ্ড অৱ গভৰ্ণৰৰ অধ্যক্ষ আছিল। ২০০৯ চনত তেওঁ ভেৰিয়েবল এনাৰ্জি চাইক্ল’ট্ৰন চেণ্টাৰ আৰু সাহা ইনষ্টিটিউট অৱ নিউক্লিয়াৰ ফিজিক্সৰ দায়িত্বত আছিল।
২০০৫ আৰু ২০০৯ চনত প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা পৰিষদৰ সদস্য হিচাপে মনোনীত হয়। তেওঁ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলাৰ সদস্য আৰু আই আই টি খৰগপুৰৰ চেনেট সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল।





