নিম্ন সদন আৰু উচ্চ সদনৰ গ্ৰীষ্মকালীন সংসদৰ অধিৱেশনত কে’বাখনো গুৰুতত্বপূৰ্ণ বিধেয়ক উপস্থাপন কৰিছে মোদী চৰকাৰে। সদনত নিজৰ সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ নিজৰ ক্ষমতা ৰক্ষাৰ স্বাৰ্থত দেশৰ আইন-কানুন সলাই নিজৰ স্বৈৰাচ্ছাৰীতা আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে।
উল্লেখ্য যে এই বিশেয়ক সমূহ আইনত পৰিণত হ’লে কলা আইনে আৱৰি ধৰিব ভাৰতীয় জনসাধাৰণক।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত যোৱা ১১ আগষ্ট তাৰিখে তিনিখন নতুন বিধেয়ক উত্থাপন কৰে। শ্বাহে ভাৰতীয় দণ্ডবিধি আৰু ফৌজদাৰী আৰু ইণ্ডিয়ান এভিডেন্স আইনক ব্ৰিটিছ ঔপনিৱেশিক মানসিকতাৰ ফচল বুলি অভিহিত কৰি তাৰ ঠাইত নতুন তিনিখন আইন প্ৰণয়ন কৰিবলৈ সংসদত বিধেয়ক উপত্থাপন কৰে।
অমিত শ্বাহে সংসদত দাবী কৰে যে তেওঁ উত্থাপন কৰা ভাৰতীয় ন্যায় সংহিতা বিধয়েকে ভাৰতৰ আত্মাক প্ৰতিফলিত কৰিব।
অমিত শ্বাহে উত্থাপন কৰা বিধেয়ক অনুসৰি আই পি চিৰ, ১৮৬০ ৰ ঠাইত আনিব ভাৰতীয় ন্যায় সংহিতা ২০২৩।
কি আছে ভাৰতীয় ন্যায় সংহিতা ২০২৩ত? অমিত শ্বাহৰ দ্বাৰা প্ৰস্তাৱিত ভাৰতীয় ন্যায় সংহিতাত সন্নিৱিষ্ট কৰা হৈছে ৩৫৬টা ধাৰা । ব্ৰিটিছ ঔপনিৱেশিক শাসন তথা ঔপনিৱেশিক মানসিকতাৰ ফচল বুলি আখ্যা দিয়া ভাৰতীয় দণ্ডবিধি আইন, ১৭৬০ৰ পৰা ১৭৫ টা ধাৰা আহৰণ কৰাৰ লগতে পূৰ্বৰ আইপিচি, ১৮৬০ৰ পৰা ২২টা ধাৰা বিলোপ কৰি আৰু নতুনকৈ ৮ টা ধাৰা সন্নিৱিষ্ট কৰা হৈছে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ত।
এইদৰে সংযোজন আৰু বিয়োজনৰ ফলত দেশৰ নাগৰিকে লাভ কৰিব নৰক যন্ত্ৰণা। আৰক্ষীৰ হাতত গতাই দিয়া হ’ব অত্যধিক ক্ষমতা। আৰক্ষীক নিজৰ মতে ব্যৱহাৰ কৰি স্বৈৰাচ্ছাৰিতা চলোৱাৰ সুযোগ লাভ কৰিব কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে। কিয়নো ভাৰতীয় ন্যায় সংহিতাত পৰিলক্ষিত হোৱা প্ৰধান পৰিৱৰ্তনটো হৈছে প্ৰস্তাৱিত ভাৰতীয় ন্যায় সংহিতাৰ মতে আৰক্ষীয়ে এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিয়েই ৬০ৰ পৰা ৯০ দিনৰ জিম্মাত লব পাৰিব। কিন্তু আইপিচিৰ অধীনত আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি ১৫ দিনলৈকে জিম্মাত ল’ব পাৰে।
ইয়াৰ উপৰিও প্ৰস্তাৱিক ভাৰতীয় ন্যায় সংহিতাৰ মতে, ৯০ দিনৰ ভিতৰত অভিযুক্তই জামিন লাভ কৰাতো দূৰৰে কথা জামিনৰ বাবে আবেদন কৰাটোৱেই হব কঠিন।
ইয়াৰ উপৰিও প্ৰস্তাৱিত ভাৰতীয় ন্যায় সংহিতাত সন্নিৱিষ্ট হৈছে মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ। মৃত্যুদণ্ড হ’ব নাবালিকাৰ ধৰ্ষণকাৰীৰ সৰ্বোচ্চ শাস্তি। আনহাতে, গণপ্ৰহাৰ কৰি হত্যা কৰা অভিযুক্তৰো সৰ্বোচ্চ শাস্তি হ’ব মৃত্যুদণ্ড ।
ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ১০৯(২) ধাৰাৰ অনুসৰি যিকোনো ব্যক্তিয়ে সংগঠিত অপৰাধ সংঘটিত কৰিবলৈ চেষ্টা কৰিলে বা সংঘটিত কৰি হত্যা কৰিলে দোষীক মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০ লাখ জৰিমনা বিহা হ’ব। এনে অপৰাধত ভুক্তভোগীৰ মৃত্যু নহলে দোষীয়ে ন্যূনতম পাঁচ বছৰৰ কাৰাদণ্ডৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে অতি কমেও ৫ লাখ টকা জৰিমনা প্ৰদান কৰিব লাগিব। এয়া কিছু ধাৰাৰ সন্নিৱিষ্টকৰণ আৰু পৰিৱৰ্তন।
ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ আটাইতকৈ ভয়ংকৰ ধাৰাটো হৈছে ১১১। এই ধাৰা অনুসৰি প্ৰতিবাদ, ধৰ্ণা, বিক্ষোভ প্ৰতিবাদী সমাৱেশ আদিৰ লগত জড়িত লোকক দিয়া হ’ব কঠোৰ শাস্তি। এই ধাৰা অনুসৰি ৰাজহুৱা বা ব্যক্তিগত সম্পত্তিৰ ক্ষতি বা বিঘিনি ঘটোৱা আদিক দণ্ডণীয় অপৰাধৰূপে প্ৰস্তাৱ কৰা হৈছে। অৰ্থাৎ কোনো প্ৰতিবাদকাৰী বিক্ষোভকাৰীক চৰকাৰী পক্ষ বা আৰক্ষীয়ে উচতাই ৰাজহুৱা সম্পত্তি বিনষ্ট কৰোৱাই বা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰোৱাই প্ৰতিবাদকাৰীক দোষী সাব্যস্ত কৰি অতি কমেও ৫ বছৰ পৰ্যন্ত কাৰাৰুদ্ধ কৰি ৰাখিব পাৰিব। যিটো সাধাৰণতে প্ৰায়ে ৰাষ্ট্ৰযন্ত্ৰই কৰোৱাই আহিছে।
ইফালে এই ১১১ নম্বৰ ধাৰাত কেতবোৰ কাৰ্যকলাপক সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলিও সংজ্ঞায়িত কৰা হৈছে। এই ধাৰাত কোৱা হৈছে যদি কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে ভাৰতৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কোনো কাৰ্য্যত লিপ্ত হয় তেন্তে তেওঁ সন্ত্ৰাসবাদী কাৰ্য্য সংঘটিত কৰা বুলি গণ্য কৰা হব।
আকৌ, ভাৰতীয় ন্যায় সংহিতা,২০২৩ৰ ধাৰা ১১১(২) অনুসৰি যিকোনো ব্যক্তিয়ে সন্ত্ৰাসবাদী কাৰ্য্য সংঘটিত কৰাৰ চেষ্টা বা সংঘটিত কৰাৰ ফলত কোনো লোক মৃত্যু হলে দোষী সাব্যস্ত হোৱা ব্যক্তিক পেৰ’লৰ সুবিধা অবিহনে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০ লাখ টকা জৰিমনা বিহা হ’ব।
ইফালে কংগ্ৰেছ নেতা তথা প্ৰাক্তন আইনমন্ত্ৰী কপিল ছিব্বালে ব্যাখ্যা কৰিছে যে এনে কিছু প্ৰস্তাৱ দিয়া হৈছে যি প্ৰস্তাৱৰ যোগে ন্যায়াধীশ তথা বিচাৰপতিকো শংকিত কৰি তোলা হৈছে। তেওঁৰ মতে কোনো চূড়ান্ত ৰায় যদি পৰৱৰ্তী সময়ত ভুল বুলি প্ৰমাণিত হয় তেতিয়া সেই ৰায় প্ৰদান কৰা ন্যায়াধীশ তথা বিচাৰপতিয়ে ৭ বছৰৰ পৰ্যন্ত কাৰাবাস খাতিব লাগিব। তাকো সেই ৰায়ৰ ভুল নিৰ্ধাৰণ কৰিব চৰকাৰেহে।
এনে কেতবোৰ হঠকাৰী প্ৰস্তাৱেৰে ভাৰতীয় দণ্ডিবিধি আইন, ১৮৬০ বিলোপ কৰি দেশত ভাৰতীয় ন্যায় সংহিতা, ২০২৩ প্ৰণয়ন কৰিবলৈ উঠি পৰি লাগিছে মোদী চৰকাৰে। যদি এই বিধেয়ক গৃহীত হৈ আইনত পৰিণত হয় তেতিয়া হ’লে ভাৰতবৰ্ষ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সলনি সৰ্ববৃহৎ প্ৰহসনীয় গণতন্ত্ৰলৈ ৰূপান্তৰিত হ’ব আৰু বিজেপিক ভোট দি নিৰ্বাচিত কৰা দেশৰ জনগণে তিল তিলকৈ ভোগ কৰিব লাগিব নৰক যন্ত্ৰণা তথা দাসত্বৰ জীৱন।





