এতিয়াৰে পৰা সম্পূৰ্ণৰূপে ইথানলৰ জৰিয়তে চলিব পৰা বাহনসমূহে ভাৰতৰ মটৰ বাহন নিয়মাৱলীত আনুষ্ঠানিকভৱে স্থান লাভ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে কেন্দ্ৰীয় মটৰ বাহন নিয়মাৱলী, ১৯৮৯ ত সংশোধন ঘটাই ‘ফ্লেক্স-ফুৱেল’ বাহনৰ প্ৰদূষণ বিধিৰ তালিকাত ই-৮৫ ইন্ধনৰ লগতে ই-১০০ অৰ্থাৎ ১০০ শতাংশ বিশুদ্ধ ইথানল ইন্ধনকো অন্তৰ্ভুক্ত কৰিছে। চলিত বৰ্ষৰ ২৭ এপ্ৰিলত মন্ত্ৰালয়ে প্ৰকাশ কৰা খচৰা নিয়মাৱলীৰ চূড়ান্ত ৰূপ হিচাপেই এই সংশোধনী অনা হৈছে। ৰাইজৰ মতামত আৰু পৰামৰ্শৰ বাবে ৩০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰু চৰকাৰে সেই সকলো দিশ বিবেচনা কৰি আনুষ্ঠানিক জাননী প্ৰকাশ কৰাৰ দিনটোৰ পৰাই এই সংশোধিত নিয়ম কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে।
এই সংশোধনীৰ মূল পৰিৱৰ্তনটো নিয়মাৱলীৰ ১১৫ নম্বৰ নিয়মত কৰা হৈছে, যিয়ে বাহনৰ প্ৰদূষণৰ মানদণ্ড নিৰ্ধাৰণ কৰে। পূৰ্বতে বিভিন্ন শ্ৰেণীৰ বাহনৰ প্ৰদূষণৰ তালিকাত কেৱল ‘ই-৮৫’ বুলি উল্লেখ থকা অংশত এতিয়াৰে পৰা ‘ই-৮৫ বা ই-১০০’ বুলি পঢ়িব লাগিব। মন্ত্ৰালয়ে এক ব্যাখ্যামূলক টোকাৰ জৰিয়তে স্পষ্ট কৰি দিছে যে কেৱল মূল সঁজুলি নিৰ্মাতাই ফ্লেক্স-ফুৱেল বাহন হিচাপে নিৰ্মাণ কৰা গাড়ীসমূহতহে এই ই-৮৫ আৰু ই-১০০ ইন্ধন ব্যৱহাৰ কৰিব পাৰিব। চৰকাৰী স্বীকৃতি পালেও সাধাৰণ পেট্ৰ’ল চালিত গাড়ীৰ গৰাকীয়ে নিজৰ গাড়ীত এই উচ্চ মাত্ৰাৰ ইথানল মিশ্ৰিত ইন্ধন ভৰাব নোৱাৰিব। ইয়াৰ উপৰিও, এই নতুন সংশোধনীয়ে ১০০ শতাংশ ইথানল চালিত গাড়ীসমূহৰ আনুষ্ঠানিক পৰীক্ষণ আৰু চৰকাৰী অনুমোদনৰ ক্ষেত্ৰত নিৰ্মাতাসকলৰ বাবে বাট মুকলি কৰিছে।
উল্লেখযোগ্য যে, ভাৰতে ২০৩০ চনৰ পূৰ্বনিৰ্ধাৰিত লক্ষ্যৰ পাঁচ বছৰ পূৰ্বেই অৰ্থাৎ ২০২৫ চনত ২০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে। চৰকাৰে খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰা, প্ৰদূষণ কমানো আৰু দেশৰ কৃষিখণ্ডক সহায় কৰাৰ উদ্দেশ্যেই ইথানলৰ ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। অটোমোবাইল উদ্যোগটোৱে ইতিমধ্যে এনে বাহন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে মাৰুতি সুজুকিয়ে ফ্লেক্স-ফুৱেল ৱেগনাৰ আৰু হিৰো মট’কৰ্পে ইথানল চালিতমটৰচাইকেল মুকলি কৰিছিল। এতিয়া ই-১০০ ইন্ধন প্ৰদূষণ বিধিৰ অংশ হৈ পৰাৰ লগে লগে অধিক নিৰ্মাতাই ফ্লেক্স-ফুৱেল ইঞ্জিনত ধন বিনিয়োগ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
অৱশ্যে গ্ৰাহকসকলৰ বাবে ইয়াৰ কেতবোৰ সীমাবদ্ধতা আছে। ই-২০ ইন্ধনৰ বাবে নিৰ্মিত বাহনসমূহে পোনে পোনে ই-১০০ ইন্ধন ব্যৱহাৰ কৰিব নোৱাৰিব, কিয়নো উচ্চ মাত্ৰাৰ ইথানল ব্যৱহাৰ কৰিবলৈ ইঞ্জিনৰ কেলিভ্ৰেচন আৰু ইন্ধন প্ৰণালীৰ সামগ্ৰীৰ পৰিৱৰ্তনৰ প্ৰয়োজন হয়। তদুপৰি, পেট্ৰ’লৰ তুলনাত ইথানলত শক্তি কম থাকে, যাৰ বাবে সমপৰিমাণৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ই-১০০ বাহনসমূহত সাধাৰণতে অধিক ইন্ধনৰ প্ৰয়োজন হ’ব। সমাগত সময়ত দেশত ই-১০০ ইন্ধন জনপ্ৰিয় কৰিবলৈ কেৱল বিশুদ্ধ ইথানল বিক্ৰী কৰা নিৰ্দিষ্ট পাম্প স্থাপনৰ লগতে বজাৰত ফ্লেক্স-ফুৱেল বাহনৰ অধিক বিকল্প উপলব্ধ হোৱাটোৱেই বৰ্তমান উদ্যোগটোৰ বাবে মূল পৰৱৰ্তী পদক্ষেপ হিচাপে বিবেচিত হৈছে।




