• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৃশংস! প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ১২ বৰ্ষীয় নাবালিকাক ছুৰিকাঘাত কৰি হত্যা যুৱকৰ

নাবালিকাক হত্যা কৰি যুৱকে চলালে আত্মহত্যাৰ অপচেষ্টা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2023 4:07 pm
Girl Stabbed To Death
557
VIEWS
Share on FacebookShare on Twitter

এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই জোকাৰি তুলিছে মহাৰাষ্ট্ৰ। নিজৰ একপক্ষীয় প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ দি বিমুখ হোৱাৰ বাবেই হত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰিছে এগৰাকী যুৱকে। প্ৰেম প্ৰস্তাৱ অগ্ৰাহ্য কৰা ১২ বৰ্ষীয় নাবালিকাগৰাকীক উপৰ্যুপৰি ছুৰিকাঘাতেৰে হত্যা কৰে যুৱকজনে।

মহাৰাষ্ট্ৰৰ কল্যাণত যোৱা সন্ধিয়া সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। ইফালে নাবালিকাগৰাকীক হত্যাৰ পিছত ২০ বছৰীয়া যুৱকগৰাকীয়ে ফেনাইল খাই আত্মহত্যাৰ চেষ্টা চলায় বুলি মহাৰাষ্ট্ৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

ওচৰ-চুবুৰীয়াৰ ভাষ্য অনুসৰি, মাকৰ সৈতে নাবালিকাগৰাকী ক’চিং ক্লাছৰ পৰা উভতি আহি ঘৰৰ চিৰিমুখ পাওঁতেই আদিত্য নামৰ যুৱকজনে লগ পায় আৰু অতৰ্কিতে মাকক ঠেলি আঁতৰাই দি এখন ছুৰিৰে উপৰ্যুপৰি নাবালিকাগৰাকীক আঘাত হানে।

ইফালে হঠাৎ হোৱা এই ভয়ংকৰ আক্ৰমণত স্তম্ভিত হৈ পৰে মাতৃগৰাকী আৰু সহায় বিচাৰি কাতৰ চিঞৰ মাৰে। তেওঁৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হয় আৰু আক্ৰমণত তেজেৰে তুমুৰলি নাবালিকাগৰাকীক চিকিৎসালয়লৈ লৈ যায়।

অৱশ্যে প্ৰাথমিক পৰীক্ষাৰ পিছতে চিকিৎসকে নাবালিকাগৰাকীক মৃত ঘোষণা কৰে। ইফালে নিজৰ একপক্ষীয় প্ৰেমিকাক আক্ৰমণ কৰি যুৱকগৰাকীয়ে লগে লগে ফেনাইল পান কৰে। গুৰুতৰভাৱে অসুস্থ যুৱকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইতিমধ্যে এই হত্যাকাণ্ডত ব্যৱহৃত ছুৰিখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আনহাতে অভিযুক্ত আদিত্যৰ বিৰুদ্ধে হত্যা অভিযোগত প্ৰাসঙ্গিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Recent News

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd