• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আমেথিৰ পৰাই ২০২৪-ত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে’; বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকা?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 19, 2023 9:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছদিনাই এই ঘোষণা কৰে অজয় ​​ৰাইয়ে। তদুপৰি, তেওঁ আন এটা গুৰুত্বপূৰ্ণ ইংগিতো দিয়ে। তেওঁ কয় যে যদি প্ৰিয়ংকা গান্ধী ভদ্ৰাই অহা লোকসভা নিৰ্বাচনত বাৰাণসীত মোডীৰ বিৰুদ্ধে থিয় দিব বিচাৰে তেন্তে সকলো স্তৰৰ কংগ্ৰেছ কৰ্মী তেওঁৰ কাষত থাকিব।

আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ওপৰত সকলোৰে দৃষ্টি আছে। সাধাৰণতে কোৱাৰ দৰে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথ উত্তৰ প্ৰদেশৰ মাজেৰেই যায়। কেৰালাৰ ৱায়ানাদৰ সাংসদ ৰাহুল গান্ধীয়ে ২০২৪ চনত এই ৰাজ্যৰ আমেথি আসনলৈ ঘূৰি আহিব। যিখন আসনত তেওঁ যোৱা লোকসভা নিৰ্বাচনত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰ ভোটত পৰাস্ত হ’বলগীয়া হৈছিল।

অৱশ্যে আমেথিৰ বাহিৰেও ৰাহুলে যোৱা লোকসভাত ৱায়ানাদৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিছিল। আমেথিয়ে নিৰাশ কৰিছিল যদিও, ৱায়নাডৰ পৰা জয়লাভ কৰি তেওঁ লোকসভাত প্ৰৱেশ কৰিছিল। কিন্তু বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত শুকুৰবাৰে অজয় ৰাইয়ে ঘোষণা কৰে যে নিশ্চিতভাৱে ৰাহুল গান্ধীয়ে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

Apply Now

লগতে পঢ়ক: চন্দ্ৰৰ আৰু কাষ চাপিল চন্দ্ৰযান-৩; ইছৰ’ই মুকলি কৰিলে কেইবাটাও ভিডিঅ’

আমেথি সমষ্টি বহুদিনৰ পৰাই কংগ্ৰেছ দলৰ আছিল। একেৰাহে আমেথিৰ পৰা গান্ধী পৰিয়ালৰ সদস্যসকল নিৰ্বাচিত হৈ আহিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনে সেই ধাৰাবাহিকতা স্তব্ধ কৰিছিল।

উল্লেখ্য যে এসময়ত ছোনিয়া গান্ধীয়েও আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০০৪ চনত ৰাহুলক তেওঁ আমেথি এৰি দিয়ে। তেতিয়াৰ পৰা ৰাহুলে আমেথিত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। কিন্তু যোৱা লোকসভাত আমেথি হেৰুৱাই তেওঁ কেৱল ৱায়নাদৰ সাংসদ। স্বাভাৱিকতে কংগ্ৰেছৰ ভিতৰত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, ৰাহুলে ৱায়ানাদৰ সাংসদ হৈ থাকিব বিচাৰে নেকি? এনে পৰিপ্ৰেক্ষিতত অজয়ৰ দাবীক কেন্দ্ৰ কৰি চৰ্চা আৰম্ভ হৈছে।

কেৱল ৰাহুলেই নহয়, উত্তৰ প্ৰদেশৰ ৰাজ্যিক সভাপতিয়েও ৰাহুলৰ ভগ্নী প্ৰিয়ংকাৰ বিষয়ে মুকলিকৈ কৈছে। প্ৰিয়ংকা গান্ধীয়ে যদি বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেন্তে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে জান প্ৰাণ দি তেওঁৰ জয় নিশ্চিত কৰিব।

লগতে পঢ়ক: যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!

উল্লেখ্য যে  প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভদ্ৰাই শেহতীয়াকৈ তেওঁৰ পত্নীৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাকলৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে প্ৰিয়ংকা লোকসভাত থকা উচিত। ইয়াৰ বাবে তেওঁৰ সকলো অৰ্হতা আছে। আশাকৰোঁ কংগ্ৰেছ দলে এই কথা স্বীকাৰ কৰি সেই অনুসৰি পৰিকল্পনা কৰিব।”

এনে জল্পনা-কল্পনাত ইন্ধন যোগাইছে বিগত লোকসভা নিৰ্বাচনত বাৰাণসীত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে যুঁজ দিয়া বৰ্তমানৰ ৰাজ্যিক সভাপতি অজয় ৰাইয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd