• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দেৱেন দত্ত চাৰৰ সৈতে মোৰ সম্পৰ্ক

দুদুলমণি শৰ্মা by দুদুলমণি শৰ্মা
August 19, 2023 12:33 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেৱেন দত্ত চাৰৰ সৈতে মোৰ সম্পৰ্ক অন্বেষাৰ প্ৰায় জন্ম লগ্নৰে পৰা বুলি ক’ব পাৰি। তেখেত আমাৰ কাম-কাজত সম্পূৰ্ণ সক্ৰিয়ভাৱে জড়িত নাছিল যদিও আমি আয়োজন কৰা বিভিন্ন সভা-সমিতি, আলোচনা চক্ৰ আদিত চাৰৰ লগতে তেখেতৰ পত্নী অৰুন্ধতী বাইদেউও প্ৰায়ে উপস্থিত আছিল। মাজে মাজে চাৰৰ ঘৰলৈও আমি গৈছিলোঁ, নানানটা বিষয় আলোচনা কৰিছিলোঁ। এইবোৰৰ বেছিভাগেই আছিল  অসম আৰু অসমীয়া জাতিটোৰ বিষয়ে। অসমে সন্মুখীন হোৱা সমস্যাবোৰৰ প্ৰতি, বিশেষকৈ অসমীয়া ভাষাৰ দুৰৱস্থাৰ প্ৰতি আমাৰ বেছিভাগৰে চৰম উদাসীনতাই তেখেতক বৰ উদ্বিগ্ন কৰি তুলিছিল। চাৰক অসমৰ গ্ৰাহক সুৰক্ষা আন্দোলনৰ বাটকটীয়া বুলি ক’লেও নিশ্চয় বঢ়াই কোৱা নহ’ব। বাছ ভাৰা বৃদ্ধিকে ধৰি বিভিন্ন ৰাজহুৱা আন্দোলনৰ তেখেত আছিল এগৰাকী অগ্ৰণী নেতা।

চাৰৰ সৈতে এবাৰ এটা ৰাজহুৱা কামত মোৰ একেলগে কাম কৰাৰ সৌভাগ্য হৈছিল। সেইটো আছিল অসমৰ মাধ্যমিক শিক্ষাৰ দুৰৱস্থা আৰু তাৰ প্ৰতিকাৰৰ উপায় নিৰ্ধাৰণ। সেয়া আছিল ১৯৯৫ চনৰ কথা। সেই বছৰতে মাধ্যমিক স্তৰৰ পৰীক্ষাসমূহৰ ফলাফলে, বিশেষকৈ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ শোচনীয় ফলাফলে অসমৰ অসমীয়া মাধ্যমৰ শিক্ষাৰ অৱস্থা সম্পৰ্কে ৰাইজৰ মাজত গভীৰ উদ্বেগ আৰু দুৰ্ভাৱনাৰ জন্ম দিছিল। বিষয়টো আলোচনা কৰিবলৈ সেই বছৰৰে জুলাই মাহত আয়োজিত দুখন ৰাজহুৱা সভাত ভালেসংখ্যক বিশিষ্ট নাগৰিক আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰি তেখেতসকলৰ সুচিন্তিত মতামত প্ৰকাশ কৰিছিল।

 সেই সভাতে “অসম মাধ্যমিক শিক্ষা পৰ্য্যালোচনা স্থায়ী সমিতি” নামৰ এখন সমিতি গঠন কৰা হৈছিল। উল্লেখযোগ্য যে এই দুয়োখন সভাত সভাপতিত্ব কৰিছিল ক্ৰমে কীৰ্তিনাথ হাজৰিকা আৰু যোগেশ দাসে। সমিতিয়ে অসমৰ মাধ্যমিক শিক্ষাৰ দুৰৱস্থা আৰু তাৰ প্ৰতিকাৰৰ উপায় নিৰ্ধাৰণৰ উদ্দেশ্যে যথাযথ অনুসন্ধানৰ বাবে প্ৰথম পৰ্যায়ত সমিতিৰ উদ্যোগত “অসম মাধ্যমিক শিক্ষা ৰাজহুৱা তদন্ত সমিতি” নামৰ এখন তদন্ত সমিতি গঠন কৰি দিছিল। এই তদন্ত সমিতিৰ সদস্যসকল আছিল যথাক্ৰমে যোগেশ দাস – সভাপতি, হীৰেন গোহাঁই আৰু দেৱেন দত্ত – যুটীয়া আহ্বায়ক, আৰু সদস্যসকল আছিল ক্ৰমে কুলেন্দু পাঠক, কৃষ্ণ কুমাৰ বৰা, তাৰক চন্দ্ৰ গোস্বামী, বসন্ত ডেকা, ভুৱনেশ্বৰ ভট্টাচাৰ্য্য আৰু সদা মৰল।

Apply Now

সমিতিয়ে বিষয়টোৰ বিভিন্ন দিশ সামৰি ষোল্ল পৃষ্ঠাৰ এখন প্ৰশ্নাৱলী প্ৰস্তুত কৰি সেইখন অসমৰ বিভিন্ন ঠাইৰ শিক্ষাবিদ, বুদ্ধিজীৱী আৰু সচেতন নাগৰিকলৈ প্ৰেৰণ কৰিছিল। সেই প্ৰশ্নাৱলী অসমৰ বহুকেইখন বাতৰি কাকততো প্ৰকাশ পাইছিল। প্ৰশ্নাৱলীত সন্নিবিষ্ট প্ৰশ্ন সমূহৰ মূল বিষয়সমূহ আছিল এনেধৰণৰ: অসমত মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহৰ সামগ্ৰিক পৰিবেশ অবনত হোৱাৰ কাৰণসমূহ কি কি; এই কাৰণসমূহ দূৰ কৰাৰ বাবে আগঢ়োৱা বিভিন্ন পৰামৰ্শসমূহ; পৰীক্ষা, পাঠ্যক্ৰম আৰু পাঠ্যপুথি সম্পৰ্কীয় বিভিন্ন বিষয়সমূহ; পৰীক্ষা আৰু শিক্ষা সম্পৰ্কীয় প্ৰশাসনীয় ব্যৱস্থাৰ গাফিলতিসমূহ।

অসমৰ বিভিন্ন ঠাইৰপৰা মূলতঃ ডাকযোগে প্ৰেৰিত এই প্ৰশ্নাৱলীৰ উত্তৰসমূহ লৈ আমি বিশেষকৈ গোহাঁই চাৰ, দত্ত চাৰ আৰু মই পাণবজাৰৰ লয়াৰ্ছ বুক ষ্টলৰ ভিতৰৰ এডোখৰ ঠাইত কেবাদিনো বহি সেইবোৰ যুগুতাই এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। পৰৱৰ্তী পৰ্য্যায়ত সমিতিৰ তৰফৰপৰা অসমৰ দুটা শৈক্ষিক কৰ্তৃপক্ষ ক্ৰমে, অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ববীয়াৰ সৈতেও মত বিনিময় কৰা হৈছিল। ইয়াৰে এখনত মই নিজেও উপস্থিত আছিলোঁ। এই দুয়োটা কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাৰ সাৰমৰ্মও উক্ত প্ৰতিবেদনখনত সন্নিবিষ্ট কৰা হৈছিল।

এই সমগ্ৰ প্ৰচেষ্টাটোৰ দত্ত চাৰেই আছিল প্ৰধান হোতা। নিৰ্দিষ্ট দিনৰ যথাসময়ত চাৰে মোক ফোন কৰি কামটোৰ বিষয়ে সোঁৱৰাই দিছিল আৰু একেবাৰে সঠিক সময়ত গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হৈছিল। চাৰৰ সময়ানুবৰ্তিতাৰ বিষয়ে আগৰে পৰাই পৰিচিত আছিলোঁ। সেয়ে ময়ো যিমান পাৰোঁ সময়তেই গৈ উপস্থিত হৈছিলোঁ। অৱশ্যে সেই সময়ত মোৰ কৰ্মস্থলীও পাণবজাৰ হোৱাটোও মোৰ সুবিধাই আছিল। সেইকেইদিনত চাৰৰ সৈতে একেলগে কাম কৰোঁতেই দেখা পাইছিলোঁ চাৰৰ একাগ্ৰতা আৰু নিষ্ঠা। প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ আৰু তাৰ লগত সন্নিবিষ্ট বিভিন্ন আসোঁৱাহ বা প্ৰতিকাৰসমূহ চালেই গম পোৱা গৈছিল কিমান আন্তৰিকতাৰে আৰু নিষ্ঠাৰে তেওঁলোকে বিষয়টোৰ গভীৰলৈ গৈ অসমৰ মাধ্যমিক শিক্ষাৰ দুৰৱস্থাৰ লগত জড়িত সমস্যাবোৰৰ বিশ্লেষণ আৰু সমাধানৰ বাবে চিন্তা কৰিছিল।

আৰু এটা কথা মই মন কৰিছিলোঁ। চাৰক মানুহে বৰ সমীহ কৰিছিল। বহুতে তেওঁ এজন বৰ খঙাল মানুহ বুলি ভাবিছিল। কিন্তু যিয়ে তেওঁক ওচৰৰ পৰা পাইছে, তেওঁহে জানিছিল চাৰ কিমান সৰল, নিভাঁজ আৰু মৰমিয়াল আছিল। অঁ, এটা কথা ঠিক, কাৰোবাক যদি তেওঁ কিবা কথাত বেয়া পাইছে, লগে লগে তাক প্ৰকাশ কৰিছিল। আৰু এই বেয়া পোৱাটো কেতিয়াও ব্যক্তিগত নাছিল।

ওৰেটো জীৱন তেওঁ ভাষাটোৰ কাৰণেই যুঁজি গ’ল। অসমীয়া ভাষা শুদ্ধকৈ কোৱা আৰু লিখাটো আছিল তেওঁৰ জীৱনৰ ব্ৰত আৰু আনকো তেওঁ তেওঁৰ বিভিন্ন লেখা-মেলাৰ মাজেৰে সেইটোকেই শিকাবলৈ যত্ন কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা, নিজৰ চকুৰ আগতে ভাষাটোৰ লগতে জাতিটোৰ অধঃপতন ক্ৰমাৎ বাঢ়িহে গৈছিল। হয়তো শেষবয়সত তেওঁৰ মনত সৃষ্টি হোৱা একধৰণৰ নিঃসংগতাবোধৰ সিও এটা কাৰণ আছিল।

দুদুলমণি শৰ্মা

দুদুলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd