নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত বিশেষ ৰে’লসেৱা উভয় দিশত আৰু তিনিমাহৰ বাবে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই সম্প্ৰসাৰণে উজনি অসমৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ হৈ নামনি অসমলৈ কৰ্ম আৰু চিকিৎসাজনিত জৰুৰীকালীন পৰিস্থিতিত সঘনাই ভ্ৰমণ কৰা যাত্ৰীসকলক উপকৃত কৰিব।
সেই অনুসৰি, ৰে’ল নং ০৫৯২২ (নিউতিনিচুকীয়া – ধুবুৰী) বিশেষ ৰে’লখন ২০ আগষ্টৰ পৰা ১৯নৱেম্বৰ, ২০২৩ লৈ নিউ তিনিচুকীয়াৰ পৰা প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে ১৪.৩০ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০৪.৩০ বজাত ধুবুৰীত গৈ উপস্থিত হ’ব।
লগতে পঢ়ক: চন্দ্ৰৰ কক্ষপথ পৰিক্ৰমা সম্পূৰ্ণ; এইবাৰ চন্দ্ৰপৃষ্ঠত মসৃন অৱতৰণৰ পথত চন্দ্ৰযান-৩
উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৯২১ (ধুবুৰী – নিউতিনিচুকীয়া) বিশেষ ৰে’লখন ২১ আগষ্টৰ পৰা ২০ নৱেম্বৰ, ২০২৩ লৈ ধুবুৰীৰ পৰা প্ৰতি বুধবাৰ, শুক্ৰবাৰ আৰু সোমবাৰে ০৫.০০বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই ২২.০০ বজাত নিউ তিনিচুকীয়াত গৈ উপস্থিত হব।
উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন ধেমাজি, বিশ্বনাথ চাৰিআলি, ওদালগুৰি, ৰঙিয়া জংচন, নলবাৰী, টিহু, পাঠশালা, নিউবঙাইগাঁও, সাপটগ্ৰাম আৰু গৌৰীপুৰ ষ্টেচন হৈ চলিব। ১৫টা ডবাৰে গঠিত ৰে’লখনত যাত্ৰীসকলৰ বাবে এচি৩-টায়াৰ, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।
লগতে পঢ়ক: পথৰ পৰা খাৱৈত বাগৰি পৰিল সেনাবাহিনীৰ গাড়ী; লাডাখত ভয়ংকৰ দুৰ্ঘটনাত ৯ জন জোৱানৰ মৃত্যু
এই ৰে’লখনৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন বাতৰিকাকত আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।