অসমৰ কোকৰাঝাৰ জিলাত চলি আছে ঐতিহাসিক ফুটবলৰ ডুৰাণ্ড কাপ। কিন্ত এই খেল চলি থকাৰ মাজতে শুকুৰবাৰে ষ্টেডিয়ামত সংঘটিত হয় এক অনাহূত পৰিস্থিতিৰ।
কোকৰাঝাৰৰ এছ এ আই ষ্টেডিয়ামত বডোলেণ্ড এফ চি আৰু ইণ্ডিয়ান আৰ্মীৰ মাজত চলি থকা ১৩২ সংখ্যক ডুৰাণ্ড কাপৰ খেলখনৰ সময়ত কুৎসিত ৰূপ ল’লে পৰিস্থিতিয়ে।
খবৰ অনুসৰি স্থানীয় দল বডোলেণ্ড ফুটবল ক্লাৱে ইণ্ডিয়ান আৰ্মীৰ হাতত ২-১ গ’লত পৰাস্ত হোৱাৰ পিছতে ষ্টেডিয়ামত হুলস্থুলৰ সৃষ্টি হয়।
প্ৰাৰম্ভিক বাতৰি অনুসৰি হাফটাইমৰ ঠিক আগতে ভাৰতীয় সেনাৰ দলটোৱে গ’ল নিদিয়ালৈকে শান্ত আছিল পৰিস্থিতি।
কিন্তু গ’ল দিয়াৰ পিছৰ পৰাই বডোলেণ্ড এফ চিৰ সমৰ্থকে খেলপথাৰৰ ফালে পানীৰ বটল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উঠিছে।
বডোলেণ্ড এফ চিৰ খেলুৱৈসকলৰ প্ৰদৰ্শনত তেওঁলোকৰ অসন্তুষ্টিৰ বাবেই খেলপথাৰলৈ পানীৰ বটল আৰু প্লাষ্টিকৰ চকী দলিয়াই বুলি সূত্ৰই জানিবলৈ দিছে।
উল্লেখ্য যে ঘণ্টাৰ পিছত ঘণ্টা ধৰি হোৱা এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে জিলা আৰক্ষী প্ৰশাসনে।
মন কৰিবলগীয়া যে কোকৰাঝাৰ জিলাত প্রথমবাৰৰ বাবে এই উল্লেখযোগ্য ফুটবল অনুষ্ঠান আয়োজন কৰা ভাৰতীয় সেনাই এই ঘটনা সন্দর্ভত কোনো আনুষ্ঠানিক মন্তব্য প্রকাশ কৰা নাই৷





