• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰায়ণ বৰালৰ হত্যাকাৰীক ধৰাত আৰক্ষী ব্যৰ্থ: খবৰ ল’বলৈ যোৱা আবকাৰী বিষয়াৰ দলক আক্ৰমণ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 7, 2018 7:46 pm
public damaging in Saralpara2

৭ মে'ত পৰিয়ালটোক সমবেদনা জনাবলৈ যোৱা বিষয়াসকলৰ গাড়ীখনত স্থানীয় লোকৰ আক্ৰমণ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ উপ পৰিদৰ্শক নাৰায়ণ বৰালৰ হত্যাকাণ্ডই পাঁচ দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে কোকৰাঝাৰ আৰক্ষী । ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা বনাঞ্চলত অচিনাক্ত  দুৰ্বৃত্তৰ হাতত যোৱা ২ মে’ৰ দিনাখন অকাল মৃত্যুক সাৱটি লোৱা নাৰায়ণ বৰাল হত্যাকাণ্ডৰ চাঞ্চল্য অদ্যপি অব্যাহত থকাৰ সময়তে আজি মৃতকৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ উপস্থিত হোৱা আবকাৰী বিষয়াৰ দলটোৰ ওপৰত স্থানীয় ৰাইজে আক্ৰমণ সংঘটিত কৰে । এনেকি স্থানীয় ৰাইজে আবকাৰী বিষয়াৰ দলটোক কঢ়িয়াই নিয়া এ এছ ২৬ এ ৯২৩৪ নম্বৰৰ টাটা ছুম বাহনখন ভাঙি চুৰ্ণ বিচুৰ্ণ কৰে । অৱশ্যে উত্তেজিত ৰাইজৰ পৰা কোনোমতে আবকাৰী বিষয়া কৰ্মচাৰীৰ দলটো প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ।

ঘটনাৰ খবৰ লাভ কৰি  কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক  টাবুৰাম পেগুৰ নেতৃত্বত আৰক্ষীৰ বিশাল দল এটা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উত্তজিত ৰাইজ আৰু একাংশ দল সংগঠনৰ নেতাই আৰক্ষী বাহিনীলৈও সন্দেহৰ আঙুলি টোৱাই বিশমুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি নাথক নিলম্বন আৰু তদন্তৰ আঁওতালৈ অনা, ঘটনাটোৰ চিবিআই তদন্ত কৰাৰো দাবী উত্থাপন কৰিছে । এসপ্তাহৰ ভিতৰত দাবীসমুহ পুৰণ নহলে  আৰক্ষী থানা ঘেৰাও আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ দৰে জংগী আন্দোলন কৰিবলৈ বাধ্য হব বুলিও হুংকাৰ দিছে মৃতকৰ ঘৰত আজি উপস্থিত হোৱা সদৌ গোৰ্খা ছাত্ৰ সন্থাকে ধৰি কেবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে।

Apply Now

ইপিনে মৃতকৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা আৰু ঘটনাৰ বুজ লবলৈ উপস্থিত হোৱা বডোলেণ্ড ছাত্ৰ সন্থা(বি এছ ইউ)ৰ সভাপতি ছৌগৌমছাৰ বসুমতাৰী, সদৌ অসম গোৰ্খা ছাত্র সন্থা( আগছু)ৰ সভাপতি প্ৰেম টামাং, বীৰছা কামাণ্ডো ফৰ্চ(বি চি এফ)ৰ সভাপতি দুৰ্গা হাসদা, আদিবাসী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডা, আদিবাসী ছাত্র সন্থাৰ সভাপতি প্ৰদীপ নাগে সংবাদ মাধ্যমৰ আগত  অসম চৰকাৰৰ আবকাৰী বিভাগৰ এগৰাকী উপ পৰিদৰ্শকৰ দৰে বিষয়াক ৰাজ্যিক মৰ্যাদা দিয়া নাই বুলি গুৰুতৰ অভিযোগ কৰি  সম দৃষ্টিভংগীৰে মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান, ঘটনাৰে জড়িত দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰা আৰু মৃতকৰ সহধৰ্মিনীক চৰকাৰী চাকৰিত নিয়োগৰ দাবী উত্থাপন কৰিছে ।

উল্লেখ্য যে যোৱা ২ মে’ৰ দিনাখন এন আৰ চি দায়িত্ব সামৰি ঘৰলৈ ৰাওনা হোৱাৰ সময়তে কোকৰাঝাৰ সদৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ সৰলপাৰা বনাঞ্চলত আবকাৰী উপ পৰিদৰ্শক নাৰায়ণ বৰালক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰি জংঘলত পেলাই দিছিল।অতি অমায়িক আৰু নিৰ্জু স্বভাৱৰ বিষয়াগৰাকীক কোনে কি কাৰণত হত্যা কৰিলে সেয়া অদ্যপি স্পষ্ট নহয় আৰু আৰক্ষীয়েও ঘটনাৰে জড়িত দুৰ্ষ্কৃতিকাৰীক অদ্যপি কৰায়ত্ব কৰিব নোৱাৰাত ভাৰত-ভূটান সীমান্তবৰ্তী সৰলপাৰাৰ ৰাইজৰ মাজত অসন্তুষ্টিয়ে গা কৰি উঠিছে।

প্ৰণিধানযোগ্য যে কিছু বছৰ পূৰ্বে নাৰায়ণ বৰালৰ পিতৃও দুৰ্ষ্কৃতিকাৰীৰ হাতত অকালতে প্ৰাণ হেৰুৱাইছিল ।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd