পুনৰ এগৰাকী বিজেপি মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য। এইবাৰ মহাৰাষ্ট্ৰৰ বিজেপি মন্ত্ৰী বিজয়কুমাৰ গাভিটে মাছক লৈ বিতৰ্কৰ সৃষ্টি কৰিলে। সকলোকে প্ৰতিদিনে মাছ খাবলৈ পৰামৰ্শ দি তেওঁ মন্তব্য কৰে যে, “প্ৰতিদিনে মাছ খাওক, অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ দৰে আপোনাৰ ছাল আৰু চকু ধুনীয়া হ’ব।” মহাৰাষ্ট্ৰৰ জনজাতি বিভাগৰ মন্ত্ৰীগৰাকীৰ মন্তব্য সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ জনজাতি বিভাগৰ মন্ত্ৰী বিজয়কুমাৰ গাভিট ৰাজ্যখনৰ নন্দুৰবাৰ জিলাত এখন ৰাজহুৱা সভালৈ গৈছিল। তাত ভাষণ দিওঁতে তেওঁ মাছ খোৱাক লৈ এই বিতৰ্কিত মন্তব্য কৰে। তাৰপিছতে তেওঁৰ মন্তব্য ভাইৰেল হ’বলৈ সময় নালাগিল।
লগতে পঢ়ক: কম বয়সীয়া মহিলাৰ মাজত বেছি স্তন কেন্সাৰৰ প্ৰৱণতা; এইমছৰ অধ্যয়নত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য
মন্ত্ৰীগৰাকীয়ে ঠিক কি ক’লে? ভাইৰেল ভিডিঅ’ত বিজেপিৰ মন্ত্ৰী বিজয়কুমাৰ গাভিটে সকলোকে মাছ খাবলৈ পৰামৰ্শ দি কয়, ‘যিসকলে দৈনিক মাছ খায় তেওঁলোকৰ ছাল মসৃণ আৰু চকু উজ্জ্বল। কোনোবাই যেতিয়া তোমাৰ ফালে চাব, তেতিয়া তেওঁলোক আকৰ্ষিত হ’ব।”
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে ঐশ্বৰ্য ৰায়ৰ বিষয়ে উল্লেখ কৰি ক’লে, “ঐশ্বৰ্য ৰায় সাগৰৰ ওচৰৰ মেংগলুৰুত বাস কৰিছিল। প্ৰতিদিনে মাছ খাইছিল। তেওঁৰ চকু দুটা দেখিছানে? আপোনাৰো তেওঁৰ দৰেই চকু হ’ব।”
মাছ খালে চকু আৰু ছাল ধুনীয়া হ’ব বুলি কোৱাতেই থমকি ৰোৱা নাই বিজেপি মন্ত্ৰীগৰাকীয়ে। কিয় ধুনীয়া হ’ব সেই কথাও বুজাই দিলে। ৬৮ বছৰীয়া গাভিটে কয়, “মাছত কিছুমান তেল থাকে। ই আপোনাৰ ছালখন মসৃণ কৰি তুলিব।”
লগতে পঢ়ক: হাস্পাতালত ৭ টা নৱজাতকক হত্যা কৰা নাৰ্ছক যাৱজ্জীৱন কাৰাদণ্ড; কিয় তেওঁ এনে কাণ্ড কৰিছিল?
অৱশ্যে বিজয় কুমাৰ গাভিটে এনে মন্তব্য কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। মহাৰাষ্ট্ৰৰ এনচিপিৰ বিধায়ক আমোল মিতকাৰীয়ে কয় যে মন্ত্ৰীগৰাকীয়ে এনে ‘তুচ্ছ’ মন্তব্য কৰাৰ পৰিৱৰ্তে আদিবাসীসকলৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিব লাগে। আকৌ বিজেপিৰ বিধায়ক নিতেশ ৰাণে কটুক্তিৰে কয়, ‘মই প্ৰতিদিনে মাছ খাওঁ। মোৰ চকু দুটা ঐশ্বৰ্য ৰায়ৰ দৰে হোৱা উচিত। এই সন্দৰ্ভত কিবা গৱেষণা হৈছে নেকি মই গাভিট ডাঙৰীয়াক সুধিম।”
म्हणून ऐश्वर्या रॉयचे Aishwarya Rai डोळे आणि त्वचा सुंदर आहे – आदिवासी विकास मंत्री VijayKumar Gavit#vijaykumargavit #aishwaryaraibachchan #aishwaryarai #adiwasi #maxmaharashtra@AishwaryaWeb @DrVijayKGavit pic.twitter.com/2kFhmgSRBk
— Max Maharashtra (@MaxMaharashtra) August 21, 2023
আনহাতে, মহাৰাষ্ট্ৰ মহিলা আয়োগে মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক মহিলাৰ প্ৰতি অসন্মানজনক বুলি অভিহিত কৰে। মহাৰাষ্ট্ৰ মহিলা আয়োগৰ মুৰব্বী ৰূপালী কাক্কাৰে কয় যে কোনো ধৰণৰ মন্তব্য কৰাৰ পূৰ্বে জনপ্ৰতিনিধিসকলে সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে সাৱধান হ’ব লাগে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মন্তব্য সন্দৰ্ভত মহাৰাষ্ট্ৰ মহিলা আয়োগে মন্ত্ৰী গাভিটৰ পৰাও এক প্ৰতিবেদন বিচাৰিছে।