• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বন্ধ হ’ল ধূলিৰ ধুমুহা, চন্দ্ৰৰ বুকুত নামি খোজ কাঢ়িছে ৰ’ভাৰ প্ৰজ্ঞানে, এতিয়া কি কাম?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2023 10:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰ আৰু লুকাই নাথাকিল। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ অৱতৰণ কৰি ভাৰতে ইতিহাস ৰচনা কৰিলে। চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে বুধবাৰে সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰত মসৃন অৱতৰণ কৰে। কিন্তু এইবাৰ? চন্দ্ৰযানৰ কাম ইয়াতেই শেষ নহয়। পৰৱৰ্তী পদক্ষেপত কি কৰিব চন্দ্ৰযানে, জনাইছে ইছৰোৱে। লেণ্ডাৰ বিক্ৰমৰ নিৰাপদ অৱতৰণৰ পিছত ওলাই আহিল ৰ’ভাৰ প্ৰজ্ঞান। লেণ্ডাৰখন য’ত থিয় হৈ আছে তাৰ পৰা নমুনা সংগ্ৰহ কৰিব ৰ’ভাৰে।

প্ৰথম অৱস্থাত পৰিকল্পনা আছিল যে চন্দ্ৰত অৱতৰণ কৰাৰ আধা ঘণ্টাৰ ভিতৰতে লেণ্ডাৰ বিক্ৰমৰ বুকুৰ পৰা ওলাই আহিব ৰ’ভাৰ প্ৰজ্ঞান। ইয়াৰ পিছত ই লেণ্ডাৰৰ চাৰিওফালে মাটিৰ নমুনা সংগ্ৰহ কৰিব।

অৱশ্যে ইছৰোৰ মতে, ৰ’ভাৰখন ওলাই আহিবলৈ কিছু সময় লাগিছে। ধূলিৰ ধুমুহাৰ বাবেই এনে হৈছিল। লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়ত ওপৰলৈ উৰি যোৱা ধূলি বন্ধ হ’বলৈ কিছু সময় লাগিছিল।

লগতে পঢ়ক: মিজোৰামত নিৰ্মাণৰত ৰে’ল দলং ভাঙি মৃত্যু হোৱা লোকৰ ২৪ জনেই পশ্চিমবংগৰ মালদাৰ শ্ৰমিক

চন্দ্ৰত কিয় ইমান ধূলি সেয়াও বিজ্ঞানীসকলেও জনাইছে। তেওঁলোকৰ মতে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি থাকিলেও ই পৃথিৱীৰ এক চতুৰ্থাংশহে, গতিকে ধূলিৰ কণাবোৰ পুনৰ মাটিত পৰি মিহলি হ’বলৈ তুলনামূলকভাৱে বহু সময় লাগে।

বিজ্ঞানীসকলে ভাবিছিল যে ধূলিৰ ধুমুহা কমি যোৱাৰ আগতেই যদি ৰ’ভাৰ প্ৰজ্ঞান ওলাই যায় তেন্তে ই ৰ’ভাৰৰ কেমেৰা আৰু অন্যান্য উপাদানৰ ক্ষতি কৰিব পাৰে, যিবোৰ অত্যন্ত সংবেদনশীল।

ইছৰোৰ মুৰব্বী এছ সোমনাথে ইয়াৰ পূৰ্বে কৈছিল যে ৰ’ভাৰ প্ৰজ্ঞানে লেণ্ডাৰ এৰিবলৈ কেইঘণ্টামানৰ পৰা এদিন সময় ল’ব পাৰে। কিন্তু ৰ’ভাৰখন ওলাই আহিবলৈ কম সময় লাগিল।

লগতে পঢ়ক: ৰাছিয়াত বিমান দুৰ্ঘটনাত নিহত পুটিনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ‘ৱেগনাৰ’ৰ মুৰব্বী প্ৰিগ’জিন

চন্দ্ৰযান-৩ অৱতৰণৰ পিছত ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছিল, “কিছু ঘণ্টাৰ পিছত ৰ’ভাৰখন ওলাই আহিব। কেতিয়াবা এদিন সময় লাগিব পাৰে…যেতিয়া ৰ’ভাৰখন ওলাই আহিব তেতিয়া ই মূলতঃ দুটা জৰীপ কৰিব। ৰ’ভাৰ প্ৰজ্ঞানে মুঠ ১৪ দিন গৱেষণা কৰিব।”

Chandrayaan-3 Mission:

Chandrayaan-3 ROVER:
Made in India 🇮🇳
Made for the MOON🌖!

The Ch-3 Rover ramped down from the Lander and
India took a walk on the moon !

More updates soon.#Chandrayaan_3#Ch3

— ISRO (@isro) August 24, 2023

ইছৰোৰ মতে, প্ৰজ্ঞান ৰ’ভাৰে প্ৰথমে সৌৰ জগত বিশ্লেষণ কৰিব। এতিয়াৰ বাবে ৰ’ভাৰখন কেবলৰ জৰিয়তে লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ হৈ থাকিব। পিছত যেতিয়া ৰ’ভাৰখন চন্দ্ৰৰ মাটিত স্থিৰ হ’ব, তেতিয়া সেই সংযোগ বিচ্ছিন্ন হ’ব। তেতিয়াহে আচল গৱেষণা আৰম্ভ হ’ব।

লগতে পঢ়ক: দবা বিশ্বকাপৰ ফাইনেলৰ দ্বিতীয় ৰাউণ্ডো ড্ৰ’; টাইব্ৰেকাৰলৈ বিশ্বৰ ১ নম্বৰ কাৰ্লচেনৰ বিৰুদ্ধে ভাৰতীয় প্ৰজ্ঞানন্দৰ যুঁজ

চন্দ্ৰৰ এটা দিনৰ সমান ১৪ দিনৰ ভিতৰত ই চন্দ্ৰৰ মাটি আৰু উষ্ণতাৰ বিষয়ে অধ্যয়ন কৰিব। চন্দ্ৰৰ মাটিত প্ৰকৃততে পানী আছে নে নাই সেই বিষয়েও অনুসন্ধান কৰিব এই ৰ’ভাৰে। চন্দ্ৰত নিশা হোৱাৰ লগে লগে সৌৰশক্তিচালিত ৰ’ভাৰ প্ৰজ্ঞানো বন্ধ হৈ যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd