সকলো মানুহেই কম বেছি পৰিমাণে সপোন দেখে। মানসিক অৱস্থা, অভজ্ঞতা বা পৰিৱেশ অনুযায়ী বিভিন্ন সময়ত বিভিন্ন সপোন দেখা যায়। কিছুমান সপোন খুবেই মধুৰ হয়। কিন্তু কেতিয়াবা এনে কিছুমান সপোন দেখা যায় যিবোৰ সপোন অতি ভয়ানক হয়।
এনে সপোনে আমাৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। গতিকে এনে সপোন দেখিলে তলত দিয়া নিয়ম কেইটা মানি চলিবলৈ চেষ্টা কৰক। ই আপোনাৰ সপোনৰ ভয়ানক অভিজ্ঞতাৰ পৰা আপোনাক মুক্ত কৰাত সহায় কৰিব:
১/ গভীৰ উশাহ লওক : সপোনৰ পৰা সাৰ পোৱাৰ লগে লগে লাহে লাহে আৰু গভীৰ উশাহ লওক। ইয়াৰ ফলত আপোনাৰ স্নায়ুতন্ত্ৰ শান্ত হোৱাৰ লগতে মনৰ উদ্বেগ হ্ৰাস পাব।
২/ বাস্তৱলৈ ঘূৰি আহক : নিজকে সোঁৱৰাই দিয়ক যে সেয়া কেৱল সপোন আছিল। নিজৰ চৌপাশ নিৰীক্ষণ কৰি নিজকে আশ্বস্ত কৰি বৰ্তমানৰ মুহূৰ্তত মনোনিৱেশ কৰক।
৩/ লিখি ৰাখক সপোনৰ কাহিনী: আপুনি যদি সপোনৰ অধ্যয়ন কৰিব খোজে বা সপোনৰ কাৰণ জানিব খোজে তেন্তে আপুনি দেখা সপোনটো লিখি পেলাৱক। ই অপোনাৰ মনটো মুকলি কৰি ৰখাত সহায় কৰিব।
৪/ পেশীসমূহ শিথিল কৰি তোলাৰ চেষ্টা কৰক: পেশীৰ শিথিলতাই উদ্বেগ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু শান্তিৰ অনুভূতি বৃদ্ধি কৰিব পাৰে। গতিকে পেশীসমূহ শিথিল কৰিবলৈ চেষ্টা কৰক।
৫/ ইতিবাচক পৰিস্থিতিৰ কল্পনা কৰক : এটা বেয়া সপোন দেখাৰ পিছত এটা ইতিবাচক আৰু আৰামদায়ক পৰিস্থিতিৰ কল্পনা কৰক। ইয়াৰ দ্বাৰা সপোনৰ পৰা অহা নেতিবাচক আৱেগ আৰু প্ৰতিচ্ছবি প্ৰতিহত কৰিব পাৰি।
৭/ মন শান্ত কৰা কাৰ্যত জড়িত হওক : এনেকুৱা কাম কৰক যিয়ে আপোনাক শান্ত কৰে, সেয়া কিতাপ পঢ়াই হওক বা সংগীত শুনাই হওক বা গা ধোৱাই হওক। আপুনি ভাল পোৱা কামবোৰত ব্যস্ত হ’লে আপোনাৰ মনোযোগ বেয়া সপোনৰ পৰা আঁতৰি যাব পাৰে।
মনত ৰাখিব যে মাজে মাজে বেয়া সপোন দেখাটো স্বাভাৱিক, কিন্তু যদিহে ই দুখৰ কাৰণ হৈ পৰিছে বা আপোনাৰ টোপনিৰ মানদণ্ডত প্ৰভাৱ পেলাইছে, তেন্তে চিকিৎসকৰ সহায় লওক।