ভাৰতত এজন বাংলাদেশী যুৱকক মাজ আকাশতে বিমানসেৱিকাৰ সৈতে অশ্লীল আচৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
বাতৰি অনুসৰি, যুৱকজনৰ নাম মহম্মদ দুলাল। তেওঁ ওমানৰ ৰাজধানী মাস্কাটৰ পৰা ইণ্ডিয়ান ‘ভিষ্টাৰা এয়াৰলাইন্স’ৰ এখন বিমানেৰে মুম্বাই হৈ ঢাকালৈ উভতি আহিছিল। বৃহস্পতিবাৰে পুৱা বিমানখন মুম্বাইত অৱতৰণ কৰাৰ সময়তে যুৱকজনক গ্ৰেপ্তাৰ কৰে।
বিমানবন্দৰৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া মাস্কাটৰ পৰা মুম্বাইলৈ উৰা মাৰিছিল ভিষ্টাৰ এয়াৰলাইন্সৰ বিমানখন। বিমানখন মুম্বাইত অৱতৰণ কৰাৰ আধা ঘণ্টা পূৰ্বে বাংলাদেশী যুৱকজনে এগৰাকী বিমান পৰিচাৰিকাৰ প্ৰতি অশ্লীল ইংগিত দিয়ে।
লগতে পঢ়ক: মানুহৰ হৃদয়ত যাযাবৰী শিল্পীৰ ঠিকনা! সুধাকণ্ঠৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি
কেৱল সেয়াই নহয়, তেওঁ নিজৰ আসনৰ পৰা থিয় হৈ বিমানসেৱিকাক সাৱটি ধৰিলে আৰু আনকি চুমা খাবলৈও চেষ্টা কৰিলে। যেতিয়া আন কেবিন ক্ৰু আৰু যাত্ৰীসকলে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ অধিক আক্ৰমণাত্মক আচৰণ কৰিছিল।
পিছত বিমানখন অৱতৰণ কৰাৰ লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই দুলালক আটক কৰি স্থানীয় আৰক্ষীক গতাই দিয়ে।
আৰক্ষীৰ মতে, দুলালে মুম্বাইৰ পৰা আন এখন বিমানেৰে ঢাকালৈ উৰা মাৰিব লগা আছিল। গ্ৰেপ্তাৰৰ পিছত বৃহস্পতিবাৰে স্থানীয় আন্ধেৰী আদালতত তেওঁক হাজিৰ কৰোৱা হয়।
লগতে পঢ়ক: কাৰখানা স্থাপনৰ আৰ্জিৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কাষ চাপিল মহিলা; কৰিলে চন্দ্ৰলৈ প্ৰেৰণৰ উপহাস !
ইপিনে, দুলালৰ অধিবক্তাই আদালতত দাবী কৰে যে তেওঁৰ ক্লায়েণ্ট মানসিকভাৱে অসুস্থ। ইংৰাজী আৰু হিন্দী ভালদৰে বুজি নাপায়। তেওঁ আৰু দাবী কৰে যে ভাষাৰ সঠিক বুজাবুজিৰ অভাৱ আৰু মানসিক ৰোগৰ সুবিধা লোৱাৰ বাবে তেওঁৰ ক্লায়েণ্টৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা হৈছে। তেওঁক ফচোৱা হৈছে। অৱশ্যে দুলালৰ অধিবক্তাৰ এই যুক্তি নৰজিল। শুকুৰবাৰলৈ দুলালক আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে আদালতে।