• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন কৰ্মসংস্থাপন সৃষ্টি, স্বচ্ছ নিযুক্তি আৰু কৰ্মনিৰাপত্তা বিচাৰি ৰাজ্যজোৰা ‘যুৱ জাগৰণ যাত্ৰা’ কাৰ্যসূচী ডি ৱাই এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2023 6:04 pm
Apex Bank scam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন কৰ্মসংস্থাপন সৃষ্টি, স্বচ্ছ নিযুক্তি আৰু কৰ্মনিৰাপত্তাৰ দাবীৰে ৰাজ্যজুৰি যুৱ জাগৰণ যাত্ৰা কাৰ্যসূচী হাতত লৈছে ডি ৱাই এফ আই- এ। এই প্ৰসংগত সংগঠনটোৱে ১৫ দফীয়া এক দাবী চনদ প্ৰকাশ কৰিছে।

যুৱ জাগৰণ যাত্ৰাৰ অংশ হিচাপে অহা ১৫ ছেপ্টেম্বৰত গুৱাহাটীৰ চচলত এক যুৱ সমাৱেশ আয়োজন কৰা হৈছে। এই সমগ্ৰ কাৰ্যসূচী সন্দৰ্ভত ডি ৱাই এফ আই- এ এক বিবৃতি প্ৰকাশ কৰিছে।

ডি ৱাই এফ আইৰ এই বিবৃতিটো তলত দাঙি ধৰা হ’ল:

প্ৰচুৰ সম্ভাৱনা আৰু অফুৰন্ত শক্তিৰ সমাহাৰ আজিৰ যুৱ সমাজৰ কিছু বেদনা আৰু ক্ষোভক তুলি ধৰিব বিছাৰিছো৷ যি যুৱ সমাজে দেশৰ ৰূপ সলাই দিব পাৰে, সেই যুৱ সমাজ আজি আশাহত৷ মানৱ সম্পদ ৰূপে স্বীকৃত আজিৰ যুৱ সমাজ কাৰ দোষত ইমান অৱহেলিত আৰু বঞ্চিত সেয়া বেছি ভাগৰে অজানা নহয়৷ গাঁৱে-নগৰে প্ৰতি পৰিয়ালতে আজি বঞ্চিত আৰু আশাহত যুৱকৰ সমাহাৰ৷ কৰ্মসংস্থাপন আজি যেন সুদূৰপৰাহত৷ সমাজক আবৰি ধৰা উশৃংখলতা এই সংস্থাপনহীনতাৰে অন্যতম কাৰণ৷ অথচ এই কথা চৰকাৰে উপেক্ষা কৰি ৰাজ্যখনৰ সংস্থাপনৰ পথ মুকলি কৰাৰ পৰিৱৰ্তে বন্ধ কৰাতহে উদ্যোগ লৈছে৷

এনে সন্ধিক্ষণত আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে যুৱ সমাজৰ মনৰ বেদনা চৰকাৰৰ ওচৰত তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ৷ নতুন কৰ্মসংস্থাপন সৃষ্টি, স্বচ্ছ নিযুক্তি আৰু কৰ্মনিৰাপত্তাৰ শ্লোগানেৰে আৰু ‘যুৱ জাগৰণ যাত্ৰা- নামেৰে সমগ্ৰ ৰাজ্যতে যুৱ সমাজৰ কৰ্মসংস্থাপনৰ সমস্যা আৰু ইয়াৰ সমাধানৰ বিকল্প পথ দাঙি ধৰি এক জনমত গঠন কৰি চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিব বিচাৰিছোঁ৷

আমি চৰকাৰৰ ওচৰত সমগ্ৰ খালী পদসমূহ পূৰণ কৰাৰ লগতে নতুন পদ আৰু সংস্থাপনৰ ক্ষেত্ৰ মুকলি কৰিবলৈ দাবী জনাইছোঁ৷ লগতে ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিকসকলৰ কামৰ নিৰাপত্তা, ন্যূনতম দৰমহা মাহে ২১ হাজাৰ টকা আৰু অন্যান্য সুবিধা দিয়াৰ দাবী জনাইছোঁ৷ টে’ট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষককে ধৰি সকলোঁ ঠিকা শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰাৰ দাবী কৰিছোঁ৷ ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণৰ লগতে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিবলৈ দাবী কৰিছোঁ৷ ৰাজহুৱা উদ্যোগ প্ৰতিস্থানসমূহ পুনৰ কাৰ্যক্ষম কৰা, নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী ইয়াৰ মাজেৰে উত্থাপন কৰিছোঁ৷

আচৰিত কথা যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ অকল ৰে’ল বিভাগতে ৩,১২,০০০ পদ খালী হৈ আছে৷ ইয়াৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱেত (NF Railway) ১৫ হাজাৰ পদ খালী হৈ আছে৷ ডাক-তাঁৰ, বেংক-বীমা মিলাই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত অৰ্ধ লক্ষাধিক পদ খালী হৈ আছে৷ ৰাজ্য চৰকাৰৰ অধীনতে লক্ষাধিক পদ খালী হৈ আছে৷ কিন্তু দুখৰ বিষয় যে ৰাজ্য চৰকাৰে অলাগতিয়াল পদ বুলি কৈ ৫০% অৰ্থাৎ প্ৰায় দুই লক্ষাধিক পদ চিৰদিনৰ বাবে বিলুপ্ত কৰিবলৈ ওলাইছে৷ অকল শিক্ষা বিভাগতেই ৮ হাজাৰ পদ ইতিমধ্যে বিলুপ্ত কৰিছে৷

সেয়ে আজিৰ পৰিস্থিতত অকল কৰ্মসংস্থানৰ সমস্যা আৰু ইয়াৰ সমাধানক লৈ ১৫ টা দাবী উত্থাপন কৰিছোঁ আৰু সমাধান বিচাৰিছোঁ৷

দাবী চনদ

১) পদ বিলুপ্তি বন্ধ কৰক৷ নতুন পদ সৃষ্টি কৰক৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো খালি পদ পূৰণ কৰক৷

২) নিকা নিযুক্তি নিশ্চিত কৰিবলৈ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ নম্বৰসহ তালিকা আৰু কাট অফ সময়মতে ঘোষণা কৰক৷

৩) অ’ভাৰলেপিং সমস্যাৰ অন্ত পেলাবলৈ অগ্ৰাধিকাৰ ভিত্তিত পদ নিৰ্বাচন কৰাৰ সুবিধা প্ৰদান কৰক৷

৪) ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰক, ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰক আৰু টিউটৰ সকলক শিক্ষকৰ মৰ্যদা দিয়ক৷

৫) APSC কেলেংকাৰীৰ সম্পৰ্কত বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন ৰাজহুৱা আৰু কাৰ্যকৰী কৰাৰ লগতে এই প্ৰতিবেদনে দোষী সাব্যস্ত কৰা ঠগ প্ৰৱঞ্চনাৰে বাচনিভূক্ত বিষয়াক গ্ৰেপ্তাৰ কৰক৷

৬) আধাৰৰ ভিত্তিত অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম অনলাইন পঞ্জীয়নত স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দাখিল কৰাৰ লগতে ইয়াক সঠিক পৰীক্ষণ নিশ্চিত কৰক৷ পূৰ্বে হৈ যোৱা পঞ্জীয়নসমূহৰো পুনৰীক্ষণ কৰক৷

৭) অসম চৰকাৰৰ নিয়োগ প’ৰ্টেল (Job.assam.gov.in)ত সকলো ব্যক্তিগতখণ্ডৰ চাকৰিৰ বিঞ্জাপন দিয়া বাধ্যতামূলক কৰাৰ লগতে এই পদ সমূহত যাতে কেৱল অসমৰ নিবনুৱাইহে চাকৰি লাভ কৰে সেয়া নিশ্চিত কৰক৷

৮) কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ অসমৰ বাবে সংৰক্ষিত পদ বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে বক্ৰ পথেৰে অসমৰ নথিপত্ৰ সংগ্ৰহ কৰি এই বৰ্ষৰ SSC পৰীক্ষাত আবেদন কৰাৰ বিষয়টোৰ উচিত তদন্ত কৰক৷
৯) অসমৰ প্ৰাকৃতিক সম্পদৰ ভিত্তিত উদ্যোগ গঢ়ি তোলক৷ চাহ শ্ৰমিক আৰু চাহ উদ্যোগ ৰক্ষা কৰক, নতুন প্ৰজন্মৰ খেতিয়ক, উদ্যোগী আৰু ব্যৱসায়ী, পদপথৰ ব্যৱসায়ীসকলৰ নিৰাপত্তা আৰু বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰক৷

১০) শ্বপিং মল, ৰেষ্টুৰেন্ট্, ব্যক্তিগত শিক্ষানুষ্ঠানসহ চৰকাৰী-বেচৰকাৰী প্ৰতিস্থানত কাম কৰা প্ৰতিজনলৈ নূন্যতম দৰমহা ২১ হাজাৰ টকা আৰু কামৰ নিৰাপত্তা নিশ্চিত কৰক৷

১১) অলা-উবেৰ, চুইগী-জামেটোসহ এপ কৰ্মীসকলৰ বাবে বিকল্প চৰকাৰী এপ মুকলি কৰক আৰু সামাজিক নিৰাপত্তা আইন প্ৰণয়ন কৰক৷

১২) নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰক৷

১৩) বহিঃৰাজ্যত কৰ্মৰ সন্ধানত যোৱা যুৱক-যুৱতীৰ পঞ্জীয়ন আৰু জীৱনৰ নিৰাপত্তা নিশ্চিত কৰক৷

১৪) এম জি এন ৰেগা আঁচনিৰ অধীনত পৰ্যাপ্ত ধনৰ আৱন্টন দি কাম দিয়াৰ ব্যৱস্থা কৰক৷

১৫) ৰাজহুৱা শিক্ষা ৰক্ষা কৰক৷ নিযুক্তি আৰু শিক্ষাত মাতৃভাষাৰ গুৰত্ব বৃদ্ধি কৰক৷

এই যাত্ৰাৰ অংশ হিচাপে অহা ১৫ ছেপ্তেম্বৰ, ২০২৩ ত গুৱাহাটীৰ চচলত এক সমাৱেশৰ আয়োজন কৰা হৈছে৷ ডি ৱাই এফ আইয়ে সমগ্ৰ দেশতেই কৰ্মসংস্থানৰ সমস্যাকলৈ জাগৰণ যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিছে৷ অসমৰ যুৱ জাগৰণ যাত্ৰাও তাৰেই অংশ৷ এই সমগ্ৰ কাৰ্যসূচীত আপোনাৰ সহায়-সহযোগীতা আৰু অংশগ্ৰহণ কামনা কৰিছোঁ৷ সমাৱেশৰ দিনা ১১ বজাত উপস্থিত থাকি আমাৰ কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনালোঁ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd