শনিবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ অপৰাধ অনুসন্ধান বিভাগে দুৰ্নীতিৰ অভিযোগৰ সৈতে জড়িতৰ অভিযোগত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ জ্যেষ্ঠ নেতা এন চন্দ্ৰবাবু নাইডুক নন্দিয়াল জিলাত গ্ৰেপ্তাৰ কৰে। স্কীল ডেভেলপমেন্টৰ সৈতে জড়িত এক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় নাইডুক।
শনিবাৰে পুৱতি নিশা টিডিপি নেতাজনক জিম্মাত ল’বলৈ আৰক্ষী বিষয়াৰ এটা দলে অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে নন্দিয়ালত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
দলৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে শনিবাৰে পুৱতি নিশা নন্দিয়াল আৰক্ষীয়ে নাইডুক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক: দিল্লী বিমানবন্দৰত নামিয়েই নাবালিকাক আলিংগন বাইডেনৰ; কোন এইজনী মায়া?
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নন্দিয়াল মণ্ডলৰ ডি আই জি ৰঘুৰামী ৰেড্ডীৰ নেতৃত্বত অপৰাধ তদন্ত বিভাগ (চি আই ডি)ৰ সৈতে এক বৃহৎ আৰক্ষীৰ দলে পুৱা প্ৰায় ৩ বজাত চহৰৰ আৰ কে ফাংচন হলত অভিযান চলাই জিৰণি লৈ থকা নাইডুক গ্ৰেপ্তাৰ কৰে।
ঘটনাৰ সময়ত সেই স্থানত সমবেত হোৱা টিডিপি কেডাৰৰ বৃহৎ সমাৱেশৰ পৰা আৰক্ষীয়ে যথেষ্ট প্ৰতিৰোধৰ সন্মুখীন হয়। আনকি নাইডুৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ পি জি বাহিনীয়েও পুৱা ৫:৩০ বজালৈকে নিষেধাজ্ঞা আৰোপ কৰা নিয়ম মানি চলাৰ কথা উল্লেখ কৰি নাইডুৰ ওচৰলৈ কোনো লোক উপস্থিত হোৱাত প্ৰৱেশৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে।
লগতে পঢ়ক: বিমানৰ ভিতৰতে বিমানসেৱিকাক সাৱটি ধৰি চুম্বনৰ চেষ্টা; ভাৰতত গ্ৰেপ্তাৰ বাংলাদেশী যুৱক
অৱশেষত ৰাতিপুৱা প্ৰায় ৬ বজাত আৰক্ষীয়ে নাইডুৰ বাহনৰ কাষ চাপি আহি তেওঁক এস্কৰ্ট কৰি উলিয়াই আনি গ্ৰেপ্তাৰ কৰে।