এছিয়া কাপৰ ফাইনেলত দেওবাৰে শ্ৰীলংকাই ৰোহিতৰ নেতৃত্বৰ ভাৰতৰ বিৰুদ্ধে খেলিব। বৃহস্পতিবাৰে প্ৰেমদাছা ষ্টেডিয়ামত পাকিস্তানক ২ উইকেটত পৰাস্ত কৰি ১১ সংখ্যক এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰে শ্ৰীলংকাই।
পাকিস্তান-শ্ৰীলংকাৰ মেচখনৰ ফলাফলপ বাবে শেষ বলটোলৈকে অফেক্ষা কৰিবলগীয়া হৈছিল। কোনে ক’ব এদিনীয়া ক্ৰিকেট উপভোগ্য নহয়? এই পাকিস্তান-শ্ৰীলংকাৰ খেলখন টী-২০ ক্ৰিকেটৰ ধামখুমীয়াৰ মাজত এখন আদৰ্শ এদিনীয়াৰ উদাহৰণ হ’ব পাৰে!
বৃহস্পতিবাৰে সহজ মেচখন কঠিন কৰি জয়লাভ কৰে শ্ৰীলংকাই। অন্তিম অভাৰৰ আগৰ অভাৰটোত দুটা উইকেট দখল কৰি দলটোক পুনৰ মেচলৈ ঘুৰাই আনে শ্বাহীন আফ্ৰিদীয়ে। অন্তিম অভাৰত ৮ ৰানৰ প্ৰয়োজন হয়। শেষৰ দুটা বলত ৬ ৰান। বেটৰ কোণ স্পৰ্শ কৰি উইকেটকীপাৰৰ কাষেৰে গৈ চাৰি ৰান হয়।
শেষৰ বলটোত ২ ৰানৰ প্ৰয়োজন। ডিপ স্কোৱাৰ লেগৰ ফালে বলটো ঠেলি দি আছালংকাই দুটা ৰান লয়। লংকাৰ বেটছমেনগৰাকীয়ে অপৰাজিত ৪৯ ৰানেৰে দলটোক ফাইনেললৈ লৈ যায়।এদিনীয়া কেৰিয়াৰত তেওঁৰ এইটো দ্বিতীয়টো শ্ৰেষ্ঠ ইনিংছ।
বৰষুণৰ বাবে খেলখন ৪২ অভাৰলৈ হ্ৰাস পায়। নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে পাকিস্তানে। প্ৰত্যুত্তৰত শ্ৰীলংকাই শেষ বলটোত জয়ৰ লক্ষ্যত উপনীত হয়।
বাবৰ আজমে টছত জয়ী হৈ ডু অৰ ডাই মেচখনত বেটিং কৰাৰ সিদ্ধান্ত লয়। যদিও ফকৰ জামান বিফল হয়, আব্দুল্লা ছফিকে ৰান পায়। পাক অপেনাৰগৰাকীয়ে ৫২ ৰান সংগ্ৰহ কৰে।
বাবৰ আজমে ভাল আৰম্ভণি কৰিছিল যদিও বেছি সময় উইকেটত থাকিব নোৱাৰিলে। তেওঁ ২৯ ৰানত আউট হয়। ইয়াৰ পিছতে মহম্মদ ৰিজৱান আৰু ইফতিখাৰ আহমেদে দলটোক এটা সন্মাজনক স্থিতিলৈ লৈ যায়। পাকিস্তানৰ উইকেটকীপাৰগৰাকীয়ে ২টা ছয় আৰু ৬টা চাৰিৰ সহায়ত ৭৩টা বলত ৮৬ ৰান সংগ্ৰহ কৰে। ইফতিখাৰে ৪৭ ৰান কৰে। পাকিস্তানে ৭ উইকেটত ২৫২ ৰান সংগ্ৰহ কৰে।
বিজয়ৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি অনবদ্য প্ৰদৰ্শন আগবঢ়ায় কুশল মেণ্ডিছে। দুই অ’পেনাৰ বিফল হোৱাৰ পিছত দলটোক শক্তিশালী হাতেৰে মেচখনলৈ ঘুৰাই আনে। তেওঁ ১টা ছয় আৰু ৮টা চাৰিৰ সহায়ত ৮৭টা বলত ৯১ ৰান সংগ্ৰহ কৰে। সদিৰা সমৰবিক্ৰমে কৰে ৪৮ ৰান। কিন্তু মেচখনৰ আচল নায়ক হৈছে চৰিথ আছালংকা। তেওঁ ৪৭টা বলত ৪৯ ৰান কৰি অপৰাজিত হৈ থাকে। শেষ বললৈকে স্নায়ু ধৰি ৰাখি শ্ৰীলংকাক বিজয় লক্ষ্যত উপনীত কৰায়।