• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহৰ লগত বিস্কুট  : হ’ব পাৰে হাৰ্ট এটেকৰ কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 3:42 pm
4.8k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া মানুহ চাহৰ প্ৰতি আসক্ত। কিন্তু নিচা কেৱল চাহতে সীমাবদ্ধ নহয়, বিস্কুট, কেক, চিপছৰ সৈতে চাহৰ আমেজ লৈ ভাল পায় সকলোৱে।

কিন্তু শেহতীয়াকৈ গৱেষণাত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। চাহৰ লগত বিস্কুট, জলপান আদি খালে হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ব্ৰিটেইনত এই বিষয়ৰ ওপৰত কৰা এক অধ্যয়নত কোৱা হৈছে। এই অধ্যয়নৰ পিছত ব্ৰিটিছ চৰকাৰে খাদ্য তালিকাৰ পৰা বিস্কুট, কেকৰ দৰে জলপান আঁতৰোৱাৰ পৰিকল্পনা কৰিছে। 

লণ্ডনৰ গৱেষকসকলে ৮৫০ জনতকৈ অধিক লোকৰ খাদ্যাভ্যাস অধ্যয়ন কৰি এই সিদ্ধান্তত উপনীত হয়। এই অধ্যয়নত দেখা গৈছে যে প্ৰতি চাৰিজন লোকৰ ভিতৰত এজনৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিয় এনেকুৱা হৈছে?

অধ্যয়নটোত দেখা গৈছে যে যিসকলে অধিক জাংক ফুড খাইছিল তেওঁলোকে ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰত স্বাস্থ্যসন্মত খাদ্য খালেও কোনো লাভ নহ’ল। এই লোকসকলৰ মাজত ষ্ট্ৰোক, হৃদৰোগ আনকি মেদবহুলতাৰ সম্ভাৱনাও বাঢ়িছে। 

কেৱল সেয়াই নহয়, এইসকল লোকৰ তেজত চেনিৰ মাত্ৰাও অধিক হোৱা দেখা গ’ল। অতি গভীৰভাৱে বিশ্লেষণ কৰাৰ পিছত স্বাস্থ্যসন্মত খাদ্য খোৱাৰ পিছতো একাংশ লোক সদায় অসুস্থ হৈ থাকে। কাৰণ চাহৰ লগত বিস্কুট বা ভজা খাদ্য খায়। ইয়াৰ বাবে গৱেষকসকলে কেইবাদিনো ৮৫৪ জন লোকৰ খাদ্যাভ্যাসৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। ইয়াৰে ৯৫ শতাংশই সঠিক সময়ত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিল। 

ইউৰোপিয়ান জাৰ্নেল অৱ নিউট্ৰিচনিষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি লণ্ডনৰ কিংছ কলেজৰ গৱেষকসকলে কয় যে ২৬ শতাংশ লোকে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে যদিও ফ্ৰাইৰ দৰে অস্বাস্থ্যকৰ জলপান খাই নিজৰ সকলো পুষ্টিকৰ উপাদান অপচয় কৰে। লাহে লাহে এইসকল লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। বেছিভাগ মানুহেই ব্ৰেকফাষ্টত কুকিজ, ফল-মূল, বাদাম, গুটি, পনিৰ, মাখন, কেক, বিস্কুট, কেক আদি খায় আৰু তেওঁলোকৰ তেজৰ চেনিৰ পৰিমাণ বৃদ্ধি হয়। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। গতিকে সাৱধান হওক।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd