• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন কেবিনেটৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 19, 2023 8:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নতুন দিল্লীৰ সংসদৰ এনেক্স হলত কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ কাৰ্যসূচী প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে সূত্ৰ অনুসৰি কেন্দ্ৰীয় কেবিনেট বৈঠকত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

তদুপৰি, সংসদৰ বিশেষ অধিৱেশনত দাখিল কৰিবলগীয়া বিধেয়কসমূহৰ ওপৰত এই বৈঠকত আলোচনা কৰা হয়। সংসদৰ বিশেষ অধিৱেশনৰ মাজত হোৱা এই বৈঠকে নতুন দিল্লীৰ ৰাজনৈতিক মহলত উত্তাপ বৃদ্ধি কৰিছে।

বিশেষ অধিৱেশন ঘোষণাৰ পিছৰে পৰা বিৰোধী দলসমূহে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰই এক বৃহৎ পদক্ষেপৰ পৰিকল্পনা কৰা বুলি আশংকা প্ৰকাশ কৰিছে। সেই জল্পনা-কল্পনা এই বৈঠকৰ পিছত আৰু বৃদ্ধি পাইছে।

Apply Now

মহিলা সংৰক্ষণ বিধেয়কত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ মুঠ আসনৰ ৩৩ শতাংশ বা এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই ৩৩ শতাংশ সংৰক্ষণত অনুসূচিত জাতি, জনজাতি আৰু এংলো-ইণ্ডিয়ানৰ বাবেও সংৰক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰতিটো লোকসভা নিৰ্বাচনৰ পিছত সংৰক্ষিত আসন সলনি কৰিব লাগে বুলিও বিধেয়কখনত উল্লেখ আছে। সংসদৰ বিশেষ অধিৱেশনৰ প্ৰথম দিনাই কেইবাটাও দলে মহিলা সংৰক্ষণ বিধেয়ক সংসদত উত্থাপন কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে। সূত্ৰ অনুসৰি অহা ২০ ছেপ্টেম্বৰত সংসদৰ বিশেষ অধিৱেশনৰ সময়ত মহিলা সংৰক্ষণ বিধেয়ক দাখিল কৰা হ’ব।

ইয়াৰ পূৰ্বে সংসদৰ পাঁচদিনীয়া বিশেষ অধিৱেশনৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰীয়ে লোকসভাত ভাষণ প্ৰদান কৰে। তেওঁ সংসদৰ দুয়োটা সদনৰ ইতিহাস আৰু বিভিন্ন তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। আৱেগিক ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলক স্মৰণ কৰে। ২০১৪ চনত প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰি লোকসভা নিৰ্বাচনত জয়ী হোৱা মুহূৰ্তটোও তেওঁ উল্লেখ কৰে।

আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ১৯৭১ চনত বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বও প্ৰধানমন্ত্ৰী মোডীৰ ভাষণত আহিছিল। অৱশ্যে একে সময়তে তেওঁ ১৯৭৫ চনত ইন্দিৰা চৰকাৰে জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ কথাও উল্লেখ কৰে। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰশংসাও তেওঁৰ ভাষণত শুনা যায়। বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে নেহৰুৰ বিখ্যাত ‘এট দ্য ষ্ট্ৰ’ক অফ মিডনাইট’ ভাষণৰ প্ৰশংসা কৰে।

সংসদৰ বিশেষ অধিৱেশন ঘোষণা হোৱাৰ লগে লগে বিৰোধী দল, ৰাজনৈতিক পৰ্যবেক্ষক আৰু সৰ্বোপৰি সাধাৰণ নাগৰিকৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল যে চৰকাৰে ইউনিফৰ্ম চিভিল কোড বা ৱান নেচন ৱান ইলেকচনৰ দৰে কোনো ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিব পাৰে। জি-২০ৰ ৰাতিৰ আহাৰত ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ পত্ৰৰ খেও ধৰি দেশৰ নাম সলনিৰ কথাও উত্থাপন হয়। ইণ্ডিয়া শব্দটো দেশৰ নাম হিচাপে বাদ দিয়াৰ সংকল্প চৰকাৰে আনিব পাৰে বুলি বিভ্ৰান্তিৰ সৃষ্টি হয়।

অৱশ্যে সংসদৰ বিশেষ অধিৱেশনৰ কাৰ্যসূচী ইতিমধ্যে প্ৰকাশ কৰিছে চৰকাৰে। বিশেষ অধিৱেশনত আলোচনাৰ বাবে চৰকাৰে তালিকাভুক্ত কৰা গুৰুত্বপূৰ্ণ বিধেয়কসমূহৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি সন্দৰ্ভত এখন বিতৰ্কিত বিধেয়ক আছে। ইয়াৰ উপৰিও আছে  ‘অধিবক্তা (সংশোধনী) বিল, ২০২৩’ আৰু ‘দ্য প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পেৰিয়’ডিকেলছ বিল, ২০২৩’। অৱশ্যে চৰকাৰে ইচ্ছা কৰিলে এই তালিকাত আৰু কিছু বিল যোগ কৰিব পাৰে। আন বিষয়কলৈয়ো আলোচনা হ’ব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd