• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহস আছে যদি এজন বাঙালীৰ ঘৰ জ্বলাই চাওক : প্রাক্তন কংগ্ৰেছী মন্ত্রী ডাঃ অৰ্ধেন্দু কুমাৰ দে’ৰ উচটনিমূলক মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2018 9:25 am
ArdhenduDey
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কাৰোবাৰ সাহস আছে যদি এজন বাঙালীৰ ঘৰ জ্বলাই চাওক। এজন বাঙালীৰ গাত হাত দি চাওক ” –বিশ্বাস কৰিবলৈ টান লাগিলেও এয়া এজন প্ৰাক্তন জনপ্ৰতিনিধি, এজন প্ৰাক্তন মন্ত্ৰীৰ মন্তব্য। এই ধৰণৰ মন্তব্যৰে সমাজত সাম্প্ৰদায়িক বিষবাষ্প ছটিয়াব খোজা ব্যক্তিজন হ’ল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ অৰ্ধেন্দু কুমাৰ দে’। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোক লৈ ৰাজ্যখনত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী দে’ৰ উচটনিমূলক মন্তব্যই এতিয়া সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যিখন সমাজত এজন প্ৰাক্তন মন্ত্ৰীয়ে এনেকুৱা উচটনিমূলক মন্তব্য কৰিব পাৰে, সেইখন সমাজত শান্তি-সম্প্ৰীতি-ঐক্যৰ ঠাই ক’ত বুলিও মন্তব্য কৰিছে সচেতন ৰাইজে।

Apply Now

উল্লেখযোগ্য যে ৮ মে’ত হোজাইত অসম নাগৰিক মঞ্চ নামৰ এটা অখ্যাত সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি হোজাইৰ ৰাজপথতে প্ৰতিবাদকাৰীসকলক সন্মুখত লৈ লাউডস্পীকাৰত এনেকুৱা উচটনিমূলক মন্তব্য দি গৈছিল প্ৰাক্তন মন্ত্ৰীজনে।

তেওঁ অসমীয়া-বাঙালীৰ সংঘাত সৃষ্টি হ’ব পৰা আন বহুকেইটা বিতৰ্কতি তথা উচটনিমূলক মন্তব্যও দিয়ে। তেওঁ কয়, “পূৰ্বৰ অসমৰ পৰিস্থিতি বৰ্তমান অসমত নাই যে কোনোবাই মন গ’লেই বাঙালী সম্প্ৰদায়ক আক্ৰমণ কৰিব।”

আনহাতে, অখ্যাত সংগঠনটোৰ বিজয় চক্ৰবৰ্তী নামৰ সম্পাদকজনেও একেই উচটনিমূলক মন্তব্য দিয়ে।

বিজয় চক্ৰবৰ্তীয়ে অসমৰ আছু, কৃষক মুক্তি, আদি সংগঠনবোৰৰ নেতাসকলক বিদ্ৰূপ আৰু ইতিকিং কৰিও মন্তব্য দিয়ে। তেওঁ কয় যে আছুকে ধৰি অন্যান্য তথাকথিত জাতীয় সংগঠনৰ লগত অসমীয়া ৰাইজ নাই। থকা হ’লে কালিৰ পৰাই বাঙালীৰ ঘৰত জুই দিবলৈ পাৰিলেহেঁতেন এওঁলোকে। অসমীয়া মানুহ লগত নাই বাবে এনে কৰিবলৈ এওঁলোকৰ সাহস হোৱা নাই বুলি তেওঁ অগ্নিস্ফূলিংগ সদৃশ মন্তব্য কৰে।

তেওঁ ২০১৪ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ দাবী কৰাৰ লগতে  বাঙালীসকল অসমৰ নাগৰিক হৈ থাকিব, ভাৰতৰ নাগৰিক হৈ ৰ’ব। বাঙালীক খেদিবলৈ কাৰো সাহস নাই বুলিও তেওঁ কয়।

মন কৰিব লগীয়া কথাটো হ’ল অসমত বাঙালী-অসমীয়াৰ সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষ সৃষ্টি কৰিব পৰা এই মন্তব্য কৰা বাবে, বিশেষকৈ এজন প্ৰাক্তন মন্ত্ৰীৰ পৰা এনে উচটনি অহাটোৱে হোজাইৰ লগতে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে বিভিন্ন পক্ষই অৰ্ধেন্দু দে’ৰ এই মন্তব্যৰ গৰিহণা দিছে। কংগ্ৰেছে নিজকে দে’ৰ মন্তব্যৰ পৰা আঁতৰত ৰখা দেখা গৈছে। আনহাতে আলফা (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ডাঃ অৰ্ধেন্দু কুমাৰ দে’ক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে, তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd