• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নীতি বহিৰ্ভূত কাম কাজ কৰি দুৰ্নীতি কৰি আহিছে‌- হেমেন দাস

পুলেন্দ্ৰ দাস, বৰপেটা by পুলেন্দ্ৰ দাস, বৰপেটা
October 1, 2023 12:32 pm
2.1k
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত চিপিআই (এম) দলে শনিবাৰে বৰপেটা চহৰত অনুষ্ঠিত কৰে বিশাল জনসমাৱেশ ৷ এই জনসমাৱেশত অংশ গ্ৰহণ কৰে বৰ্ষীয়ান ৰাজনৈতিক নেতা তথা সৰভোগৰ প্ৰাক্তন বিধায়ক হেমেন দাস, সৰভোগৰ বৰ্তমান বিধায়ক মনোৰঞ্জন তালুকদাৰ, চিপিআই (এম)ৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য নয়ন ভূঞাৰ লগতে কেইবা গৰাকী চিপিআই (এম) নেতা ৷

নেতা সকলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৷ ভাষণ প্ৰসংগত ৯৩ বৰ্ষীয় ৰাজনৈতিক নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে কয় যে, কেৱল টকা পইছা আত্মসাৎ কৰিলেই দুৰ্নীতি হোৱা নুবুজায় ৷ নীতি বহিৰ্ভূতভাবে কৰা কাম কাজবোৰো দুৰ্নীতি ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নীতি বহিৰ্ভূত কাম কাজ কৰি দুৰ্নীতি কৰি আহিছে বুলি কয় হেমেন দাসে ৷

তেওঁ কয় যে, নিজ পত্নীক নীতি বহিৰ্ভূতভাবে খেতি মাটি ক্ৰয় কৰাত সুবিধা কৰি সেই মাটি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰি ৰাজসাহাৰ্যৰ বাবে আবন্টন কৰা, নিজৰ সমষ্টিৰ ৫৬ বছৰীয়া লোকক নিযুক্তি দিয়া আদি বহু নীতি বহিৰ্ভূত কাম মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিছে৷ নীতি বহিৰ্ভূত এই কামবোৰো দুৰ্নীতি বুলি কয় হেমেন দাসে ৷ নিৰ্বাচন চমু চাপি অহাৰ বাবে বিজেপি আৰু আৰ এছ এছে এতিয়া মুছলমানপ্ৰীতি দেখুওৱা বুলি কয় হেমেন দাসে ৷

আনহাতে, বৰপেটা জিলাক অংগক্ষত কৰিব বিচৰা চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত হেমেন দাসে কয় যে সৰভোগবাসী বৰপেটা জিলাৰ সৈতে থাকিব বিচাৰে ৷ বৰপেটা জিলাক অক্ষুন্ন ৰখাৰ বিৰোধিতা একমাত্ৰ আৰ এছ এছে কৰা বুলি উল্লেখ কৰে হেমেন দাসে ৷ আৰ এছ এছে ষড়যন্ত্ৰ কৰি সৰভোগৰ ৰাইজক বজালী জিলালৈ নিয়াৰ কৌশল ৰচনা কৰা বুলিও উল্লেখ কৰে হেমেন দাসে ৷

ইণ্ডিয়া গঠনেৰে বিজেপিক পৰাস্ত কৰাৰ বাবে সংগ্ৰাম আৰম্ভ হৈছে- মনোৰঞ্জন তালুকদাৰ

কমৰেড কমলা বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিত জনসমাৱেশত সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ভাষণ প্ৰসংগত কয় যে, সৰ্ব সাধাৰণ ৰাইজক সমস্যাত পেলোৱা বিজেপি চৰকাৰক বিদায় দিয়াৰ লক্ষ্যৰে এই জনসমাৱেশৰ আয়োজন কৰা হৈছে ৷

তেওঁ কয় যে, ২০২৪ ত লোকসভা নিৰ্বাচন ৷ ভাৰতৰ ৰাইজৰ মনত এতিয়া এটাই প্ৰশ্ন- যদিহে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰিব পৰা নাযায় তেন্তে ভাৰতবৰ্ষক ৰক্ষা কৰিব পৰা নাযাব ৷ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাক ৰক্ষা কৰিব পৰা নাযাব ৷ সেইবাবেই দেশৰ ২৬ টা ৰাজনৈতিক দল লগ হৈ “ইণ্ডিয়া” গঠন কৰিছে ৷ এই “ইণ্ডিয়া” গঠনেৰে বিজেপিক পৰাস্ত কৰাৰ বাবে সংগ্ৰাম আৰম্ভ হৈছে ৷ সেইবাবেই বিজেপি দল শংকিত হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷

তেওঁ লগতে কয় যে, ২০১৪ ৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীয়ে ৰাইজক যি সমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবোৰ ৯ বছৰে পূৰণ কৰিব নোৱাৰিলে ৷ বিজেপিৰ মিথ্যাচাৰ ৰাইজে বুজি উঠিছে বাবেই বিজেপিয়ে পুনৰ হিন্দুত্বৰ ৰাজনীতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলোৱা বুলি তেওঁ কয় ৷

ধৰ্মক লৈ ৰাজনীতি কৰা সকল ধাৰ্মিক নহয়- সুপ্ৰকাশ তালুকদাৰ

বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত জনসমাৱেশত অংশগ্ৰহণ কৰি চিপিআই (এম)ৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে, ধৰ্মৰ নাম লৈ ৰাজনীতি কৰা সকল ধাৰ্মিক নহয় ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আন্দোলন বন্ধ হোৱা বুলি দম্ভালি মাৰিলেও হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী শাসনৰ বাবেই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়াই আন্দোলন কৰিবলৈ বাধ্য হৈছে ৷

হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ কাৰণে নহয় নিজ পৰিয়ালৰ বাবে কাম কৰা বুলিও মন্তব্য কৰে সুপ্ৰকাশ তালুকদাৰে ৷ তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাম কাজত ৰাইজ অতীষ্ঠ হোৱা বুলি কয় ৷ বিজেপি চৰকাৰে হিন্দু আৰু মুছলমানৰ পৰা বিচ্ছেদ হব ধৰিছে বুলি তেওঁ উল্লেখ কৰে ৷ যাৰ বাবেই বিজেপিয়ে এতিয়া সাম্প্ৰদায়িক কাম কাজ বৃ্দ্ধি কৰিছে বুলি তেওঁ অভিযোগ কৰে ৷

চিপিআই (এম)ৰ বৰপেটা জিলা কমিটিৰ সম্পাদক আজিজুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা জনসমাৱেশত চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য নয়ন ভূঞাই কয় যে, এতিয়া অসমত চৰকাৰ চলা নাই চলিছে হিমন্তৰ দাদাগিৰি৷ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সকলো ক্ষেত্ৰতে দুৰ্নীতি হোৱাৰ লগতে চিণ্ডিকেটৰাজ আৰু দালালৰাজ চলা বুলি তেওঁ কয় ৷

বিজেপি চৰকাৰৰ দিনত ৰাইজ ভয়ংকৰ বিপদত পৰা বুলি উল্লেখ কৰি এই বিপদৰ পৰা ৰক্ষা পাবলৈ হলে বিজেপি চৰকাৰক চিৰ বিদায় দিব লাগিব বুলি উল্লেখ কৰে নয়ন ভূঞাই ৷ এই জনসমাৱেশত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি সহস্ৰাধিক চিপিআই (এম) কৰ্মী, সমৰ্থক আৰু ৰাইজ উপস্থিত থাকে ৷

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd