• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 2, 2023 1:24 pm
4.3k
VIEWS
Share on FacebookShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰিয়ংকা গান্ধীয়ে। স্বামী ৰবাৰ্টে ইতিমধ্যে সেই কথা ফাদিল কৰিছিল। কিন্তু কোনখন আসনৰ পৰা দলে তেওঁক টিকট দিব? এই বিষয়ে চৰ্চা অব্যাহত আছে। কোনোৱে কয় যে তেওঁ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যুঁজ দিব। আনহাতে বহুতেই ভাবে যে ছোনিয়া গান্ধীয়ে ৰায়বেৰেলীৰ আসনখন কন্যাক এৰি দিব। এনে জল্পনা-কল্পনাৰ মাজতে আহিছে এক নতুন খৱৰ।

জানিব পৰা মতে, পৰৱৰ্তী নিৰ্বাচনত প্ৰিয়ংকা গান্ধী ভদ্ৰাই উত্তৰ প্ৰদেশৰ ফুলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। এই ফুলপুৰ আসনখন গান্ধী পৰিয়ালৰ বাবে অতি আদৰৰ। এই আসনৰ পৰাই জৱাহৰলাল নেহৰুৱে ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত জয়লাভ কৰিছিল।

উত্তৰ প্ৰদেশৰ তিনিটা সমষ্টি গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে পৰিচিত। আমেথি, ৰায়বেৰিলি আৰু ফুলপুৰ। অৱশ্যে প্ৰিয়ংকা কোনখন আসনত থিয় দিব সেই সন্দৰ্ভত এতিয়াও চূড়ান্ত কথা কোৱা নাই কংগ্ৰেছে।

ফুলপুৰৰ এখন পোষ্টাৰে সষ্টি কৰিছে নতুন জল্পনা-কল্পনাৰ।

প্ৰিয়ংকা গান্ধীয়ে মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলিও দলৰ ভিতৰতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কিন্তু মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয়ী হৈ ক্ষমতালৈ আহিলেহে সেয়া হ’ব পাৰে।

ইপিনে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় ​​মাকেনে কৈছিল যে বাৰাণসীত মোডীৰ বিৰুদ্ধে প্ৰিয়ংকাক দলে টিকট দিব পাৰে। তেওঁ এই সমষ্টিৰ যোগ্য প্ৰাৰ্থী।

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটেই নহয়, গান্ধী পৰিয়ালেও আসন বুজাবুজি কৰিব পাৰে। দলৰ ভিতৰত এনে জল্পনা-কল্পনাই চলি আছে। সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কন্যাৰ বাবে আন এখন আসনলৈ স্থানান্তৰিত হ’ব পাৰে। কংগ্ৰেছ হাইকমাণ্ডে গুৰুত্বসহকাৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।

ফুলপুৰত মাতৃ ছোনিয়াৰ সৈতে প্ৰিয়ংকা গান্ধী। ফটো সংগ্ৰহীত।

২০১৯ চনৰ পৰা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে ইয়াৰ পূৰ্বে কেতিয়াও নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল। সেই ক্ষেত্ৰত তেওঁক এটা গুৰুত্বপূৰ্ণ আসনত প্ৰক্ষেপ কৰি কংগ্ৰেছে এটা ডাঙৰ চমক দিব পাৰে বুলি ধাৰণা কৰা হৈছে।

বিগত নিৰ্বাচনত আমেথিত স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰ ভোটত পৰাস্ত হৈছিলৰাহুল গান্ধী। সেই ‘প্ৰতিশোধ’ ভগ্নী প্ৰিয়ংকাই ল’ব পাৰিবনে? ৰাজনৈতিক মহলত তাকলৈ আৰম্ভ হৈছে সৰৱ চৰ্চা। 

Recent News

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd