দেশ তথা ৰাজ্যবাসীৰ আশা আকাঙ্খাক প্ৰতিনিধিত্ব কৰি আজি স্বৰ্ণ জয়ৰ লক্ষ্যৰে হাংঝ’ত ৰিঙত নামিব লাভলীনা বৰগোহাঁই। দিনৰ ১.১৫ বজাত ফাইনেলত অৱতীৰ্ণ হ’ব লাভলীনা।
স্বৰ্ণ দখলৰ যুঁজত লাভলীনাৰ সমুখত প্ৰতিদ্বন্দ্বী হিচাপে আছে পূৰ্বৰ অলিম্পিক বিজয়ী লী কুয়ান। প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা দুবাৰৰ অলিম্পিক পদক জয়ী কুয়ানৰ পৰা তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হ’ব লাভলীনা।
অৱশ্যে চীনা বক্সাৰগৰাকীৰ বিৰুদ্ধে লাভলীনাই শেহতীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপৰ ছেমিত ৪-১ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল। আজি হাংঝ’তো লাভলীনাই এই প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰিব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে ইতিমধ্যে লাভলীনাই ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। টকিঅ’ অলিম্পিকত ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ব্ৰঞ্জ জয় কৰা লাভলীনাই এতিয়া ৭৫ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হৈছে।
ইতিমধ্যে ভাৰতে এছিয়ান গেমছত ১৫ টা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি লাভলীনাই এই স্বৰ্ণ বিজয়ীৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিব বুলি আশা কৰিছে সমগ্ৰ অসমবাসীয়ে।





