ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে এইবাৰ ধৰা পৰিছে দুই আৰক্ষী কনিষ্টবল।
বুধবাৰে হাইলাকান্দি আৰক্ষীয়ে ড্ৰাগছ বেপাৰীৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুজন অসম আৰক্ষীৰ কনিষ্টবলক।
সূত্ৰৰ পৰা জানিব পৰা মতে, আছাম ৰাইফলছে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এজাহাৰৰ ভিত্তিত কনিষ্টবল কেইজনক গ্ৰেপ্তাৰ কৰে।
অভিযুক্ত কনিষ্টবল দুজনৰ নাম ইউনিছ আলী আৰু নাৰায়ণ দাস।
ইয়াৰ পূৰ্বে ৩ অক্টোবৰত ছিপাঝাৰত প্ৰশাসনে এখন অল্ট’ বাহনৰ ভিতৰৰ পৰা নিচাজাতীয় সামগ্ৰীৰ ভঁৰাল জব্দ কৰে।
আৰক্ষীৰ অভিযানৰ সময়ত বাহনখনৰ টেংকৰ ভিতৰত লুকুৱাই থোৱা ১৮ টা ব্ৰাউন চুগাৰ ভৰ্তি পাত্ৰ উদ্ধাৰ হয়।
সূত্ৰৰ পৰা জানিব পৰা মতে, আৰক্ষীৰ উপস্থিতি গম পাই গাড়ীখনৰ মালিকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।





