• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গান্ধীজীৰ আদৰ্শৰ ক্ৰমবিস্মৃত তাৎপৰ্য

শিৱজিত দত্ত by শিৱজিত দত্ত
October 8, 2023 6:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিৰ পিতাৰ ১৫০ সংখ্যক জন্মজয়ন্তী বেচ চকুত পৰা ধৰণে, বেচ বৰ্ণাঢ্যৰে পালন কৰা হৈছিল। অথচ আজিৰ তাৰিখত দেশৰ সাধাৰণ বাতাৱৰণ তেনেই প্ৰতি-গান্ধীসুলভ ধৰণে গঢ় লৈ উঠিছে। ক্ষমতাৱান মহলে নানা প্ৰকাৰে গান্ধী-নেহৰুৰ ভূমিকা হয় নাকচ, নহয় লাঘৱ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। গান্ধী-আদৰ্শৰ বিপৰীত মেৰুৰ মানুহ আৰু হিন্দুত্ববাদৰ পিতামহ  ছাভাৰকাৰক “বীৰ” সজোৱাৰ প্ৰয়াস দগ-মগীয়া হৈ উঠিছে আৰু গান্ধীৰ হত্যাকাৰীক দেশপ্ৰেমিক সজাই তেওঁৰ নামত মন্দিৰ স্থাপনৰ যো-জা চলিছে। গান্ধীয়ে ঘৃণা কৰা “ঘৃণাৰ ৰাজনীতি” অষ্টমত উঠিছে। গণমাধ্যমৰ বেছিভাগেই দেশৰ অৰ্থনীতি, সম্প্ৰীতি, প্ৰগতি আদিৰপৰা মনোযোগ আঁতৰাই নি প্ৰত্যক্ষ-পৰোক্ষভাৱে হিন্দু-মুছলমানৰ বিভেদ-বিদ্বেষক সাৰ-পানী যোগাব লাগিছে। 

গান্ধীয়ে প্ৰতিনিধিত্ব কৰা প্ৰমূল্য আৰু মতাদৰ্শবোৰক নাকচ কৰাৰ প্ৰৱণতা এতিয়া কেৱল সুলভেই নহয়, শক্তিশালীও। তেওঁ যিবোৰ প্ৰমূল্য আৰু আদৰ্শৰ বিৰুদ্ধে অনমনীয়ভাৱে যুঁজিছিল, আত্মাহুতি দিবলৈ প্ৰস্তুত হৈ আছিল, যিবোৰক তেওঁ “বলিয়ালি” বুলি গণ্য কৰিছিল, সিবোৰ গান্ধী-প্ৰতিমুখী আদৰ্শৰে বেহা আজি ৰম-ৰমীয়া। বাস্তৱৰ কি নিষ্ঠুৰ পৰিহাস! গান্ধীৰ হত্যাকাৰীক দেশপ্ৰেমিক বুলি প্ৰণাম কৰা ৰাজনীতিকে গান্ধীকো প্ৰণামো কৰি দেখুৱায়! তৃণমূলত গান্ধী-বিৰোধী প্ৰচাৰৰ গুৰি ধৰা শক্তিসমূহেই গান্ধীৰ জন্মজয়ন্তী চকুত পৰাকৈ পাতে! এই কৌশলেৰে এটা সময়ত চাগৈ নতুন প্ৰজন্মক বুজোৱা হ’ব যে গান্ধীও আছিল এক হিন্দুত্ববাদী নেতাই। গান্ধীক যদি নাকচ কৰা অসম্ভৱ, তেন্তে তেওঁক হাইজেক কৰা হওক – নেতাজী আৰু চৰ্দাৰ পেটেলক হাইজেক কৰাৰ দৰে।

Apply Now

সেয়ে আজিৰ ভাৰতীয় ৰাজনীতিৰ মূল থীম্ হৈ পৰা হিন্দু-মুছলিম বিদ্বেষ সম্পৰ্কে গান্ধীয়ে নিজেই কি কৈছিল সেইকথা আমি আকৌ নতুনকৈ সোঁৱৰণ কৰা উচিত হ’ব।

১৯৪৭ চনৰ ২ অক্টোবৰ আছিল তেওঁৰ ৭৮ নম্বৰ জন্মদিন। সিদিনা দিল্লীত অনুষ্ঠিত এক প্ৰাৰ্থনা-সভাত গান্ধীয়ে কৈছিল, “আজি মোৰ জন্মদিন… মোৰ বাবে ই হৈছে শোকৰ দিন। মই আচৰিত আৰু লজ্জিত হৈছোঁ এইবুলি যে মই আজিও জীৱিত হৈ আছোঁ। ভাৰতত কেৱল হিন্দু থকাটোহে তোমালোকে বিচাৰা আৰু কোৱা যে আন কোনো আৰু থাকি যাব নালাগে।…ভাৰতলৈ অহাৰেপৰা সাম্প্ৰদায়িক সম্প্ৰীতিৰ হকে কাম কৰাটো মই মোৰ বৃত্তি হিচাপে লৈছোঁ আৰু মই আশা কৰোঁ যে যদিও আমাৰ ধৰ্ম বেলেগ বেলেগ তথাপি আমি ভাই-ককাইৰ দৰে মিলা-প্ৰীতিৰে বাস কৰি থাকিব পাৰোঁ। কিন্তু, আজি যেন আমি পৰস্পৰৰ শত্ৰু হৈ পৰিছোঁ। আমি ক’ব লাগিছোঁ যে সৎ মুছলিম থাকিবই নোৱাৰে।

এনে পৰিস্থিতিত ভাৰতত মোৰ স্থান কি আৰু মই জীয়াই থকাৰ অৰ্থ কি? মই এতিয়া ১২৫ বছৰ জীয়াই থকাৰ চিন্তা এৰিছোঁ। মই ১০০ বা ৯০ বছৰ জীয়াৰ থকাৰ চিন্তাও এৰিছোঁ। আজি মই জীৱনৰ ৭৯ নম্বৰ বছৰত সোমালোঁ। কিন্তু, এইকথায়ো মোক কষ্ট দিছে। মোক বুজি পোৱাসকলক (যদিও বুজি পোৱা লোক খুবেই কম) মই ক’ব খোজোঁ যে আমি এই ধৰণৰ পাশৱিকতা বাদ দিব লাগে।

পাকিস্তানত মুছলিমে কি কৰিছে তাক লৈ মই চিন্তিত নহয়। হিন্দুক মাৰি মুছলিম মহান হ’ব নোৱাৰে, তাৰদ্বাৰা তেওঁলোক পশুতহে পৰিণত হ’ব। কিন্তু, তাৰ অৰ্থ কি এই যে ময়ো পশু হ’ব লাগে, বৰ্বৰ আৰু সংবেদনহীন হ’ব লাগে?

তোমালোকে যদি সঁচাই মোৰ জন্মদিন উৎযাপন কৰিব বিচৰা, তেন্তে উন্মাদনাৰপৰা সকলোকে আতৰাই ৰখাটো তোমালোকৰ কৰ্তব্য।”

এই সুদীৰ্ঘ উদ্ধৃতিটোৰ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। গান্ধীয়ে এক আধুনিক, উদাৰ, গণতান্ত্ৰিক সমাজৰ ৰূপকল্পনা কৰিছিল। তেনে এক সমাজৰ পূৰ্বচৰ্তই হৈছে সাম্প্ৰদায়িক সম্প্ৰীতি। গোষ্ঠী বা ধৰ্মৰ ভিত্তিত আপোন-পৰ ভবাৰ মানসিকতা হৈছে প্ৰাচীন আৰু মধ্যযুগৰ সৈতে খাপ খোৱা। মধ্যযুগত একোটা ধৰ্মীয় সম্প্ৰদায়কে জাতি বুলি গণ্য কৰা হৈছিল। মধ্যযুগৰ ইউৰোপত হোৱা ধৰ্মযুদ্ধত সেয়েহে পোপৰ আহ্বানক্ৰমে বহুতো খ্ৰীষ্টান ৰজাই অংশগ্ৰহণ কৰিছিল। কিন্তু, আধুনিক “জাতি”ৰ ধাৰণা তাতকৈ বেলেগ। ই নিৰ্দিষ্ট ভূখণ্ড, উমৈহতীয়া ইতিহাস, উমৈহতীয়া ভাষা আদিৰ ভিত্তিতহে ৰচিত হয়।

তদুপৰি গান্ধীৰ দৃষ্টিত দেশ মানে কেৱল একখণ্ড ভূমিয়ে নহয়, দেশ মানে সেই ভূমিত বাস কৰা সমুহ জন-গণ। এই সমূহ জন-গণৰ প্ৰতি যাৰ প্ৰেম নাই, গান্ধীৰ আদৰ্শ মতে সি দেশপ্ৰেমিক হ’ব নোৱাৰে। আজি কিন্তু নিজকে দেশপ্ৰেমিক বোলোৱা আৰু নিজৰ লগত নিমিলা লোকক দেশদ্ৰোহী বুলি মোহৰ লগোৱা এচামে এক বিশেষ ধৰ্মৰ ভাৰতীয়ক অনবৰতে চাপত ৰখাৰ প্ৰয়াস কৰিব ধৰিছে। তেওঁলোকৰ খাদ্য, ধৰ্মাচৰণ আদিক লৈ নানা প্ৰশ্ন উঠাইছে – ঠায়ে ঠায়ে উন্মত্ত “ধৰ্মযোদ্ধা”ই হত্যাৰ দৰে কামো সংঘটিত কৰিছে। এইটোৱো ক’ব লাগিব যে উক্ত বিশেষ ধৰ্মৰ মানুহৰ মাজতো চৰম সাম্প্ৰদায়িক চিন্তাৰ বিষ বিয়পোৱা এচাম লোক আছে। তেওঁলোকেও ধৰ্মৰ দোহাই দিয়েই চৰম অমানৱীয় কাম-কাজত লিপ্ত হৈছে। তেওঁলোকৰ মাজৰে এচামে ধৰ্মীয় কাৰণতে বিদেশী ৰাষ্ট্ৰকো স্বৰাষ্ট্ৰ গণ্য কৰা দেখা যায় যিটো আধুনিক “জাতিৰাষ্ট্ৰ”ৰ ধাৰণাৰ সৈতে খাপ খোৱা চেতনা নহয়। গান্ধীৰ আদৰ্শই এই দুয়ো ধৰ্মৰ সংকীৰ্ণমনা, সাম্প্ৰদায়িক মানুহৰ চিন্তাক সমানে প্ৰত্যাখ্যান কৰিব।

এটা সৰু অথচ শিক্ষণীয় কাহিনী কোৱা যাওক। কাহিনীটো ৰাম পুণিয়ানিৰপৰা শুনা। এবাৰ সবৰমতী আশ্ৰমলৈ গান্ধীৰ এক মুছলিম বন্ধুৰ পুত্ৰ তেওঁক দেখা কৰিবলৈ আহিল। সেয়া আছিল ঈদৰ দিন। ল’ৰাটোৱে গান্ধীক সেৱা কৰিলে, গান্ধীয়েও তেওঁক সাৱটি ধৰিলে। হঠাৎ গান্ধীৰ মনত পৰিল যে সিদিনা ঈদ আৰু ঈদৰ দিনা মুছলিম মানুহে মাংস খায়। সবৰমতী আশ্ৰমত আমিষ আহাৰ নচলে। তথাপি গান্ধীয়ে আশ্ৰমৰ এজনক ক’লে যে এই মুছলিম ল’ৰাটোৰ বাবে মাংস আনিব লাগে। কিন্তু, ল’ৰাটোৱে ক’লে যে সবৰমতী আশ্ৰমত যিহেতু মাংস নচলে, সেয়ে ঈদৰ দিন হলেও তেওঁ সেইদিনা মাংস নাখায়। অৰ্থাৎ গান্ধী আৰু মুছলিম ল’ৰাজন – দুয়ো পৰস্পৰৰ ধৰ্মক সন্মান কৰি দেখুৱাইছে। আধুনিক ভাৰতৰ সমাজ এই আৰ্হিতহে গঢ়িব লাগিব।

গান্ধী নিজে ধাৰ্মিক আছিল। কিন্তু, ধাৰ্মিক এক কথা আৰু সাম্প্ৰদায়িক আন এক কথা। মানুহে যি ধৰ্মত বিশ্বাস কৰে, সেই ধৰ্ম আনৰ অসুবিধা নোহোৱাকৈ অন্তঃকৰণেৰে পালন কৰক। কিন্তু, ধৰ্মৰ দোহাই দি আন ধৰ্মৰ লোকৰ ওপৰত চাপ সৃষ্টি কৰা বা তেওঁলোকক ঘৃণা কৰা অতি গৰ্হিত, অগণতান্ত্ৰিক আৰু আধুনিক সমাজৰ বাবে ক্ষয়ংকৰী কাম।

শিৱজিত দত্ত
ডুমডুমা মাহাবিদ্যালয়
ৰূপাই চাইডিং, তিনিচুকীয়া, অসম
ইমেইলঃ [email protected]

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd