• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ক-কয়লাৰ নামত মুকলি চিণ্ডিকেটৰাজ, বিজেপিৰ বিধায়কে কাঢ়ি ল’লে কলকাতাৰ ব্যৱসায়ীৰ উদ্যোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2023 6:30 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ‘এডভাণ্টেজ আছাম’লৈ সঁহাৰি জনাই বিপদত পৰিছে এগৰাকী উদীয়মান বিনিয়োগকাৰী৷ ঈশান জৈন নামৰ কলকাতাৰ এগৰাকী যুৱ বিনিয়োগকাৰীয়ে মাৰ্ঘেৰিটাত স্থাপন কৰা এটা কাৰখানা জালিয়াতি আৰু বলপ্ৰয়োগ কৰি নিজৰ হাতলৈ নিয়া বুলি অভিযোগ উত্থাপন হৈছে বিজেপিৰ বাহুবলী বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে৷

‘ইণ্ডিয়া টুডে’ত এই সন্দৰ্ভত প্ৰকাশিত সংবাদৰ ওপৰত ভিত্তি কৰি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলটোৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত এতিয়া মুকলিকৈ মাফিয়াৰাজ চলিছে৷ এই মাফিয়াৰাজৰ নেতৃত্ব লৈছে খোদ শাসকীয় দলৰ বিধায়কে৷ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে কয়লাৰ চিণ্ডিকেট চলোৱা বুলি বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এইবাৰ বিধায়কগৰাকীৰ সমষ্টিত আনে স্থাপন কৰা কাৰখানা মাফিয়াগিৰিৰে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে৷ আশ্বৰ্যজনকভাৱে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকক লিখিতভাৱে অৱগত কৰাৰ পিছতো আৰক্ষীয়ে এতিয়ালৈকে গোচৰেই পঞ্জীয়ন কৰা নাই৷ 

যি সময়ত ৰাজ্য চৰকাৰে অসমলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিনিয়োগকাৰীক ৰঙা দলিচা পাৰি আদৰি অনাৰ চেষ্টা কৰিছে, তেনে সময়তে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে বিনিয়োগকাৰীক ভয় ভাবুকি প্ৰদৰ্শন কৰি এটা উদ্যোগ কাঢ়ি লোৱাৰ গুৰুতৰ অভিযোগ৷ ‘ইণ্ডিয়া টুডে’ত ফাদিল হৈছে ভাস্কৰ শৰ্মাৰ গুণ্ডাৰাজৰ ক’লা কাহিনী৷ অভিযোগ অনুসৰি, বিধায়ক ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ সিঙ আৰু চন্দন কলিতাই ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত লগ পাইছিল কলকাতাৰ ব্যৱসায়ী ঈশান জৈনক৷ ভাস্কৰ শৰ্মাৰ এই সহযোগী দুগৰাকীয়ে ঈশান জৈনক মাৰ্ঘেৰিটাত এটা কোক উদ্যোগ স্থাপনৰ প্ৰস্তাৱ দিয়ে আৰু ইয়াৰ বাবে সকলো সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে৷ তিনিচুকীয়া জিলাৰ টিৰাপ মৌজাৰ টিপং পানী নতুন গাঁৱত এটা নতুন কাৰখানা স্থাপনৰ বাবে তেওঁলোকৰ উপযুক্ত মাটি থকাৰ লগতে কাৰখানা স্থাপন কৰিবলৈ প্ৰয়োজনীয় পৰিৱেশ অনুজ্ঞা (Pollution License) থকাৰ কথা জনায়৷ প্ৰদীপ সিঙ আৰু চন্দন কলিতাৰ প্ৰস্তাৱ আছিল কোক উদ্যোগ স্থাপনৰ বাবে বিধায়ক ভাস্কৰ শৰ্মাই সকলো সহযোগিতা আগবঢ়াব আৰু ইয়াৰ বিনিময়ত প্ৰতিখন কয়লাৰ ট্ৰাকৰ বিপৰীতে ভাস্কৰ শৰ্মাক দিব লাগিব ২০ হাজাৰ টকাকৈ৷ প্ৰদীপ সিঙ আৰু চন্দন কলিতাই ঈশান জৈনক প্ৰস্তাৱ দিয়ে –

 

[ক] নতুনকৈ প্ৰতিষ্ঠা হোৱা কোম্পানীৰ নামত পৰিৱেশ অনুজ্ঞা(Pollution  License) হস্তান্তৰ কৰি দিব৷ 

[খ] কনচেণ্ট টু অপাৰেট(Consent to Operate) ৰ ব্যৱস্থা কৰি দিব৷ 

[গ] নতুনকৈ গঠিত কোম্পানীৰ নামত মাটিৰ লিজৰ সকলো নথি-পত্ৰ হস্তান্তৰ কৰি দিব৷

 

বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ সহযোগিসকলৰ প্ৰস্তাৱ অনুসৰিয়ে কলকাতাৰ ব্যৱসায়ী ঈশান জৈনে ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ সিঙৰ সৈতে এটা কোম্পানী গঠন কৰে৷ কোম্পানীটোৰ নাম  ব্ৰাইটচাইন কোক এণ্ড ক’ল প্ৰাইভেট লিমিটেড৷ কোম্পানীটোৰ সঞ্চালক হ’ল ঈশান জৈন আৰু প্ৰদীপ সিঙ৷ এই কোম্পানীটোত ঈশান জৈনৰ ২ লাখ ৫০ হাজাৰটা শ্বেয়াৰ থকাৰ বিপৰীতে প্ৰদীপ সিঙৰ শ্বেয়াৰ আছিল মাত্ৰ ১ হাজাৰটা৷ অৰ্থাৎ কোম্পানীৰ সকলো বিনিয়োগ যে কলকাতাৰ ব্যৱসায়ী ঈশান জৈনে কৰিছিল সেয়া স্পষ্ট৷ আনহাতে টিৰাপ মৌজাৰ টিপং পানী নতুন গাঁৱৰ ২০ নং পট্টা ১২৬ নং দাগৰ ৭ বিঘা মাটিত ঈশান জৈন আৰু প্ৰদীপ সিঙৰ নামত লিজত লোৱাৰ বন্দবস্তি কৰা হয়৷ সেই মাটিত ডিচেম্বৰ, ২০২২ চনত প্ৰায় ৫ কোটি টকাৰ বিনিয়োগেৰে উদ্যোগ স্থাপনৰ কাম সম্পূৰ্ণ হৈ উঠে৷ প্ৰাপ্ত তথ্য মতে বিনিয়োগৰ ১০০ শতাংশই ঈশান জৈনৰ৷ কিন্তু উদ্যোগৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগেই এইবাৰ ভাস্কৰ শৰ্মা বাহিনীয়ে অন্য ৰূপ দেখুৱাবলৈ আৰম্ভ কৰে৷ কথা আছিল- উদ্যোগ স্থাপনৰ পিছত ব্ৰাইটচাইন কোক আৰু ক’ল প্ৰাইভেট লিমিটেডলৈ হস্তান্তৰ কৰা হ’ব পৰিৱেশ অনুজ্ঞা আৰু কনচেণ্ট টু অপাৰেট চাৰ্টিফিকেট৷ কিন্তু ব্ৰাইটচাইন কোক আৰু ক’ল প্ৰাইভেট লিমিটেডলৈ হস্তান্তৰ কৰা নহ’ল পৰিৱেশ অনুজ্ঞা আৰু কনচেণ্ট টু অপাৰেট চাৰ্টিফিকেট৷ তাৰ পৰিৱৰ্তে ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ সিঙে গুণ্ডা বাহিনী লগাই সদলবলে প্ৰৱেশ কৰে ঈশান জৈনে স্থাপন কৰা উদ্যোগত৷ অভিযোগ অনুসৰি তাৰ পাছত ঈশান জৈনকে নিজৰ উদ্যোগৰ পৰা বাহিৰ কৰি দিয়ে আৰু কেতিয়াও সেই স্থানত প্ৰৱেশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে৷ 

কেৱল সিমানতেই শেষ হোৱা নাছিল ভাস্কৰ শৰ্মা বাহিনীৰ গুণ্ডাৰাজ৷ ২৪ জানুৱাৰী, ২০২৩ তাৰিখে মাৰ্ঘেৰিটা আৰক্ষীয়ে ভাড়াঘৰৰ পৰা কলকাতাৰ ব্যৱসায়ী ঈশান জৈনক আটক কৰি থানালৈ আনে আৰু ওৰে ৰাতি যুৱ ব্যৱসায়ীজনক ভয় ভাবুকি প্ৰদান কৰি মাৰ্ঘেৰিটা এলেকাৰ পৰা পলাই যাবলৈ নিৰ্দেশ দিয়ে৷ পাছদিনা পুৱা থানাৰ পৰা ঈশান জৈনক মুকলি কৰি দিয়া হয় আৰু তৎকালে মাৰ্ঘেৰিটা ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰা হয়৷ যোৱা ২৫ জানুৱাৰীত ঈশান জৈনে মাৰ্ঘেৰিটাৰ পৰা পলাই যায়৷ ভাস্কৰ শৰ্মা বাহিনীৰ ধাৰাবাহিক ভাবুকি আৰু আৰক্ষীৰ অত্যাচাৰৰ পাছত ঈশান জৈনে কোম্পানীটোৰ সঞ্চালকৰ পদেই ত্যাগ কৰে৷ নতুন উদ্যোগীজনে ভাস্কৰ শৰ্মা বাহিনীৰ মাফিয়াগিৰিত ইমানেই ভয় খায় যে কোম্পানীটোৰ আন এজন সঞ্চালক মহেশ ভীমচাৰিয়াই জনোৱা অনুসৰি ঈশান জৈন মানসিকভাৱে ভাগি পৰে৷ বিগত ১৫ জুনত ঈশান জৈনৰ স্থানত কোম্পানীৰ সঞ্চালক হিচাপে যোগদান কৰে তেওঁৰেই আত্মীয় মহেশ ভীমচাৰিয়াই৷ কিন্তু ভাস্কৰ শৰ্মা বাহিনীয়ে আগৰ দৰেই ভয় ভাবুকিৰে মহেশ ভীমচাৰিয়াকো উদ্যোগত প্ৰৱেশ কৰিবলৈ দিয়া নাই৷ এক অৰ্থত ভয় ভাবুকিৰে কলকাতাৰ ব্যৱসায়ীয়ে স্থাপন কৰা উদ্যোগটো কাঢ়ি ল’লে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাহিনীয়ে৷ উপায়হীন হৈ কলকাতাৰ ব্যৱসায়ীগৰাকী তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ ওচৰ চাপিল৷ কিন্তু আৰক্ষী অধীক্ষকজনে এতিয়া পৰ্যন্ত গোচৰেই  ৰুজু নকৰিলে৷ তাৰ পাছত শেহতীয়াকৈ কলকাতাৰ ব্যৱসায়ীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুখনকৈ চিঠি লিখি স্পষ্টভাৱে উল্লেখ কৰিছে যে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ দুজন সহযোগী প্ৰদীপ জৈন আৰু চন্দন কলিতাই ব্ৰাইটচাইন কোক এণ্ড ক’ল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ দ্বাৰা ১০০ শতাংশ বিনিয়োগ কৰা উদ্যোগটো কাঢ়ি  লৈছে৷ অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ জনোৱাৰ পাছতো কলকাতাৰ ব্যৱসায়ীজনক এতিয়ালৈকে উদ্যোগটো ঘূৰাই দিয়া নাই৷ ৰাইজৰ দলে আজি সংবাদ মেলৰ জৰিয়তে অসমৰ শাসকীয় দলৰ বিধায়কৰ এই গুণ্ডাৰাজ বন্ধ কৰিবলৈ, ভাস্কৰ শৰ্মা আৰু আন দুজন মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ আৰু উদ্যোগটো কলকাতাৰ ব্যৱসায়ীজনক ঘূৰাই দিবলৈ অসম চৰকাৰক দাবী উত্থাপন কৰিছে৷ এই ঘটনাই অসমৰ আইন শৃংখলাৰ পৰিস্থিতি সম্পূৰ্ণ উদঙাই দিলে বুলিও দলটোৱে সংবাদ মেলৰ জৰিয়তে ব্যক্ত কৰে৷ সংবাদ মেলত ৰাইজৰ দলে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ আমোলত অসমত আৰম্ভ হৈছে মুকলি জংঘলৰাজ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd