• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

হাওফাওৰ কৰ্কটৰোগ বা লাং কেঞ্চাৰ কি?

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
October 9, 2023 7:30 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিপূৰ্বে কেইবাবিধো কেঞ্চাৰ বা কৰ্কটৰোগৰ বিষয়ে লিখি আহিছোঁ। এইবাৰ আপোনালোকক জনাবলৈ লৈছোঁ সততে শুনিবলৈ পোৱা আন এবিধ কেঞ্চাৰৰোগ-হাওফাওৰ কেঞ্চাৰৰোগ বা লাং কেঞ্চাৰৰ বিষয়ে। লাংছ বা হাওফাও হৈছে মানৱদেহৰ বুকুৰ দুফালে থকা দুটি ত্ৰিকোণ আকৃতি সোপোকা অংগ, যি উশাহ-নিশাহৰ প্ৰক্ৰিয়াক চলাই নিয়ে। আমি উশাহ লওতে অক্সিজেন ভিতৰলৈ যায় আৰু হাওফাওৱে ইতিমধ্যে নিষ্কাষণ কৰা কাৰ্বন-ডাই অক্সাইড গেছ হাওফাওৰ পৰা নিশ্বাসত দেহৰ বাহিৰলৈ এৰি দিয়ে। এই দুই হাওফাওতেই ল’ব(Lobe)নামৰ অংশ এবিধ থাকে। সোঁফালৰ হাওফাওত তিনিটা Lobe আৰু বাওফালৰ হাওফাওত দুটা lobe থাকে। লগতে বায়ুবাহক নলিকাৰ পৰা ব্ৰংকি(Bronchi)নামৰ দুডাল নলিকা দুই সোঁ আৰু বাও হাওফাওলৈকে যায়। এই ব্ৰংকি দুডালো কেতিয়াবা হাওফাওৰ কৰ্কটৰোগৰ কাৰক হৈ পৰে। হাওফাওৰ কৰ্কটৰোগ বা লাং কেঞ্চাৰ বিশ্বৰ উচ্চ হাৰত হোৱা কৰ্কটৰোগৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। হাওফাওৰ কৰ্কটৰোগ,কৰ্কটৰোগৰ ফলত সমগ্ৰ বিশ্বজুৰি হোৱা মৃত্যুৰ এক মুখ্য কাৰণ বুলি পৰিগণিত হৈছে।  

  সাধাৰণতে ধূম্ৰপানকেই হাওফাওৰ কৰ্কটৰোগৰ মূল কাৰক বুলি ধৰা হয়। যদিও আৰু অন্যান্য বহু কাৰক আছে।  প্ৰথমেই আহিছোঁ এই ৰোগৰ কাৰকৰ বিষয়ে জনাবলৈ। ধূম্ৰপান কৰোতাৰ লগতেই যি চেকেণ্ড হেণ্ড স্ম’কাৰ হয়,অৰ্থাৎ যিজনে নিজে ধূম্ৰপান নকৰি পৰোক্ষভাৱে কৰে বা আনে সেৱন কৰা ধূম্ৰপানৰ ধোঁ‌ৱা সেৱন কৰে,তেওঁলোকৰো হাওফাওৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা প্ৰবল হয়। অৱশ্যে ইয়াৰ পৰিৱৰ্তে আকৌ কাহানিও ধূম্ৰপান নকৰা বা পৰোক্ষভাৱেও ধূম্ৰপান নকৰা মানুহো হাওফাওৰ কৰ্কটৰোগত আক্ৰান্ত হয়। ইয়াৰ কোনো নিৰ্ধাৰিত কাৰক নাই বা কাৰক স্পষ্ট নহয়।

Apply Now

   এতিয়া এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে জনাবলৈ ওলাইছো। আন আন কৰ্কটৰোগৰ দৰেই হাওফাওৰ কৰ্কটৰোগৰো কিছু শাৰিৰীক লক্ষণ আছে। এই লক্ষণসমূহ তলত উল্লেখ কৰিবলৈ লৈছোঁ—

১) নতুনকৈ হোৱা কাহ, যি দীৰ্ঘ সময়ৰ বাবে ভাল নহয়।

২) অতি কম পৰিমাণে হ’লেও কফ বা শ্লেষ্মাত তেজ পৰা,

৩) উশাহ চুটি হোৱা,

৪) বুকুৰ বিষ হোৱা,

৬) কন্ঠস্বৰ ভাঙিবলৈ ধৰা,

৭) কোনো চেষ্টা নকৰাকৈয়েই হোৱা ওজন হ্ৰাস,

৮) হাড়ৰ বিষ,

৯) মূৰৰ বিষ ইত্যাদি।

   উপৰোক্ত লক্ষণসমূহে দেখা দিলে,ততালিকে চিকিৎসকৰ ওচৰ চাপক আৰু প্ৰয়োজনীয় পৰামৰ্শ গ্ৰহণ কৰক। হাওফাওৰ কৰ্কটৰোগক চিকিৎসাবিজ্ঞানে দুই প্ৰকাৰত ভাগ কৰিছে-

১) স্মল চেল লাং কেঞ্চাৰ আৰু,

২) নন স্মল চেল লাঙ কেঞ্চাৰ।

  হাওফাওৰ এই দুই প্ৰকাৰৰ কৰ্কটৰোগৰ বিষয়ে পৰৱৰ্তী লিখাত সবিশেষ জনাবলৈ চেষ্টা কৰিম। কেঞ্চাৰৰ পৰীক্ষাত হাওফাওৰ কেঞ্চাৰৰোগ ধৰা পৰিলে, এই দুই প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিহে চিকিৎসকে নিৰ্দ্দিষ্ট চিকিৎসা আগবঢ়াই। হাওফাওৰ কৰ্কটৰোগ ধৰা পেলাবৰ বাবে চিকিৎসকে ভিন্ন পৰীক্ষণ যেনে-বুকুৰ এক্স ৰে,চি টি স্কেন,এম আৰ আই,পেট স্কেন,ব’ন স্কেন ইত্যাদিৰ পৰামৰ্শ দিয়ে।

  এতিয়া আহিছোঁ হাওফাওৰ কৰ্কটৰোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি,সেই দিশলৈ। যদিওবা কিছু কিছু দিশত হাওফাওৰ কৰ্কটৰোগৰ কাৰণ অজানা হয়,তথাপিও যিখিনি কাৰণ স্পষ্টভাৱে প্ৰমাণিত সেইখিনিৰ ক্ষেত্ৰতেই প্ৰতিৰোধৰ ব্যৱস্থা নিশ্চয়কৈ কৰিব পাৰি। এনে কেইবিধমান প্ৰতিৰোধৰ বিষয়ে তলত উল্লেখ কৰিছো-

১) ধূম্ৰপান নকৰিব। যিহেতু ধূম্ৰপানৰ পৰা কোনো শাৰিৰীক লাভালাভ নহয়েই,বৰঞ্চ ক্ষতিহে হয়,গতিকে ধূম্ৰপান নকৰাই উচিত। লগতে ই হাওফাওৰ কেঞ্চাৰৰ মুখ্য কাৰণ৷

২) যদিহে ধূম্ৰপান কৰেও,বা কৰি আছে,তেন্তে এই অভ্যাস পৰিত্যাগ কৰক। নিজে এই অভ্যাস পৰিত্যাগত অসুবিধা পালে চিকিৎসকৰ পৰামৰ্শ লওক।

৩) চেকেণ্ড হেণ্ড স্ম’ক বা পৰোক্ষ ধূম্ৰপানৰ পৰাও বিৰত থাকক। যদিহে আপোনাৰ লগত বা আশে-পাশে থকা কোনোবাই ধূম্ৰপান কৰে,তেন্তে তেওঁক বাহিৰত অথবা আপোনাৰ পৰা নিলগত(আপুনি সেইধোৱা সেৱন কৰিব নোৱাৰাকৈ) ধূম্ৰপান কৰিবলৈ কওক। লগতে তেওঁকো ধূম্ৰপানৰ অভ্যাস ত্যাগ কৰিবলৈ ক’ব পাৰে।

৪) বাসস্থানত ৰেড’ন নামৰ ৰেডিঅ’এক্টিভ গেছবিধৰ উপস্থিতি পৰীক্ষা কৰিব পৰা ব্যৱস্থা থাকিলে কৰোৱা।

৫) কৰ্মক্ষেত্ৰত কাৰ্চিন’জেনিক অৰ্থাৎ কেঞ্চাৰ সৃষ্টিকাৰক উপাদানৰ পৰা নিজকে বচাই বা সুৰক্ষিত কৰি ৰখা। 

   ওপৰত উল্লেখ কৰা ৱ্যৱস্থাসমূহ গ্ৰহণ কৰি আপুনি নিজকে হাওফাওৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ পৰা বহুখিনি সুৰক্ষিত কৰি ৰাখিব পাৰিব। পৰৱৰ্তী লেখাত হাওফাওৰ কৰ্কটৰোগৰ আৰু কিছু কথা জনাবলৈ চেষ্টা কৰিম। 

ডাঃ বিক্ৰম কুমাৰ ডেকা।
কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)
চিকিৎসকৰ ফোনঃ৯৫৬০৬৩০২০৫

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

June 18, 2026 7:52 pm
চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd