• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত নিহত কমেও ৪জন; আহত শতাধিক, মুকলি হেল্পলাইন নম্বৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2023 7:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3.9k
VIEWS
Share on FacebookShare on Twitter

কেইমাহমানৰ আগতে ওড়িশাত সংঘটিত হোৱা এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই দেশ কঁপাই তুলিছিল। কৰমণ্ডল এক্সপ্ৰেছৰ শোকাৱহ ঘটনাৰ পিছতে আন এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ দুৰ্ঘটনাস্থলী বিহাৰৰ ৰঘুনাথপুৰ। যোৱা নিশা নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’লপথৰ পৰা লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত কেইবাজনো যাত্ৰীৰ মৃত্যু ঘটিছে। আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা জংচনৰ মাজত ১২৫০৬ নৰ্থ-ইষ্ট ছুপাৰফাষ্ট এক্সপ্ৰেছ চলি আছিল।

যোৱা নিশা ৯:৩০ বজাৰ খন্তেক পিছতে বিহাৰৰ ৰঘুনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত নৰ্থ-ইষ্ট ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লপথৰ পৰা লাইনচ্যুত হয়। এই দুৰ্ঘটনাত কমেও ১০০ যাত্ৰী আহত হয়। ইফালে মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বক্সাৰ আৰক্ষী অধীক্ষকে যোৱা নিশা সংঘটিত দুৰ্ঘটনাৰ পিছত ১ জন লোকৰ মৃত্যুৰ খবৰ দিছিল।

ইফালে ৰে’লখনৰ ২১টা দবা লাইনচ্যুত হোৱা বুলি জানিব পৰা গৈছে। ৰে’লখনৰ তিনিটা এচি কম্পাৰ্টমেণ্টৰ ভিতৰত দুটা লাইনত ছিটিকি পৰি গৈছে। জানিব পৰা মতে, নিৰ্ধাৰিত সময়তকৈ ১ ঘণ্টা ৪০ মিনিট পলমকৈ চলি আছিল ৰে’লখন। বিহাৰৰ বাক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত যোৱা নিশা প্ৰায় ৯:৩৫ বজাত ৰে’লখন ৰেলপথৰ পৰা ওলাই যায়। ইফালে দুৰ্ঘটনাৰ বাবে সেই লাইনত ৰে’লৰ চলাচল বন্ধ হৈ পৰিছে।

ফটোঃ সংগ্ৰহীত।

দুৰ্ঘটনাৰ ফলত বিদ্যুতৰ খুঁটা, চিগনেল পোষ্ট আৰু আপ-ডাউন লাইনৰ ক্ষতিসাধন হয়। সেই পৰিস্থিতিত নতুন দিল্লী-হাওৰা মেইন লাইনত ৰে’লৰ চলাচল ব্যাহত হৈ পৰে। বহু ৰে’লৰ পথ সলনি কৰা হৈছে। কিছু ৰে’ল বাতিল কৰা হৈছে। ৰে’ল পৰিসেৱা স্বাভাৱিক কৰাৰ কৰাৰ বাবে ক্ষিপ্ৰ প্ৰচেষ্টা অব্যাহত আছে। নিশা ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলে সেই স্থানত উপস্থিত হয়।

ইপিনে, কিহৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হ’ল আৰু ৰে’লৰ দবাবোৰ ৰে’লপথৰ পৰা লাইনচ্যুত হৈ পৰিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ এখন কমিটী গঠন কৰা হৈছে। কিন্তু ৰে’লৱেই মূলতঃ উদ্ধাৰ অভিযান আৰু সেৱাসমূহ স্বাভাৱিক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অৱশ্যে উদ্ধাৰ অভিযানৰ সময়তে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ হ’ব।

আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা বিভিন্ন ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। সেইবোৰ হ’ল-

পাটনা :-৯৭৭১৪৪৯৯৭১

দানাপুৰ :-৮৯০৫৬৯৭৪৯৩

COMM নিয়ন্ত্ৰণ:-৭৭৫৯০৭০০০৪

দীন দয়াল উপাধ্যায় ষ্টেচন:- ৯৭৯৪৮৪৯৪৬১

তিনিচুকীয়া:- ৯৯৫৭৫৫৫৯৮৪

লামডিং:- ৯৯৫৭৫৫৩৯১৫

আলিপুৰদুৱাৰ:- ৯০০২০৫২৯৫৭

ৰঙিয়া:- ৯২৮৭৯৯৮১৬৬

বৰপেটা ৰোড:- ৯২৮৭৯৯৮১৭৩

নতুন বঙাইগাঁও:- ৮০১১১৬৭০৭৮

বাণিজ্যিক নিয়ন্ত্ৰণ, ৰঙিয়া:- ৯৯৫৭৫৫৪৯৬৮

কাটিহাৰ:- ৯৬০৮৮১৫৮৮০

বৰছই:- ৭৫৪১৮০৬৩৫৮

কিষানগঞ্জ:- ৭৫৪২০২৮০২০

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসা দলৰ সৈতে এখন বিশেষ ৰে’ল ৰঘুনাথপুৰৰ দুৰ্ঘটনাস্থলীলৈ ৰাওনা হয়। ইফালে এখন বিশেষ ৰে’লেও গভীৰ নিশা ৰঘুনাথপুৰ ষ্টেচনত উপস্থিত হৈ ৰে’লৰ বাকী থকা যাত্ৰীসকলক নিৰাপদে গন্তব্যস্থানলৈ লৈ যায়। 

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd