যুদ্ধবিৰতি উলংঘা কৰি সীমান্তত পুনৰ গুলীচালনা কৰিছে পাকিস্তানে। জম্মুৰ আৰ্নিয়া ছেক্টৰৰ সমীপত যুদ্ধবিৰতি উলংঘাৰে পাকিস্তানী ৰেঞ্জাৰে চলোৱা গুলীচালনাত সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বি এছ এফৰ দুজন জোৱান আহত হয়।
বি এছ এফে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি মঙলবাৰে পুৱা প্ৰায় ৮.১৫ বজাত আৰ্নিয়া ছেক্টৰৰ বিক্ৰম প’ষ্টত পাকিস্তান ৰেঞ্জাৰসকলে ভাৰতীয় সৈন্যৰ ওপৰত গুলীচালনা কৰে।
পাকিস্তানৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত এছ এফৰ জোৱানসকলেও গুলীচালনা কৰে বুলি বিবৃতিটোত বি এছ এফে লগতে উল্লেখ কৰে। আহত জোৱানকেইজনক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দুয়োগৰাকী জোৱান সম্প্ৰতি সংকটমুক্ত বুলি অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে। লক্ষনীয়ভাৱে ২০২১ চনৰ ফেব্ৰুৱাৰীত দুই দেশৰ সেনাৰ মাজত যুদ্ধবিৰতিৰ বুজাবুজিৰ পিছত এইটোৱেই হৈছে যুদ্ধবিৰতি উলংঘাৰ প্ৰথমটো বৃহৎ ঘটনা।
২৫ ফেব্ৰুৱাৰীত স্বাক্ষৰ কৰা যুদ্ধবিৰতি চুক্তিত দুয়োখন ৰাষ্ট্ৰই জম্মু-কাশ্মীৰ আৰু অন্যান্য খণ্ডত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া যুদ্ধবিৰতি সম্পৰ্কীয় সকলো চুক্তি কঠোৰভাৱে পালন কৰিবলৈ সন্মত হৈছিল।
ইফালে মঙলবাৰে আন এক ঘটনাত বি এছ এফে পঞ্জাৱৰ টাৰ্ণ তৰণ জিলাত আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি অজানিতে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰে।
পাক নাগৰিকজনক সোধা-পোছাৰ সময়ত তেওঁ অজানিতে ভাৰতৰ ভূখণ্ড পাৰ হোৱা বুলি জানিব পাৰে। তেওঁৰ পৰা আপত্তিজনক কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাছিল বুলিও কোৱা হৈছে।