• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

সমুখত আজি নিউজিলেণ্ড: এফালে আঘাত, আনফালে মৌৰ কামোৰ! চিন্তিত ভাৰতীয় শিবিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2023 7:59 am
India vs New Zealand Suryakumar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মাটিত ২০১১ৰ পুনৰাবৃত্তিৰ দিশত আশাব্যঞ্জক দৌৰ অব্যাহত আছে ভাৰতৰ। ইতিমধ্যে লীগৰ প্ৰথম চাৰিখন মেচত দমনীয় জয়েৰে ভাৰতীয় দলে নিজকে প্ৰমাণ কৰিছে বিশ্বকাপৰ হট ফেভাৰিট ৰূপে।

এই প্ৰদৰ্শনৰ দৌৰ অব্যাহত ৰখাৰ লক্ষ্যৰে আজি পঞ্চমখন মেচত ধৰমশালাত নিউজিলেণ্ডৰ সন্মুখীন হ’ব ভাৰত। চলিত বিশ্বকাপত এই পৰ্যন্ত দুয়োটা দল অপৰাজেয় হৈ আছে যদিও উন্নত ৰাণ ৰেটৰ ভিত্তিত পইণ্ট তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ড।

Apply Now

গতিকে আজি দুই শক্তিশালী দলৰ মাজত এক ৰোমাঞ্চকৰ মেচৰ আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে। লক্ষনীয়ভাৱে, ২০০৩ চনৰ পিছত ভাৰতে কোনো আইচিচি প্ৰতিযোগিতাত কিৱি বাহিনীক পৰাস্ত কৰিব পৰা নাই ভাৰতে।

এনে অৱস্থাত আজিৰ মেচখন ভাৰতৰ বাবে হৈ পৰিছে বিশেষ গুৰুত্বপূৰ্ণ। পিছে এই গুৰুত্বপূৰ্ণ মেচখনতে ভাৰতীয় শিবিৰত বিৰাজ কৰিছে চিন্তাই। আঘাতৰ সমস্যাই ভাৰতীয় দলক মেচৰ পূৰ্বেই পেলাইছে শলঠেকত।

বাংলাদেশৰ বিপক্ষে মেচত বলিঙৰ সময়তে ভৰিত আঘাত পাইছিল দলৰ তাৰকা তথা নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই। এই আঘাতৰ পিছতে খেলপথাৰ এৰিবলৈ বাধ্য হৈছিল খেলুৱৈগৰাকী।

সূত্ৰ অনুসৰি, সম্পূৰ্ণ আঘাতমুক্ত নোহোৱাৰ বাবে আজিৰ মেচত দলত নাথাকিব পাণ্ডিয়া। অলৰাউণ্ডাৰগৰাকীৰ আঘাতক লৈ ভাৰতীয় দল চিন্তান্বিত হোৱাৰ মাজতে আহিছে আন এগৰাকী তাৰকা সূৰ্যকুমাৰ যাদৱৰ আঘাতৰ খবৰ।

প্ৰকাশিত খবৰ অনুসৰি, শনিবাৰে অনুশীলনৰ সময়ত হাতত আঘাত পাইছে সূৰ্যকুমাৰ যাদৱে। এই আঘাতৰ বাবে ভিডল অৰ্ডাৰ বেটাৰগৰাকীয়ে আধাতে অনুশীলন এৰিব লগা হয় বুলি জানিব পৰা গৈছে।

ইফালে অনুশীলনৰ সময়তে আন এগৰাকী বেটাৰ ঈশান কিষণক মৌমাখিয়ে কামোৰা বুলি জানিব পৰা গৈছে। ডিঙিৰ পিছফালে মৌমাখিৰ কামোৰৰ পিছতে অনুশীলনৰ পৰা খৰখেদাকৈ বাহিৰ হ’বলগীয়া হৈছিল খেলুৱৈগৰাকী।

অৱশ্যে সম্প্ৰতি তেওঁ সুস্থ অৱস্থাত আছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখ্য যে, বিশ্বকাপৰ প্ৰথম দুখন মেচত গিলৰ অসুস্থতাৰ হেতু ঈষানে মূল একাদশত সুযোগ লাভ কৰিছিল। প্ৰথমখন মেচত ব্যৰ্থ হ’লেও দ্বিতীয় মেচত তেওঁ ৪৭ ৰানৰ এক সুন্দৰ ইনিংছ খেলিছিল।

আনহাতে এইপৰ্যন্ত বিশ্বকাপৰ বাবে মূল একাদশত স্থান লাভ নকৰা সূৰ্যকুমাৰে পাণ্ডিয়াৰ অনুপস্থিতিত বিশ্বকাপ অভিষেক ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। কিন্তু আঘাতৰ বাবে আজিৰ মেচত যাদৱৰ উপস্থিতিও সন্দেহৰ মাজত সোমাই পৰিছে।

এনে অৱস্থাত আজি মূল একাদশ অৱতীৰ্ণ কৰোৱাত ভাৰতীয় দল স্বাভাৱিকতেই কিছু অসুবিধাৰ সন্মুখীন হ’ব। যদি যাদৱ দলত নাথাকে ঈষাণেই দলত স্থান লাভ কৰাটো একপ্ৰকাৰে নিশ্চিত।

আনহাতে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ খৰাং আঁতৰোৱাৰ লক্ষ্যৰে বলিং বিভাগত কিছু সালসলনিৰো সম্ভাৱনা আছে। এনে হ’লে দুই অভিজ্ঞ খেলুৱৈ মহম্মদ ছামি আৰু ৰবিচন্দ্ৰন অশ্বিনেও মূল একাদশত সুযোগ পাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd