• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

অৱশ্যে এই আক্ৰমণ কোনে সংঘটিত কৰিছে বা ইয়াৰ উদ্দেশ্য কি আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2026 11:14 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশখনত সংঘটিত হৈছে এক শিহৰণকাৰী গুলীচালনাৰ ঘটনা। গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত হঠাৎ নিৰ্বিচাৰ গুলীচালনাত বহু লোক নিহত হয়। খবৰ অনুসৰি শুকুৰবাৰে জৰ্ডানৰ কাৰাক চহৰৰ এটা গীৰ্জাৰ ভিতৰত এজন অচিনাক্ত আক্ৰমণকাৰীৰ গুলীচালনাত ৭ জন লোক নিহত হোৱাৰ লগতে ৩৪ জন আহত হয়।

অৱশ্যে এই আক্ৰমণ কোনে সংঘটিত কৰিছে বা ইয়াৰ উদ্দেশ্য কি আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

বাতৰি অনুসৰি, জৰ্ডানৰ ৰাজধানী আম্মানৰ পৰা প্ৰায় ১৮০ কিলোমিটাৰ দক্ষিণে অৱস্থিত কাৰাক চহৰৰ গ্ৰীক অৰ্থডক্স গীৰ্জাত এই গুলীচালনা সংঘটিত হয়। জৰ্ডান চৰকাৰৰ মুখপাত্ৰ মহম্মদ আল মোমানীয়ে মৃত আৰু আহত লোকৰ সংখ্যাৰ খবৰ দিয়ে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে নিৰাপত্তা সংস্থাই।

Apply Now

কাৰাকত এটা খ্ৰীষ্টান সংখ্যালঘু জনগোষ্ঠীও আছে। অৱশ্যে মৃত আৰু আহত কোন সম্প্ৰদায়ৰ আছিল বা আক্ৰমণকাৰীয়ে কাক লক্ষ্য কৰি লৈছিল সেই কথা এতিয়াও কৰ্তৃপক্ষই সদৰী কৰা নাই।

ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে গীৰ্জাঘৰৰ ওচৰত নিৰাপত্তা বাহিনী নিয়োজিত হৈ সন্দেহযুক্ত লোকক খেদি ফুৰিছে। কাৰাকৰ হামুদ গীৰ্জাত শেষকৃত্যৰ শোভাযাত্ৰাৰ সময়ত বন্দুকধাৰীয়ে গাড়ীৰ পৰা নামি গুলীচালনা কৰে। ফুটপাথৰ পৰা তিনিজন লোকে গীৰ্জালৈ লক্ষ্য কৰি গুলীচালনা কৰে।  আক্ৰমণকাৰীসকলে গীৰ্জাৰ প্ৰৱেশদ্বাৰৰ ফালে দৌৰি যোৱাৰ আগেয়ে গছ আৰু সৰু দেৱালৰ আঁৰত লুকাই আছিল।

কেইবাজনো প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ৰাইফল আৰু পিষ্টল লৈ কমেও দুজন লোকে উপস্থিত কেইবা ডজন লোকৰ ওপৰত কেইমিনিটমান ধৰি গুলীচালনা কৰে। জৰ্ডানৰ ৰজা আব্দুল্লাই কয় যে এই আক্ৰমণৰ আঁৰত থকা লোকসকলক “কঠোৰতম শাস্তি” বিহা হ’ব।

তেওঁ এক বিবৃতিত কয় যে “কাৰাকত সন্ত্ৰাসবাদী আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব। যিসকলে ভ্ৰান্ত ধাৰণা পোষণ কৰে যে তেওঁলোকে তেওঁলোকৰ গুলীৰে জৰ্ডানৰ জনসাধাৰণক বিভাজিত কৰিব পাৰিব, তেওঁলোকে আমাৰ ঐক্যৰ সন্মুখত টিকিব নোৱাৰিব।”

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল জৰ্ডানত এনে আক্ৰমণ বিৰল, য’ত দেশখন বহুলাংশে সুস্থিৰ। অৱশ্যে জৰ্ডানৰ কৰ্তৃপক্ষই বিগত কেইবছৰত ইছলামিক উগ্ৰপন্থীৰ কেইবাটাও আক্ৰমণৰ চেষ্টা বিফল কৰা বুলি প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

October 24, 2026 11:14 am
ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

October 24, 2026 9:29 am
লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

October 24, 2026 11:14 am
ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd