• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

স্বস্তি! অৱশেষত অতিক্ৰম ‘কিৱি প্ৰাচীৰ’

সুযোগ পায়েই চমকিল ছামি, অপ্ৰতিৰোধ্য বিৰাট: অথলে গ'ল মিচেলৰ দুৰন্ত শতক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2023 6:53 am
India beat New Zealand World Cup 2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ২০ টা বছৰ; ICCৰ কোনো বৃহৎ টুৰ্ণামেণ্টত সমুখত নিউজিলেণ্ড মানেই ৰণত পৰে ভাৰত। ২০০৩ চনত দক্ষিণ আফ্ৰিকা বিশ্বকাপতে কিৱি বাহিনীৰ বিপক্ষে মেন ইন ব্লুৱে দেখিছিল ICC টুৰ্ণামেণ্টত অন্তিমবাৰৰ বাবে বিজয়ৰ মুখ।

ইয়াৰ পিছত কেৱল মাত্ৰ ব্যৰ্থতা। ক্ৰমে ২০০৭, ২০১৬ আৰু ২০২১ ৰ টি-২০ বিশ্বকাপ, ২০১৯ৰ এদিনীয়া বিশ্বকাপ আৰু ২০২১ ৰ টেষ্ট চেম্পিয়নশ্বিপত কিৱি বাহিনীৰ সমুখত ৰুদ্ধ হৈ পৰিছিল ভাৰতৰ বিজয় ৰথ।

Apply Now

২২ গজৰ এই কুৰি বছৰীয়া নিৰন্তৰ ব্যৰ্থতাই বাৰে বাৰে আশাহত কৰি আহিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীক। অৱশেষত যেন পুনৰ ঘূৰিল ৰথৰ চকা! ধৰমশালাত হেলাৰঙে অতিক্ৰম কৰিলে অতদিনৰ অভেদ্য ‘কিৱি প্ৰাচীৰ’!

কাক কোৱা হয় এই বিজয় ৰথৰ সাৰথি বুলি! কোনে দিয়া নাই সৰ্বস্ব উজাৰি! বুমৰাহ, ছিৰাজৰ পৰা সুযোগ সন্ধানী অভিজ্ঞ ছামিক! কেচ পেলায়ো মুহূৰ্তৰ পিছতে স্বভাৱসিদ্ধ দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শন দাঙি জাদেজা; ৰোহিতৰ পৰা আৰম্ভ কৰি ৰান মেচিন কোহলীলৈ!

প্ৰতি গৰাকী খেলুৱৈয়েই আজি যেন দৃঢ় বিশ্বাসী, অৱসান ঘটাবই লাগিব দীৰ্ঘদিনিয়া ব্যৰ্থতাৰ! তাতে ষ্টেডিয়ামত ঘৰুৱা সমৰ্থকৰ সমুদ্ৰ সদৃশ অটল সমৰ্থন। মূৰকত আহিল সেই আকাংক্ষিত বিজয়। উজলিল মেন ইন ব্লু!

ইতিপূৰ্বে লীগৰ চাৰিওখন মেচতে অদমনীয় জয়েৰে আত্মবিশ্বাসী ৰোহিত বাহিনী। প্ৰতিগৰাকী খেলুৱৈয়েই আশাপ্ৰদ ফৰ্মত। অৱশ্যে আঘাতৰ বাবে দলত নাছিল অলৰাউণ্ডাৰ পাণ্ডিয়া। তথাপি বিকল্প হিচাপে আছিল সূৰ্যকুমাৰ।

অলৰাউণ্ডাৰ পাণ্ডিয়াৰ ঠাইত বিশেষজ্ঞ বেটাৰ হিচাপেই মূল একাদশত সূৰ্যকুমাৰ। আনহাতে শাৰ্দুলৰ ঠাইত অভিজ্ঞ ছামি। টছত জয়ী হৈ অধিনায়ক ৰোহিত লয় ফিল্ডিঙৰ সিদ্ধান্ত। অধিনায়কক নিৰাশ নকৰি প্ৰাৰম্ভিক অৱস্থাতে সঠিক আৰম্ভণিয়ে দিয়ে বলিং আক্ৰমণে।

নিখুঁত বলিঙেৰে নিউজিলেণ্ডক শলঠেকত পেলাই আৰম্ভণিতেই আঘাত হানে ভাৰতে। ইনিংছৰ চতুৰ্থ অভাৰৰ তৃতীয় বলত ছিৰাজে বিদায় দিয়ে দুৰন্ত ফৰ্মত থকা কনৱে’ক (০)।

আনহাতে চলিত বিশ্বকাপত প্ৰথমবাৰৰ বাবে সুযোগ পোৱা ছামিয়ে ইনিংছৰ নৱম অভাৰত বল হাতত লৈ প্ৰথমটো বলতে বিদায় দিয়ে আনগৰাকী অপেনাৰ ইয়ঙক (১৭)। দুই অপেনাৰৰ বিদায়ৰ সময়ৰ নিউজিলেণ্ডৰ স্ক’ৰ মাত্ৰ ১৯ ৰাণ।

ইয়াৰ কিছুসময় পিছতে ছামিৰ বলতে ৰচিন ৰবীন্দ্ৰয়ো জাদেজাৰ হাতত কেচ তুলি দিছিল যদিও একপ্ৰকাৰে আশ্চৰ্যকৰভাৱেই কেচ ড্ৰপ কৰে সাম্প্ৰতিক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিল্ডাৰগৰাকীয়ে আৰু এই জীৱনদান লাভ কৰিয়ে ৰবীন্দ্ৰই মিচেলৰ সৈতে গঢ়ি তোলে কিৱি বাহিনীৰ ইনিংছ।

চমকপ্ৰদ বেটিঙেৰে দুয়ো তৃতীয় উইকেটত যোগ দিয়ে অনবদ্য ১৫৯ ৰাণ। অৱশ্যে এই যুটী ভংগ কৰি ছামিয়ে বিদায় দিয়ে ৰবীন্দ্ৰক (৭৫)। ইয়াৰ পিছত অৱশ্যে পুনৰ ট্ৰেকলৈ ঘূৰে ভাৰতীয় বলিং লাইন আপ আৰু বান্ধি ৰাখে নিউজিলেণ্ডক।

তাৰ মাজতেই অৱশ্যে অকলশৰীয়া যুঁজ দি ডেৰিল মিচেল খেলে ১৩০ ৰাণৰ এক দৃষ্টিনন্দন ইনিংছ। ১২৭ বলৰ ইনিংছটোত মিচেলে কোবায় ৯ টা চাৰি আৰু ৫ টা ছয়। তেওঁৰ বাদে ফিলিপছৰ বেটৰ পৰা আহে ২৩ ৰাণ। ব্যৰ্থ হয় আনসকল।

মেচখনত ভাৰতৰ এই চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ মূলতে আছিল মহম্মদ ছামি। অভিজ্ঞ পেচাৰগৰাকীয়ে নিজ স্পেলত ৫৪ ৰাণৰ বিনিময়ত ৫ টা উইকেট দখল কৰি খহাই তোলে কিৱি বেটিং লাইন আপ। খৰচী হ’লেও কুলদীপৰ হাতলৈ যায় দুটা উইকেট। এটাকৈ পায় বুমৰাহ-ছিৰাজে।

ইফালে ২৭৪ ৰাণৰ লক্ষ্য আগত লৈ দুই অপেনাৰ ৰোহিত আৰু গিলে ভাৰতক দিয়ে আশানুৰূপ আৰম্ভণি। চলিত বিশ্বকাপত বিস্ফোৰক শৈলীৰে বেটিং কৰি অহা ৰোহিত আজিও কিৱি বলাৰৰ ওপৰত নিৰ্দয় হৈ পৰে।

অৱশ্যে ৪৬ ৰাণৰ ব্যক্তিগত স্ক’ৰত ৰোহিতক বিদায় দিয়ে ফাৰ্গুচনে। ইয়াৰ কিছু সময় পিছতে পেচাৰগৰাকীৰে চিকাৰ হয় গিলো (২৬)। আয়াৰ আৰু ৰাহুলেও আগবঢ়ায় ক্ৰমে ৩৩ আৰু ২৭ ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান। কিন্তু ভুল বুজাবুজিৰ বাবে দুৰ্ভাগ্যজনকভাৱে ৰাণ আউট হয় যাদৱ (২)।

হঠাতে হোৱা এই বিপৰ্যয় ফলত ১৯১ ৰাণত পাঁচ উইকেট হেৰুৱাই কিছু চিন্তাত পৰে ভাৰতীয় শিবিৰ। অৱশ্যে তেতিয়াও ক্ৰীজত আছিল চেজ মাষ্টাৰ বিৰাট কোহলী। ভাৰতৰ বহু যুঁজৰ নায়ক ৰাণ মেচিন কোহলীয়ে জাদেজাক সাৰথি কৰি আগুৱাই নিয়ে ভাৰতীয় ইনিংছ।

দুয়ো ষষ্ঠ উইকেটত ৭৮ ৰাণ যোগ দি ভাৰতক প্ৰায় জয়ৰ দুৱাৰডলিত উপনীত কৰায়। সেই সময়ত ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল মাত্ৰ পাঁচ ৰাণৰ। আনহাতে কোহলীকো শতৰাণৰ বাবে প্ৰয়োজন হৈছিল ৫ ৰাণৰে।

সেই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ কেৱল কোহলীৰ ওপৰতে। ইতিমধ্যেই নিশ্চিত হৈছে ভাৰতৰ জয়। কিন্তু এই জয়তকৈ যেন সেই মুহূৰ্তত অধিক আকৰ্ষণৰ বিষয় কোহলীৰ শতৰাণটোহে! নহ’বনো কিয় এই শতক সম্পূৰ্ণ হ’লেই কোহলীয়ে স্পৰ্শ কৰিলেহেঁতেন ক্ৰিকেটৰ ভগৱান শচীনক।

এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ত এই পৰ্যন্ত ৪৯ টা শতকেৰে শচীনে গঢ়ি থৈছে এক ঈৰ্ষণীয় অভিলেখ। এই ৰেকৰ্ড স্পৰ্শ কৰাৰ দিশেই অগ্ৰসৰ কোহলী। তাৰ বাবে প্ৰয়োজনীয় পাঁচ ৰাণ নিশ্চিত কৰাৰ বাবে বল বাউণ্ডেৰীৰ ওপৰেৰে পঠাই ছয় কোবোৱাৰ চেষ্টা কৰে কোহলীয়ে।

কিন্তু ব্যৰ্থ হয় কোহলীৰ এই প্ৰচেষ্টা। কাষ চাপিও স্পৰ্শ কৰাত ব্যৰ্থ হয় শচীনক। ৯৫ ৰাণত পেভিলিয়নমুখী হয় সাম্প্ৰতিক ক্ৰিকেটৰ অঘোষিত সম্ৰাটগৰাকী। আশাহত হয় অনুৰাগী। অৱশ্যে কিৱি বাহিনীৰ বিপক্ষে জয়ৰ আশা পিছে ঠিকেই পূৰণ হ’ল ভাৰতৰ।

ইনিংছৰ ৪৮ অভাৰৰ অন্তিমটো বলত চাৰি কোবাই জাদেজাই (৩৯) আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি ভাৰতক দিয়ে আকাংক্ষিত বিজয়। এই জয়ৰ লগে লগে ভাৰতৰ নিউজিলেণ্ডৰ বিপক্ষে থকা বৃহৎ টুৰ্ণামেণ্টৰ ব্যৰ্থতাৰ অৱসান ঘটাৰ লগতে পইণ্ট তালিকাৰ শীৰ্ষতো আৰোহণ কৰে।

দুৰ্দান্ত বলিঙেৰে সুযোগৰ সদব্যৱহাৰ কৰি পাঁচ উইকেট দখলেৰে ভাৰতৰ জয়ত অন্যতম প্ৰধান ভূমিকা লোৱা ছামি মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am
ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd