• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অদম্য আফগানিস্তান! পাকিস্তানক ৰুদ্ধ কৰি ল’লে ঐতিহাসিক জয়ৰ স্বাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2023 7:53 am
Afghanistan beat Pakistan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰীড়াত নাই কোনো অঘটনৰ পৰিভাষা। হয়তো থাকিব পাৰে শক্তিশালী অথবা দুৰ্বল অভিধা; কিন্তু জয় কিম্বা পৰাজয়ক কেতিয়াও অঘটনৰ পৰিভাষাৰে বাখ্যা কৰিব নোৱাৰি। জয় বা পৰাজয় নিৰ্ধাৰণ কৰে সময়ত দেখুওৱা পাৰদৰ্শিতা, প্ৰদৰ্শন আৰু যোগ্যতাই।

এই কথাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে আফগানিস্তানে। সাম্প্ৰতিক ক্ৰিকেট বিশ্বত আফগানিস্তানক দুৰ্বল বুলিলে ভুল হ’ব। তথাপি অভিজ্ঞতা আৰু পৰিসংখ্যাৰ ফালৰ পৰা পাকিস্তানতকৈ দুৰ্বলেই হ’ব দলটো। কিন্তু পৰিসংখ্যায়ো যে নিৰ্ণয় নকৰে মেচৰ ফলাফল!

Apply Now

চলিত বিশ্বকাপত নিজৰ চমকপ্ৰদ অভিযান অব্যাহত ৰাখি সোমবাৰে আফগান বাহিনীয়ে দুৰন্ত প্ৰদৰ্শনেৰে পাকিস্তানৰ বিপক্ষে পৰিসংখ্যাগত ব্যৰ্থতাৰ ধাৰাবাহিকতা ৰুদ্ধ কৰি সোৱাদ ল’লে ঐতিহাসিক জয়ৰ। লাভ কৰিল চলিত বিশ্বকাপত দ্বিতীয়টো জয়ৰ স্বাদ।

সোমবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত পাকিস্তানক ৮ উইকেটত বিধ্বস্ত কৰে হাছমাতুল্লাহ শ্বাহিদী নেতৃত্বাধীন দলটোৱে। অভিনৱ বেটিং প্ৰদৰ্শনেৰে ২৮৩ ৰাণৰ লক্ষ্য সহজেই অতিক্ৰমি দলটোৱে পাকিস্তানৰ বিপক্ষে প্ৰথমবাৰৰ বাবে এদিনীয়া ফৰ্মেটত জয়ৰ কৃতিত্ব লভে।

দলটোৰ এই জয়ৰ এক সবল ভেটি গঢ়ি তুলিছিল দুই অপেনাৰ ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জদ্ৰানে। শক্তিশালী পাক বলিং আক্ৰমণক হেলাৰঙে দিশহাৰা কৰি দুয়ো প্ৰথম উইকেটত বান্ধে ১৩০ ৰাণৰ এক সবল যুটী। জদ্ৰানতকৈ যেন অধিক নিৰ্দয় হৈ পৰিছিল গুৰবাজ।

আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি গুৰবাজে পাকিস্তানৰ সকলো সম্ভাৱনাক প্ৰথমেই থকা-সৰকা কৰি তোলে। ৫৩ টা বলত ৯ টা চাৰি আৰু এটা ছয়েৰে ৬৫ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি আউট হয় গুৰবাজ। এনে এক সবল স্থিতিৰ পিছত অৱশ্যে কিছু ধীৰে-স্থিৰে আগবাঢ়ে জদ্ৰান।

ৰহমত শ্বাহৰ সৈতে ইনিংছ আগুৱাই নি জদ্ৰানে দলক ১৯০ ৰাণৰ স্ক’ৰত উপনীত কৰায়। ধৈৰ্যশীল বেটিঙেৰে ইনিংছত গতি দি জদ্ৰান শতকৰ কাষ চাপিছিল যদিও ব্যক্তিগত ৮৭ ৰাণত তেওঁ হাছান আলিৰ চিকাৰ হয়।

জদ্ৰানৰ বিদায়ৰ পিছত আৰু অৱশ্যে কোনো হানি নঘটিল আফগান ইনিংছত। ৰহমত শ্বাহ আৰু অধিনায়ক হছমাতুল্লাহ শ্বাহিদিয়ে তড়িৎ গতিৰে ৰাণ সংগ্ৰহ কৰি এটা অভাৰ বাকী থকা অৱস্থাতে লক্ষ্য ভেদ কৰি আফগান দলক দিয়ে আকাংক্ষিত বিজয়।

ইয়াৰ পূৰ্বে টছত জয়ী হৈ পাকিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দলটোৰ আৰম্ভণি আছিল সুখকৰ। দুই অপেনাৰ আব্দুল্লা ছাফিক আৰু ইমাম উল হকে অপেনিং যুটীত যোগ দিয়ে ৫৬ ৰাণ। ব্যক্তিগত ১৭ ৰাণত ইমাম আউট হোৱাৰ পিছত ছাফিক আৰু বাবৰেও যোগ দিয়ে ৫৪ ৰাণ।

৫৮ ৰাণৰ অৰ্ধশতকীয় ইনিংছ খেলি বিদায় লয় ছাফিকে। ব্যৰ্থ হয় ৰিজৱান (৮)। ছাউদ ছাকিলে কৰে ২৫ ৰাণ। আনহাতে অধিনায়ক বাবৰে সংগ্ৰহ কৰে সৰ্বাধিক ৭৪ ৰাণ। পিছলৈ ছাডাব খান (৪০) আৰু ইফটিখাৰ আহমেদে (৪০) কিছু আক্ৰমণাত্মক শৈলীৰে বেটিং কৰাৰ ফলত দলটোৱে ২৮২ ৰাণৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰ থিয় কৰায়।

আফগানিস্তানৰ হৈ বিশ্বকাপ অভিষেক ঘটা যুৱ স্পিনাৰ নুৰ আহমেদে ৩ টা, নবীন উল হকে দুটা, নবী আৰু আজমাতুল্লাহে এটাকৈ উইকেট দখল কৰিছিল। ধৈৰ্যশীল বেটিঙেৰে ৮৭ ৰাণৰ এক সুন্দৰ ইনিংছ খেলি দলক বিজয়ৰ দিশত আগবঢ়াই নিয়া জদ্ৰান মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।

উল্লেখ্য যে, এইবাৰৰ বিশ্বকাপত আফগানিস্তানৰ এয়া আছিল দ্বিতীয় জয়। ইয়াৰ পূৰ্বে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক ৬৯ ৰাণত পৰাস্ত কৰিছিল। আজিৰ জয়েৰে আফগানিস্তান পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হয়। আনহাতে পৰাস্ত হ’লেও ৰাণ ৰেটৰ ভিত্তিত পঞ্চম স্থান অক্ষুণ্ণ আছে পাকিস্তানৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd