যিমানেই কাষ চাপিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন, সিমানেই দেশৰ ৰাজনীতিত শাসক-বিৰোধী উভয়ৰে প্ৰস্তুতিও বৃদ্ধি পাইছে। ইতিমধ্যে দুটাকৈ কাৰ্যকাল শাসনত থকা বিজেপিক প্ৰতিৰোধৰ লক্ষ্যৰে ঐক্যবদ্ধ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে বিৰোধী।
বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে INDIA মিত্ৰজোঁট গঠন কৰি ২৪ৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে বিৰোধীয়ে। পিছে এনে প্ৰস্তুতিৰ মাজতে INDIAৰ অন্যতম আহ্বায়ক নীতিশ কুমাৰৰ এক মন্তব্যই বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যত ধূসৰ কৰি তুলিছে।
বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, INDIAৰ আভ্যন্তৰত হোৱা নাই কোনো অগ্ৰগতি। মিত্ৰজোঁটৰ মূল দল কংগ্ৰেছে লোকসভা নিৰ্বাচনতকৈ আগন্তুক পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনতহে মনোনিৱেশ কৰা বুলি মন্তব্য কৰিছে।
পাটনাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এক সভাত ভাষণ দি নীতিশ কুমাৰে কয়, “আমি তেওঁলোকৰ সৈতে কথা পাতি আহিছো। INDIA মিত্ৰজোঁটত তেওঁলোকক আগবঢ়াই দিছো। কিন্তু, শেহতীয়াকৈ সেই ফ্ৰণ্টত বিশেষ অগ্ৰগতি হোৱা নাই। কংগ্ৰেছ যেন পাঁচটা বিধানসভা নিৰ্বাচনৰ প্ৰতি অধিক আগ্ৰহী।”
জনতা দল (ইউনাইটেড) ৰ নেতাগৰাকীয়ে লগতে কয় যে কংগ্ৰেছক মিত্ৰজোঁটৰ ভিতৰত আগস্থান দিবলৈ সকলো সন্মত হৈছিল যদিও তেওঁলোকে ৰাজ্যিক বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছতহে পৰৱৰ্তী বৈঠক আহ্বান কৰিব বুলি দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ মুম্বাইত অনুষ্ঠিত হৈছিল INDIA গোটৰ অন্তিমখন বৈঠক। তাৰ পিছত পৰৱৰ্তী বৈঠকৰ বাবে কংগ্ৰেছে দিনাংক নিৰ্ধাৰণ কৰিব বুলি ঘোষণা কৰিছিল।
লক্ষণীয়ভাৱে, মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাক লৈ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মাজত কিছু বিবাদৰ সূত্ৰপাত হৈছে। তেনে সময়তে নীতিশ কুমাৰৰ এই মন্তব্যই ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।