বিৰাট ‘দ্য আনষ্টপেবল ৰাণমেচিন’ কোহলী! অনুৰাগীৰ মাজত ‘কিং কোহলী’। আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত পদাৰ্পণৰ পিছতে নিজৰ চমকপ্ৰদ ক্ৰীড়াশৈলী আৰু ধাৰাবাহিকতাৰ সুবাদত এই উপনাম অৰ্জন কৰিছে তাৰকাগৰাকীয়ে।
কোহলী মানেই যেন এতিয়া এক ক্ৰিকেটীয় অভিলেখৰ পৃষ্ঠা। কেৰিয়াৰত ইটোৰ পিছত সিটোকৈ অভিলেখেৰে কোহলী কেৱল সাম্প্ৰতিক ক্ৰিকেটৰে নহয়, ক্ৰিকেট ইতিহাসৰে অন্যতম শ্ৰেষ্ঠ বেটাৰ।
এনে অভিলেখৰ দৌৰৰ মাজতে ক্ৰিকেট প্ৰেমী অপেক্ষাত আছে এক ঈৰ্ষণীয় মাইলষ্ট’ন স্পৰ্শৰ আশাত। পিছে শেহতীয়া দুখন খেলত এই দিশত প্ৰায় আগবাঢ়িও ক্ষণিকৰ বাবে থমকিবলগীয়া হৈছে কোহলী।
আজিয়ো সকলোৰে দৃষ্টি নিবদ্ধ আছিল কোহলীৰ ওপৰত। ভাবিছিল, ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰৰ নামত থকা এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক শতকৰ অভিলেখ স্পৰ্শ কৰিব কোহলীয়ে।
কিন্তু ৮৮ ৰাণত পেভিলিয়নমুখী হৈ কোহলী বঞ্চিত হয় এই সুযোগৰ পৰা। পিছে এই মাইলষ্ট’ন স্পৰ্শত বিফল হ’লেও কিংবদন্তি শচীনক অতিক্ৰমি কোহলীয়ে ৰচিলে আন এক কৃতিত্ব।
শ্ৰীলংকাৰ বিৰুদ্ধে আজিৰ ৮৮ ৰাণৰ ইনিংছটোৰ সময়তে কোহলীয়ে চলিত ছিজনত এক হাজাৰ ৰাণ সম্পূৰ্ণ কৰে। এইদৰে কেৰিয়াৰত এদিনীয়া ফৰ্মেটত অষ্টমবাৰৰ বাবে এই সাফল্য অৰ্জন কৰে কোহলীয়ে।
এই কৃতিত্বৰে কোহলীয়ে শচীন টেণ্ডুলকাৰৰ নামত থকা এটা ছিজনত সৰ্বাধিকবাৰ হাজাৰ ৰাণ স্ক’ৰৰ অভিলেখ। নিজ কেৰিয়াৰত শচীনে সাতবাৰকৈ এই সাফল্য লাভ কৰিছিল।





