• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC World Cup 2023: আফগানিস্তানৰ জয়ে সংকটত পেলালে পাকিস্তানক! একেলগে বিপদসীমাত ৩টা ডাঙৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2023 9:02 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপত আফগানিস্তানৰ স্বপ্নৰ দৌৰ চলি আছে। সেই সপোনৰ ৰথত উঠি আফগানিস্তানে ছেমি ফাইনেলৰ আৰু কাষ চাপিছে। শুকুৰবাৰে প্ৰায় একপক্ষীয় খেলত আফগান দলে নেদাৰলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। ডাচ বাহিনীৰ ১৮০ ৰান অনুসৰণ কৰি আফগানিস্তানে হাতত ৭টা উইকেট ৰাখি জয়লাভ কৰে। তাকো আৰু ১৮.৩ অভাৰ বাকী থকা অৱস্থাত। ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ পিছত এইবাৰ আফগানিস্তানৰ চিকাৰ হ’ব লগা হ’ল নেদাৰলেণ্ড।

আফগানিস্তানৰ এই দুৰ্দান্ত জয়ৰ লগে লগে দলটোৱে লীগ তালিকাৰ পঞ্চম স্থানত উপনীত হয়। পাকিস্তানক ঠেলি দিলে ছয় নম্বৰ স্থানলৈ। বৰ্তমান অষ্ট্ৰেলিয়া-নিউজিলেণ্ডৰ সৈতে একেটা পইণ্টতে আছে আফগানিস্তান। যদিও আফগানিস্তানে অষ্ট্ৰেলিয়াৰ সৈতে এখন মেচ বেছি খেলিছে।

শনিবাৰে পাকিস্তানে নিউজিলেণ্ডৰ বিৰুদ্ধে মৰণপন যুঁজত অৱতীৰ্ণ হ’ব। পাকিস্তানৰ বাবে সেই মেচৰ আগত যথেষ্ট বেয়া খবৰ ঘুৰি ফুৰিছে। শেষ চাৰিত প্ৰৱেশৰ যুঁজত আফগানিস্তানৰ মূল প্ৰতিদ্বন্দ্বী হৈছে পাকিস্তান। ৭খন মেচত ৩টা জয়কে ধৰি ৬ পইণ্টেৰে ছয় নম্বৰত আছে বাবৰ বাহিনী। পাক দলে শেষৰ দুখন মেচ খেলিব নিউজিলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে।

Apply Now

যুক্তিৰ খাতিৰত ধৰি ল’লে শেষৰ দুখন মেচত পাকিস্তানে যদি জয়লাভ কৰে, তেতিয়া পাকিস্তানে সৰ্বাধিক ১০ পইণ্ট লাভ কৰিব। আনহাতে, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচত আফগানিস্তানে জয়লাভ কৰিব লাগিব। যদি আফগানিস্তানে দুখন মেচত জয়লাভ কৰে তেন্তে পাকিস্তানৰ দুখন মেচৰ ফলাফল যিয়েই নহওক কিয় বাবৰ বাহিনী নক আউট হ’ব। আনহাতে, যদি পাকিস্তানে শেষৰ দুখন মেচত জয়লাভ কৰে আৰু আফগানিস্তানে এখন মেচতো জয়ী হয়, তেন্তে দুয়োটা দলৰ পইণ্ট সমান হৈ পৰিব। তাৰ পিছত নেট ৰান ৰেটৰ কথা বিবেচনা কৰা হ’ব।

পাকিস্তানে আফগানিস্তানৰ লগতে নিউজিলেণ্ডকো হিচাপৰ বাহিৰত পঠিয়াব বিচাৰিব। তেনে ক্ষেত্ৰত শনিবাৰে পাকিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰিব লাগিব। আৰু টম লাথামৰ দলটোৱে গ্ৰুপৰ শেষৰখন খেলতো শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হ’ব বুলি পাকিস্তানে আশা কৰিব লাগিব।

শনিবাৰে দুখন গুৰুত্বপূৰ্ণ মেচ আছে। পুৱা পাকিস্তান-নিউজিলেণ্ডৰ খেলৰ পাছত বিয়লি অষ্ট্ৰেলিয়াই ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। যদি পাকিস্তানে কিউইৰ বিৰুদ্ধে জয়লাভ কৰে, তেতিয়া ছেমি ফাইনেলৰ দৌৰ আকৰ্ষণীয় হ’ব। পাকিস্তান, নিউজিলেণ্ড আৰু আফগানিস্তান – তিনিওটা দলে একে সংখ্যক পইণ্ট লাভ কৰিব। আৰু যদি অষ্ট্ৰেলিয়া ইংলেণ্ডৰ হাতত পৰাস্ত হয়, তেন্তে নকআউটৰ যুঁজখন আৰু নাটকীয় হৈ পৰিব। তেতিয়া আফগানিস্তান আৰু অষ্ট্ৰেলিয়া একেটা পইন্টতে থাকিব। আৰু আফগানিস্তানৰ গ্ৰুপত (৭ নৱেম্বৰ) অষ্ট্ৰেলিয়াৰ খেলখনে অলিখিত কোৱাৰ্টাৰ ফাইনেলৰ ৰূপ ল’ব।

কিন্তু আফগানিস্তানৰ চিন্তাৰ বিষয় এটাই, সেয়া হ’ল নেট ৰান ৰেট। বৰ্তমান আফগানিস্তানৰ ৰান ৰেট -০.৩৩০। অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দৰে শীৰ্ষ ৰেংকিঙৰ দলৰ বিৰুদ্ধে জয়লাভ কৰা আৰু নেট ৰান ৰেট বৃদ্ধি কৰাটো আফগানিস্তানৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব।

যিয়েই নহওক, শুকুৰবাৰে আফগানিস্তানৰ জয়লাভে পাকিস্তানৰ অৱস্থা যে কাহিল কৰি তুলিলে তাত কোনো সন্দেহ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd