• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপৰ ফাইনেলৰ দিনাই এয়াৰ ইণ্ডিয়াৰ বিমান উৰুৱাই দিয়াৰ হুংকাৰ খালিস্তানী নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2023 11:44 am
বিশ্বকাপৰ ফাইনেলৰ দিনাই এয়াৰ ইণ্ডিয়াৰ বিমান উৰুৱাই দিয়াৰ হুংকাৰ খালিস্তানী নেতাৰ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাবুকিত কোৱা হৈছে “১৯ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা নকৰিব”। খালিস্তানী বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত পান্নুনে এইদৰে এক ভয়ংকৰ সকীয়নি দিছে। তেওঁৰ ভাবুকিৰ পিছত সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।

ভাৰতক পুনৰ ভাবুকি দিছে নিষিদ্ধ সংগঠন শিখছ ফৰ জাষ্টিছৰ মুৰব্বী খালিস্তান সমৰ্থক নেতা গুৰপতৱন্ত সিং পান্নুনে। ছ’চিয়েল মিডিয়াত অডিঅ’-ভিডিঅ’ বাৰ্তাৰ জৰিয়তে পান্নুনে সকীয়াই দিছে যে ১৯ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমানত শিখ সম্প্ৰদায়ৰ কোনো ব্যক্তিয়ে যাত্ৰা কৰিব নালাগে। তেনে কৰিলে যিকোনো মুহূৰ্ততে জীৱন বিপদত পৰিব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে।

ভাৰতক সকীয়াই দিওঁতে খালিস্তানী সন্ত্ৰাসবাদীগৰাকীয়ে লগতে কয় যে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সেইদিনা বন্ধ থাকিব। লগতে তেওঁ কয় যে ১৯ নৱেম্বৰ ‘বিশ্ব সন্ত্ৰাসবাদ কাপ’ৰ অন্তিম দিন। ক্ৰিকেট বিশ্বকাপক বিশ্ব সন্ত্ৰাসবাদ কাপ বুলি অভিহিত কৰি তেওঁ এই ভাবুকি দিছে।

লগতে পঢ়কঃ ICC World Cup 2023: ভাগ্য ঘুৰিল! ডাকৱৰ্থ-লুইছত মেচ জিকি যুঁজত টিকি থাকিল পাকিস্তান

আহমেদাবাদত আয়োজন কৰা হৈছে বিশ্বকাপৰ ফাইনেল। এতিয়া পান্নুৱে এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰুৱাই দিয়াৰ ভাবুকি দিছে।তেওঁ পঞ্জাৱৰ স্বাধীনতাকলৈ গণভোট আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাও পুনৰবাৰ উল্লেখ কৰিছে।

গুৰপতৱন্ত পান্নুনে ভাবুকিৰ সুৰত সকীয়াই দিয়ে যে বিমানবন্দৰটোৰ নাম হ’ব শ্বহীদ বিয়ন্ত সিং, শ্বহীদ সতৱন্ত সিং খালিস্তান বিমানবন্দৰ। বিয়ন্ত সিং আৰু সতৱন্ত সিং আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহৰক্ষী, যিয়ে ১৯৮৪ চনৰ ৩১ অক্টোবৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী গান্ধীক হত্যা কৰিছিল।

২০২৩ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বেও ভাবুকি দিছিল পান্নুনে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। আহমেদাবাদ চাইবাৰ আৰক্ষী থানাত ৰুজু হৈছে এই এফআইআৰ। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ফোন কলৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰিছিল পান্নুনে।

লগতে পঢ়কঃ ICC World Cup 2023: যোৱাবাৰৰ বিশ্ব চেম্পিয়নক বিদায় দি ছেমি ফাইনেলৰ পথত আৰু এঢাপ আগবাঢ়িল অষ্ট্ৰেলিয়া

উল্লেখ্য যে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাত খালিস্তানী বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ সন্দৰ্ভত সংসদলৈ দিয়া বিবৃতিত ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক তিক্ত হৈ পৰিল। যেতিয়া কানাডাই এজন ভাৰতীয় কূটনীতিবিদক উভতাই পঠিয়াইছিল, তেতিয়া ভাৰতেও ইয়াৰ প্ৰতিক্ৰিয়াত কানাডাৰ এজন কূটনীতিবিদক বহিষ্কাৰ কৰিছিল।

ইয়াৰ পিছতে কানাডাই নিজৰ নাগৰিকসকলক ভাৰতৰ জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। আনহাতে, ভাৰতে নিজৰ নাগৰিকসকলক কানাডালৈ যোৱাৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিয়ে। এই উত্তেজনাৰ মাজতে পান্নুনে কানাডাত ভাৰতৰ বিৰুদ্ধে বিষবাষ্প বিয়পাবলৈ আৰম্ভ কৰে।

Alert: 🇮🇳 Khalistani Terrorist Gurpatwant Pannun issues a video for Govt of India, threatening to blow the Air India flight on 19 November. Just like their Parmar did.

He suggested Sikhs in India to not board Air India on 19 November.

Govt of India must take cognisance.

Join… pic.twitter.com/luhh3zAcYv

— NobleInsights (@NobleInsightss) November 4, 2023

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত নিষিদ্ধ সংগঠন শিখছ ফৰ জাষ্টিছৰ নেতা গুৰপতৱন্ত সিং পান্নুনে শিখসকলক কোৱা শুনা গৈছে যে, “আপুনি ১৯ নৱেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা নকৰিব। আপোনাৰ জীৱন বিপদত পৰিব পাৰে। ১৯ নৱেম্বৰত বিশ্বব্যাপী অৱৰোধ হ’ব আৰু আমি এয়াৰ ইণ্ডিয়াৰ বিমান উৰিব নিদিওঁ’। লগতে ভিডিঅ’টোত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰাৰো হুংকাৰো দিয়ে।

ইয়াৰ পূৰ্বেও গুৰপতৱন্ত সিঙে আক্ৰমণৰ ভাবুকি দিছিল। ইজৰাইলত হামাছৰ আক্ৰমণৰ পিছতো পান্নুনে এটা ভিডিঅ’ মুকলি কৰে। ইয়াত তেওঁ হামাছৰ দৰে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd