• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহান কোহলিৰ ‘বিৰাট’ মন্তব্য! অভিলেখ স্পৰ্শ কৰি ক’লে, তেওঁৰ দৰে কেতিয়াও হ’ব নোৱাৰো, তেওঁৱেই মোৰ হিৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 7:45 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শচীনৰ এদিনীয়াৰ সৰ্বাধিক শতকৰ বিশ্ব অভিলেখ ভংগ কৰাটো কোহলিৰ বাবে এতিয়া মাথোঁ সময়ৰ অপেক্ষা। এইক্ষেত্ৰত বিৰাটে দেওবাৰে অভিলেখ স্পৰ্শ কৰিছিল মাষ্টাৰ ব্লাষ্টাৰৰ। ক্ৰিকেট বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি ভৱিষ্যদ্বাণী কৰি আহিছে যে এদিনীয়া শতকৰ ক্ষেত্ৰত কোহলীয়ে শচীনক অতিক্ৰম কৰিব। শচীনে নিজেই বিচাৰে এই বিশ্ব অভিলেখ কোহলীৰ হাততে হওক।

দেওবাৰে ইডেনত ৪৯ সংখ্যক এদিনীয়া শতক অৰ্জন কৰি বিৰাট কোহলীয়ে শচীন টেণ্ডুলকাৰৰ পৰা বিশেষ বাৰ্তা লাভ কৰে। ছচিয়েল মিডিয়াত শচীনে কোহলীক অভিনন্দন জনাই লিখিছে যে তেওঁৰ ৪৯ৰ পৰা ৫০তম (টেষ্ট) শতকত উপনীত হ’বলৈ ৩৬৫ দিন সময় লাগিছিল। তেওঁ আশা কৰিছে যে অহা কেইদিনমানৰ ভিতৰত অৰ্থাৎ চলিত বিশ্বকাপত কোহলীয়ে নিজৰ অভিলেখ ভংগ কৰি ৫০ সংখ্যক এদিনীয়া শতক অৰ্জন কৰিব।

Apply Now

কোহলীয়ে সদায় শচীনক আদৰ্শ হিচাপে মানি আহিছে। মেচৰ শেষত বিৰাটে নিজৰ অভিলেখ ভংগ কৰাৰ ক্ষেত্ৰত একেবাৰে বিনম্ৰ হৈ পৰিল। ভাৰতীয় সংস্কৃতিৰ প্ৰকৃত বাহক হিচাপে জ্যেষ্ঠ তাৰকাগৰাকীৰ প্ৰতি সন্মানত কোহলীৰ কণ্ঠৰ পৰা নিগৰিল ‘বিৰাট’ মন্তব্য।

শচীনৰ অভিনন্দন বাৰ্তাৰ বিষয়ে অৱগত হোৱাৰ পিছত বিৰাটে কয়, ‘মোৰ নায়কৰ অভিলেখ স্পৰ্শ কৰাটো মোৰ বাবে অতি বিশেষ। মানুহে তুলনা কৰি ভাল পায়। কিন্তু সঁচা কথাটো হ’ল মই কেতিয়াও তেওঁৰ দৰে হ’ব নোৱাৰিম। আমি সকলোৱে  নিখুঁত বেটিঙৰ বাবে তেওঁৰ কথাকে পাতো।’

পিছত বিৰাটে আৰু কয়, ‘মই মোৰ সাধ্য অনুসৰি শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰো। দেশৰ বাবে জয় কঢ়িয়াই আনিবলৈ চেষ্টা কৰো। যিয়েই নহওক শচীন সদায় মোৰ নায়ক হৈ থাকিব। মোৰ বাবে ই এক অতি আৱেগিক মুহূৰ্ত। মই ক’ৰ পৰা আহিছো মই জানো। টিভিত তেওঁৰ খেল চাই ডাঙৰ হোৱা সেই দিনবোৰৰ কথা মনত আছে। গতিকে, আজি এই ঠাইত থিয় হৈ তেওঁৰ পৰা প্ৰশংসা পোৱাটো মোৰ বাবে এক ডাঙৰ কথা।‘

Well played Virat.
It took me 365 days to go from 49 to 50 earlier this year. I hope you go from 49 to 50 and break my record in the next few days.
Congratulations!!#INDvSA pic.twitter.com/PVe4iXfGFk

— Sachin Tendulkar (@sachin_rt) November 5, 2023

উল্লেখ্য যে দেওবাৰে ইডেনত ৫টা বাউণ্ডেৰীৰ সহায়ত বিৰাট কোহলীয়ে ৬৭টা বলত নিজৰ ব্যক্তিগত অৰ্দ্ধশতক সম্পূৰ্ণ কৰে। তেওঁ ১১৯টা বলত ১০টা বাউণ্ডেৰীৰে শতকৰ সীমা অতিক্ৰম কৰে। শেষত বিৰাটে ১২১টা বলত ১০১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

4⃣9⃣ 𝙊𝘿𝙄 𝘾𝙀𝙉𝙏𝙐𝙍𝙄𝙀𝙎!

Sachin Tendulkar 🤝 Virat Kohli

Congratulations to Virat Kohli as he equals the legendary Sachin Tendulkar's record for the most ODI 💯s! 👏#TeamIndia | #CWC23 | #MenInBlue | #INDvSA pic.twitter.com/lXu9qJakOz

— BCCI (@BCCI) November 5, 2023

ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৫ উইকেটত ৩২৬ ৰানৰ বিশাল স্কোৰ কৰে। দক্ষিণ আফ্ৰিকাই ২৭.১ অভাৰত মাত্ৰ ৮৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। খেলখনত ভাৰতে ২৪৩ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd