• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত পৰিয়ালবাদ! কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ পুত্ৰকেই ৰাজ্যিক সভাপতিৰ দায়িত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2023 9:13 am
6k
VIEWS
Share on FacebookShare on Twitter

দলিত নেতা মল্লিকাৰ্জুন খাৰ্গে, ভোক্কালিগা সমাজৰ ডি কে শিৱকুমাৰ আৰু অ’বিচি নেতা সিদ্দাৰমাইয়া। ছমাহ পূৰ্বে কংগ্ৰেছৰ এই “ত্ৰিমূৰ্তি”য়ে দাক্ষিণাত্যৰ বিজেপিৰ একমাত্ৰ “দুৰ্গ” ধ্বংস কৰিছিল। বিধানসভা নিৰ্বাচনত বাসবৰাজ বোম্মাইৰ চৰকাৰক উৎখাত কৰাৰ পিছতো কৰ্ণাটকত গেৰুৱা-শিবিৰত ভাঙোন অব্যাহত আছে।

এনে পৰিস্থিতিত বিজেপিৰ শীৰ্ষ নেতৃত্বই লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰত্যাৱৰ্তন কৰিবলৈ লিংগায়ত সম্প্ৰদায়ৰ অবিসম্বাদী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ ওপৰত নিৰ্ভৰ কৰাৰ পথ লৈছে। ৰাজনীতিবিদৰ এটা অংশই ধাৰণা কৰে যে শুকুৰবাৰে নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ দলটোৱে যেডুৰাপ্পাৰ পুত্ৰ বি.ৱাই. বিজয়েন্দ্ৰৰ নাম ঘোষণা কৰি সেই বাৰ্তাকে দিব বিচাৰিছে।

লগতে পঢ়কঃ ICC ODI World Cup 2023: দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈ যুঁজৰ পৰা আঁতৰিল আফগানিস্তান; বিশ্বকাপত দি গ’ল ভৱিষ্যতৰ বাৰ্তা

কৰ্ণাটকৰ ৰাজনীতিত ‘য়েড্ডী’ নামেৰে পৰিচিত এইগৰাকী নেতাই দুৰ্নীতিৰ গোচৰত জড়িত হোৱাৰ বাবে ২০১১ চনৰ আগষ্ট মাহত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। জেললৈও যাবলগীয়া হৈছিল। ইয়াৰ পিছত তেওঁ বিজেপি ত্যাগ কৰি ২০১৩ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কৰ্ণাটক জনতা পক্ষ নামৰ এটা দল গঠন কৰে। ৬খন আসনত জয়লাভ কৰাৰ উপৰিও লিংগায়তৰ ভোটত বিভাজন আনি বিজেপিৰ পৰাজয় নিশ্চিত কৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ ঘূৰি আহিছিল য়েড্ডী।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ অন্তত কৰ্ণাটকত কংগ্ৰেছ-জেডি(এছ)ৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হয়। কিন্তু ২০১৯ চনত বিধায়কক ভাঙি সেই চৰকাৰখন নমাই আনি পুনৰ তেওঁ মুখ্যমন্ত্ৰী হয়। কিন্তু ২০২১ চনৰ জুলাই মাহত বিজেপিয়ে একাধিক দুৰ্নীতিৰ গোচৰ আৰু দলৰ ভিতৰত বিদ্ৰোহৰ বাবে য়েড্ডীক অপসাৰণ কৰি আন এজন লিংগায়ত নেতা বাসবৰাজ বোম্মাইক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

লগতে পঢ়কঃকেদাৰনাথ ধামত দুই ভাতৃ ৰাহুল গান্ধী আৰু বৰুণ গান্ধীৰ মাজত হোৱা সাক্ষাৎ ‘কাকতলীয়া নাছিল’?

চলিত বৰ্ষৰ মে’ মাহত বিধানসভা নিৰ্বাচনত য়েড্ডীক টিকটও নিদিলে মোডী-শ্বাহৰ  দলে। বৰঞ্চ তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰ (উল্লেখ্য শিমোগাৰ পৰা বৰ্তমানৰ সাংসদ বি ৱাই ৰাঘৱেন্দ্ৰ য়েড্ডীৰ আন এজন পুত্ৰ) শিমোগা জিলাৰ শিকাৰিপুৰাৰ প্ৰাৰ্থী হৈছিল। বিজয়েন্দ্ৰই সমগ্ৰ কৰ্ণাটকত কংগ্ৰেছৰ ঢৌৰ মাজতো বিপুল ব্যৱধানত জয়লাভ কৰে। এইবাৰ দলটোৱে তেওঁক নতুন দায়িত্ব দিলে। বিধানসভাৰ টিকট নাপাই  য়েড্ডীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। এইবাৰ তেওঁৰ মত সলনি হ’ব নেকি তাকলৈয়ো চৰ্চা চলিছে।

After the long wait @BJP4Karnataka got a new chief. @BYVijayendra is the new president of Karnataka BJP. @JPNadda makes the announcement. pic.twitter.com/O0QWlTR6Hs

— Liz Mathew (@MathewLiz) November 10, 2023

সি যি কি নহওক, বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে বংশবাদ, পৰিয়ালবাদৰ অভিযোগ উত্থাপন কৰি অহাৰ সময়তে দলটোৱে নিজেই পৰিয়ালবাদৰ ওপৰতে ভৰসা কৰিবলগীয়া হোৱাটোও কিন্তু চৰ্চাৰ মাজলৈ আহিছে।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd