• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাজাত হামাছ নিয়ন্ত্ৰিত সংসদত প্ৰৱেশ কৰিলে ইজৰাইলী সেনা; দাবী ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2023 11:16 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ এমাহৰো অধিক হৈছে। ইজৰাইলে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ইজৰাইলে যথেষ্ট সফলতা লাভ কৰা বুলি দাবী কৰা হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাৰ সংসদ ভৱন দখল কৰিবলৈ সক্ষম হৈছে। তাৰ ফটোও ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়াভ গালাণ্টে দাবী কৰে যে ইজৰাইলৰ হাতত এতিয়া গাজা ষ্ট্ৰিপত থকা হামাছৰ সংসদ ভৱনৰ নিয়ন্ত্ৰণ আছে। সেনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ইজৰাইলৰ সৈন্যই অস্ত্ৰ-শস্ত্ৰ আৰু ইজৰাইলৰ পতাকা লৈ সংসদত বহি থকা এখন ফটো। সন্মুখত এখন খালী চকী পৰি থকা দেখা গৈছে। গাজা চহৰৰ সংসদ ভৱনটো বিগত ১৬ বছৰ ধৰি হামাছে দখল কৰি আছিল।

লগতে পঢ়কঃ ম্যানমাৰত সেনা-বিদ্ৰেহীৰ মাজত তুমুল সংঘৰ্ষ; হাজাৰ হাজাৰ লোকৰ ভাৰতলৈ পলায়ন, সোমাইছে মিজোৰামত

Apply Now

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে হামাছে গাজাৰ ওপৰত সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হেৰুৱাইছে। বিগত ১৬ বছৰ ধৰি হামাছে গাজা দখল কৰি আছে। কিন্তু ইজৰাইলৰ আক্ৰমণত হামাছ পৰাজিত হয়। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গালাণ্টে কয় যে হামাছৰ উগ্ৰপন্থীয়ে এতিয়া নিজৰ জীৱন ৰক্ষাৰ বাবে দক্ষিণলৈ পলায়ন কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰী গালান্টে লগতে কয় যে ইজৰাইলৰ আক্ৰমণত হামাছে মূল ঘাটি হেৰুৱাইছে, যাৰ ফলত গাজাত হামাছৰ ক্ষমতা হ্ৰাস পাইছে আৰু গাজা তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। সংসদ ভৱন দখল কৰাৰ পিছত সমগ্ৰ গাজা ইজৰাইলৰ নিয়ন্ত্ৰণত থাকিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ জনায় যে সংসদ ভৱন দখল কৰিলে ইজৰাইলৰ বাবে সমগ্ৰ গাজা নিয়ন্ত্ৰণ কৰাটো সহজ হ’ব।

উল্লেখ্য যে ৭ অক্টোবৰত গাজা ষ্ট্ৰিপত হামাছে আক্ৰমণ কৰাৰ পিছৰে পৰা ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে আকাশী আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে স্পষ্টভাৱে কৈছে যে হামাছ নিৰ্মূল নোহোৱালৈকে যুদ্ধ অব্যাহত থাকিব।

লগতে পঢ়কঃআধুনিক ভাৰতৰ নিৰ্মাতা জৱাহৰলাল নেহৰুৰ যি পাঁচটা অৱদান কেতিয়াও পাহৰিব নোৱাৰি

হামাছৰ মূল ঘাটি গাজা ষ্ট্ৰিপ ইজৰাইলৰ মূল লক্ষ্য হৈ পৰিছে। আইডিএফৰ অহৰহ আক্ৰমণৰ ফলত গাজাৰ উত্তৰ অংশ বাস্তৱিকতে নিঃশেষ হৈ গৈছে। স্বাস্থ্য সেৱাৰ পতন ঘটিছে। ইন্ধন শেষ হোৱাৰ বাবে ইণ্টাৰনেট আৰু বিদ্যুৎ সেৱাও উপলব্ধ নহয়। গাজাত বৰ্তমান চৰম মানৱীয় সংকট দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd