ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ এমাহৰো অধিক হৈছে। ইজৰাইলে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ইজৰাইলে যথেষ্ট সফলতা লাভ কৰা বুলি দাবী কৰা হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাৰ সংসদ ভৱন দখল কৰিবলৈ সক্ষম হৈছে। তাৰ ফটোও ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়াভ গালাণ্টে দাবী কৰে যে ইজৰাইলৰ হাতত এতিয়া গাজা ষ্ট্ৰিপত থকা হামাছৰ সংসদ ভৱনৰ নিয়ন্ত্ৰণ আছে। সেনাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ইজৰাইলৰ সৈন্যই অস্ত্ৰ-শস্ত্ৰ আৰু ইজৰাইলৰ পতাকা লৈ সংসদত বহি থকা এখন ফটো। সন্মুখত এখন খালী চকী পৰি থকা দেখা গৈছে। গাজা চহৰৰ সংসদ ভৱনটো বিগত ১৬ বছৰ ধৰি হামাছে দখল কৰি আছিল।
লগতে পঢ়কঃ ম্যানমাৰত সেনা-বিদ্ৰেহীৰ মাজত তুমুল সংঘৰ্ষ; হাজাৰ হাজাৰ লোকৰ ভাৰতলৈ পলায়ন, সোমাইছে মিজোৰামত
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে হামাছে গাজাৰ ওপৰত সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হেৰুৱাইছে। বিগত ১৬ বছৰ ধৰি হামাছে গাজা দখল কৰি আছে। কিন্তু ইজৰাইলৰ আক্ৰমণত হামাছ পৰাজিত হয়। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গালাণ্টে কয় যে হামাছৰ উগ্ৰপন্থীয়ে এতিয়া নিজৰ জীৱন ৰক্ষাৰ বাবে দক্ষিণলৈ পলায়ন কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰী গালান্টে লগতে কয় যে ইজৰাইলৰ আক্ৰমণত হামাছে মূল ঘাটি হেৰুৱাইছে, যাৰ ফলত গাজাত হামাছৰ ক্ষমতা হ্ৰাস পাইছে আৰু গাজা তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। সংসদ ভৱন দখল কৰাৰ পিছত সমগ্ৰ গাজা ইজৰাইলৰ নিয়ন্ত্ৰণত থাকিব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ জনায় যে সংসদ ভৱন দখল কৰিলে ইজৰাইলৰ বাবে সমগ্ৰ গাজা নিয়ন্ত্ৰণ কৰাটো সহজ হ’ব।
উল্লেখ্য যে ৭ অক্টোবৰত গাজা ষ্ট্ৰিপত হামাছে আক্ৰমণ কৰাৰ পিছৰে পৰা ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে আকাশী আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে স্পষ্টভাৱে কৈছে যে হামাছ নিৰ্মূল নোহোৱালৈকে যুদ্ধ অব্যাহত থাকিব।
লগতে পঢ়কঃআধুনিক ভাৰতৰ নিৰ্মাতা জৱাহৰলাল নেহৰুৰ যি পাঁচটা অৱদান কেতিয়াও পাহৰিব নোৱাৰি
হামাছৰ মূল ঘাটি গাজা ষ্ট্ৰিপ ইজৰাইলৰ মূল লক্ষ্য হৈ পৰিছে। আইডিএফৰ অহৰহ আক্ৰমণৰ ফলত গাজাৰ উত্তৰ অংশ বাস্তৱিকতে নিঃশেষ হৈ গৈছে। স্বাস্থ্য সেৱাৰ পতন ঘটিছে। ইন্ধন শেষ হোৱাৰ বাবে ইণ্টাৰনেট আৰু বিদ্যুৎ সেৱাও উপলব্ধ নহয়। গাজাত বৰ্তমান চৰম মানৱীয় সংকট দেখা গৈছে।