• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আমি নিৰাপদে আছো: ৬০ ঘণ্টা সুৰংগত আৱদ্ধ শ্ৰমিক পিতৃয়ে পুত্ৰলৈ দিলে আশাৰ খবৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2023 10:00 pm
Labourer trapped inside tunnel
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতৰ মুঠিত জীৱন লৈ যোৱা ৬০ ঘণ্টাতকৈও অধিক সময় উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিলকিয়াৰা-বৰকোট সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান।

শ্ৰমিকসকলৰ জীৱনৰ নিশ্চয়তা সন্দৰ্ভত শংকিত হৈ আছে তেওঁলোকৰ পৰিয়াল। তেনে সময়তে সুৰংগত আৱদ্ধ এগৰাকী শ্ৰমিকে পুত্ৰলৈ দিলে আশাৰ খবৰ। পুত্ৰৰ সৈতে কথা পাতি শ্ৰমিকজনে ক’লে, “আমি নিৰাপদে আছো।”

পুত্ৰক এই বাৰ্তা দিয়া শ্ৰমিকজনৰ নাম গব্বৰ সিং নেগী। তেওঁৰ পুত্ৰ আকাশ নেগীয়ে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য মতে আৱদ্ধ শ্ৰমিকসকলক অক্সিজেন যোগান ধৰা পাইপ ব্যৱহাৰ কৰি কেইছেকেণ্ডমানৰ বাবে তেওঁক পিতৃৰ সৈতে কথা পাতিবলৈ দিয়া হৈছিল।

আকাশে উল্লেখ কৰা মতে পিতৃ গব্বৰ সিং নেগীয়ে তেওঁলোক নিৰাপদে থকা বুলি জানিবলৈ দিছে। তেওঁ লগতে এই বিষয়ত পৰিয়ালক চিন্তা নকৰিবলৈ পৰামৰ্শ দিয়ে। সেই সময়ত গব্বৰ নেগীৰ ভাতৃয়েও আকাশক সংগ দিছিল।

গব্বৰ নেগীৰ ভাতৃ মহাৰাজ সিং নেগীয়ে জানিবলৈ দিয়া মতে তেওঁলোকক প্ৰথম অৱস্থাত আৰক্ষীয়ে সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিকসকলৰ সৈতে কথা পাতিবলৈ অনুমতি দিয়া নাছিল।

“কোনো আত্মীয়ৰ পৰা শুনিলে আৱদ্ধ শ্ৰমিকসকলৰ লগতে সংশ্লিষ্ট পৰিয়ালৰ সদস্যসকলকো সান্ত্বনা দিয়া হ’ব আৰু তেওঁলোকক নিৰাপদে উদ্ধাৰৰ আশা মজবুত হ’ব বুলি মই পৰিদৰ্শকক পতিয়ন নিয়াইছিলো।”- মহাৰাজ সিং নেগীয়ে কয়।

তেওঁৰ এই প্ৰস্তাৱত আৰক্ষী বিষয়াগৰাকীয়ে সন্মতি প্ৰকাশ কৰে আৰু ইয়াৰ পিছতে গব্বৰ নেগীৰ পুত্ৰ আকাশক পিতৃৰ কথা পাতিবলৈ দিয়া হৈছিল বুলি মন্তব্য কৰে মহাৰাজ সিং নেগীয়ে।

মহাৰাজ সিং নেগীয়ে লগতে সদৰী কৰা মতে শ্ৰমিকসকল আবদ্ধ হৈ থকা ঠাইৰ পৰা ২ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত সুৰংগটো বন্ধ আৰু খালী হৈ থকাৰ বাবে চিন্তা নকৰিবলৈ কৰ্তৃপক্ষই পৰামৰ্শ দিছে।

উল্লেখ্য যে, যোৱা ১২ নৱেম্বৰত পুৱতি নিশা ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ছিল্ক্যৰা-বৰকোট সুৰংগৰ এটা অংশ ভাঙি পৰাত ৪০ জন শ্ৰমিক সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ পৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি আৱদ্ধ শ্ৰমিকসকলৰ ভিতৰত ১৫ জন ঝাৰখণ্ডৰ, ৮ জন উত্তৰ প্ৰদেশৰ, ৫ জন উৰিষ্যাৰ, ৪ জন বিহাৰৰ, ৩ জন পশ্চিম বংগৰ, ২ জনকৈ উত্তৰাখণ্ড আৰু অসমৰ, আৰু এজন হিমাচল প্ৰদেশৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd