• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লক্ষ্য ২৬: বিশ্বকাপ কোৱালিফায়াৰত কুৱেইটক পৰাস্ত ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2023 10:24 am
India beat Kuwait
7.1k
VIEWS
Share on FacebookShare on Twitter

ন-শক্তিৰে ফুটবল বিশ্বত উত্থান ঘটিছে ভাৰতৰ। ইগৰ ষ্টিমাকৰ সুকৌশলী ৰণচালিত গঢ়ি উঠিছে ভাৰতীয় ফুটবলৰ বেদী। প্ৰবল আত্মবিশ্বাসেৰে ভাৰতে দেখিছে এতিয়া বিশ্ব ফুটবলৰ মঞ্চত আত্মপ্ৰতিষ্ঠাৰ স্বপ্ন।

এই স্বপ্নৰে পম খেদি বৃহস্পতিবাৰে কুৱেইট চিটিত অনুষ্ঠিত ২০২৬ ফিফা বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডৰ কোৱালিফায়াৰ মেচত ভাৰতে কুৱেইটক ১-০ গ’লত পৰাস্ত কৰে।

জাবেৰ আল আহমদ আন্তঃৰাষ্ট্ৰীয় খেলপথাৰত অনুষ্ঠিত হোৱা খেলখনত আক্ৰমণ প্ৰত্যাক্ৰমণেৰে ৰোমাঞ্চকৰ যুঁজ উপহাৰ দিয়ে দুয়ো দলে। অৱশ্যে গলশূন্যভাৱেই অন্ত পৰে মেচৰ প্ৰথমাৰ্ধ।

অৱশ্যে ৭৫ মিনিটত নিৰ্ণায়ক গলেৰে ভাৰতৰ নায়ক হৈ পৰে মনবীৰ সিং। লালিয়ানজুৱালা ছাংটেৰ ক্ৰছ বাওঁ ভৰিৰে নেটলৈ ঠেলি মনবীৰে দিয়ে ভাৰতক আকাংক্ষিত সফলতা।

লক্ষণীয়ভাৱে এই কুৱেইটৰ বিপক্ষেই বাৰ বছৰ পূৰ্বে ৯-১ ব্যৱধানত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত। কিন্তু ষ্টিমাকৰ দিকদৰ্শনত ক্ৰমশ: গতিশীল হৈ উঠা ভাৰতে চলিত বৰ্ষতে ছাম চেম্পিয়নশ্বিপ আৰু বিশ্বকাপ কোৱালিফায়াৰত স্তব্ধ কৰিছে কুৱেইটক।

উল্লেখ্য যে, মেচৰ অন্তিম মুহূৰ্তত ১০ জন খেলুৱৈৰেই খেলিব লগা হয় কুৱেইটে। ইনজুৰী টাইমত কুৱেইটৰ ফৈছাল আলহাৰ্বিয়ে ছাংটেক ফাউল কৰি দ্বিতীয়খন হালধীয়া কাৰ্ড খোৱাৰ ফলত এৰিব লগা হয় খেলপথাৰ।

কুৱেইটৰ বিপক্ষে এই জয়ৰ পিছত অহা ২১ নৱেম্বৰত ভুৱনেশ্বৰত ভাৰতে এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই মেচত জয়ী হ’লে কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডৰ পথ প্ৰশস্ত হ’ব ভাৰতৰ।

কাটাৰ, কুৱেইট আৰু আফগানিস্তানৰ সৈতে ভাৰতে কোৱালিফায়াৰৰ গ্ৰুপ এত স্থান লাভ কৰিছে। গ্ৰুপৰ পৰা শীৰ্ষ দুটা দল ফিফা বিশ্বকাপৰ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডলৈ আগবাঢ়িব।

প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া এ এফ চি এছিয়ান কাপৰ বাবেও যোগ্যতা নিশ্চিত কৰিব।

উল্লেখ্য যে, ফিফা বিশ্বকাপৰ কোৱালিফায়াৰত তৃতীয় ৰাউণ্ডলৈ কেতিয়াও আগবাঢ়িব পৰা নাই ব্লু টাইগাৰছ। এইবাৰ এই ব্যৰ্থতাৰ অৱসান ঘটাই ন-ইতিহাস সৃষ্টি কৰিব বুলি আশাবাদী ভাৰতীয় ফুটবল অনুৰাগী।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd