শুকুৰবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি বিশ্বকাপৰ ট্ৰফীৰ ওপৰত ভৰি থৈ ফটোৰ বাবে প’জ দিয়া অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মিটচেল মাৰ্ছৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।
সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ আলিগড়ত এই এফ আই আৰ দাখিল কৰিছে আৰ টি আই কৰ্মী পণ্ডিত কেশৱে।
পণ্ডিত কেশৱে অভিযোগ কৰে যে মিটচেলে বিশ্বকাপৰ ট্ৰফীত ভৰি থোৱা কাৰ্যই ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীৰ আৱেগত আঘাত হানিছে ।
উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীয়ে আইচিচিৰ পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ট্ৰফীত ভৰি দিয়া দেখা পোৱা এখন ফটো ভাইৰেল হৈছিল আৰু তাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
বাতৰি অনুসৰি পণ্ডিত কেশৱে অভিযোগৰ প্ৰতিলিপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰি অষ্ট্ৰেলিয়ান খেলুৱৈগৰাকীক ভাৰতত ক্ৰিকেট খেলাৰ পৰা নিষিদ্ধ কৰিবলৈ অনুৰোধ জনাইছিল।
ক্ৰিকেটৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰাৰ বাবে সংবাদ মাধ্যম আৰু ক্ৰিকেট অনুৰাগী উভয়ৰে প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে মাৰ্ছ। এই ছবিখনে প্ৰথমে ইনষ্টাগ্ৰামত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে পোষ্ট কৰিছিল আৰু বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিতৰ্কৰ সৃষ্টি হৈছিল।





