১৭ দিনৰ ভয়াৱহ সময়ৰ অন্তত বুধবাৰে উত্তৰকাশীৰ ভাঙি পৰা ছিল্ক্যৰা সুৰংগৰ পৰা উদ্ধাৰ হ’ল ৪১ জন শ্ৰমিক। নিজৰ এক অনিশ্চিত ভৱিষ্যতৰ ভয়াৱহতা লৈ এই ৪১ জন শ্ৰমিকে সুৰংগত কটালে শ্বাসৰুদ্ধকৰ সময়।
কালি সূদীৰ্ঘ ১৭ দিনৰ পিছত মুকলি আকাশৰ তললৈ অহা শ্ৰমিকসকলৰে এগৰাকীয়ে সুঁৱৰিছে এই দুৰ্বিসহ সময়। শ্ৰমিকজনৰ নাম বিশ্বজিত কুমাৰ বাৰ্মা। আজি সংবাদ মাধ্যমৰ আগত নিজৰ কষ্টৰ বৰ্ণনা কৰে শ্ৰমিকজনে।
বিশ্বজিত কুমাৰ বাৰ্মাই কয় যে তেওঁলোক কৰ্মৰত অৱস্থাতে যেতিয়া ভূমিস্খলন হৈছিল, তেতিয়াই তেওঁলোকে জানিব পাৰিছিল যে তেওঁলোক সুৰংগত আৱদ্ধ হৈ পৰিছে।
সুৰংগত আৱদ্ধ হোৱাৰ পাছত প্ৰথম ১০-১৫ ঘণ্টা যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে শ্ৰমিকজনে। “কিন্তু পিছত ভিতৰত চাউল, দালি আৰু শুকান ফলৰ যোগান ধৰিবলৈ পাইপ লগোৱা হ’ল।”— বাৰ্মাই লগতে কয়।
তাৰ পিছতে এটা মাইক লগাই দিয়াত তেওঁলোকে পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিব পাৰিলে বুলি তেওঁ লগতে মন্তব্য কৰে। এতিয়াসুৰংগৰ পৰা উদ্ধাৰৰ পিছত সুখী বুলি উল্লেখ কৰি বাৰ্মাই লগতে এতিয়া দেৱালী পালন কৰিব বুলিও জানিবলৈ দিয়ে।
উল্লেখ্য যে, যোৱা ১২ নৱেম্বৰত ভূমিস্খলনৰ ফলত কেন্দ্ৰৰ অভিলাষী চৰ ধাম প্ৰকল্পৰ অংশ ছিলকিয়াৰা সুৰংগৰ এটা অংশ ভাঙি পৰাৰ পিছত সুৰংগৰ ভিতৰতে আবদ্ধ হৈ পৰিছিল ৪১ জন শ্ৰমিক।
শ্ৰমিকসকলক উদ্ধাৰৰ বাবে বিগত ১৭ দিনে ধাৰাবাহিকভাৱে চলাই থকা হৈছিল উদ্ধাৰ অভিযান। ব্যৱহাৰ কৰা হৈছিল বহু দেশী-বিদেষী প্ৰযুক্তি। কিন্তু এই সকলো আধুনিক প্ৰযুক্তিয়েই ব্যৰ্থ হৈছিল শ্ৰমিকসকলৰ উদ্ধাৰত।
অৱশেষত কালি ৰেট হ’ল মাইনিং পদ্ধতিৰে খনন শ্ৰমিকে সুৰংগৰ পৰা উদ্ধাৰ কৰে আৱদ্ধ শ্ৰমিকসকলক। উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ স্বাস্থ্য তেনে কোনো সংকটজনক নহয় বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।