• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দক্ষিণ আফ্ৰিকা ভ্ৰমণত নিৰ্বাচকে পাহৰিব নালাগিছিল ভুৱনেশ্বৰক! মন্তব্য আশীষ নেহৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2023 12:41 pm
India tour of South Africa Ashish Nehra
1.5k
VIEWS
Share on FacebookShare on Twitter

অহা ১০ ডিচেম্বৰৰ পৰা তিনিওটা ফৰ্মেটৰ শৃংখলাত অংশ লোৱাৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে সাজু হৈছে ভাৰতীয় দল। ইতিমধ্যে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে বিচিচিআয়ে ঘোষণা কৰিছে ভাৰতীয় দল।

এই ভ্ৰমণত ভাৰতীয় দলে ঘৰুৱা দলটোৰ বিপক্ষে তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু দুখন টেষ্টৰ দ্বিপাক্ষিক শৃংখলাত অৱতীৰ্ণ হ’ব। তিনিগৰাকী পৃথক পৃথক অধিনায়কৰ নেতৃত্বত তিনিওটা ফৰ্মেটত খেলপথাৰত নামিব ভাৰতীয় দল।

সীমিত অভাৰৰ শৃংখলাত ৰোহিত-কোহলীৰ দৰে তাৰকাৰ অনুপস্থিতিত বহুকেইজন যুৱ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিছে নিৰ্বাচকে। লক্ষনীয়ভাৱে দক্ষিণ আফ্ৰিকাৰ পেচ বলিং সহায়ক উইকেটত এদিনীয়া দলটোত তেনে কোনো অভিজ্ঞ পেচাৰ নাথাকিব ভ্ৰমণত।

এই লৈ কিছু চৰ্চা চলি থকাৰ মাজতে ভাৰতৰ প্ৰাক্তন পেচাৰ আশীষ নেহৰাই কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। এই ভ্ৰমণৰ বাবে নিৰ্বাচকে ভাৰতৰ অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰক অন্তৰ্ভুক্ত নকৰাৰ বাবে কিছু ক্ষোভ প্ৰকাশ কৰিছে।

নেহৰাই কয় যে নিৰ্বাচকসকলে তিনিটা ভিন্ন দল নিৰ্বাচন কৰাত তেওঁ আচৰিত নহয়। প্ৰায় সকলো খেলুৱৈৰে নাম দলত অন্তৰ্ভুক্ত হৈছে। কিন্তু এনে এজন খেলুৱৈ থাকিব পাৰে, যাৰ নাম দলত অন্তৰ্ভুক্ত হোৱা নাই বুলি উল্লেখ কৰে নেহৰাই।

প্ৰাক্তন তাৰকাগৰাকীৰ মতে, ভুৱনেশ্বৰ কুমাৰৰ দৰে এজন বলাৰক দক্ষিণ আফ্ৰিকাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দলত অন্তৰ্ভুক্ত কৰিব পৰা গ’লহেঁতেন। দলত বহু বিকল্প পেচাৰ থাকিলেও ভুৱনেশ্বৰৰ প্ৰাসঙ্গিকতা থকা বুলি নেহৰাই কয়।

নেহৰাই কয় যে ভুৱনেশ্বৰ কুমাৰ এজন অভিজ্ঞ বলাৰ আৰু এতিয়াও তেওঁ ভাল প্ৰদৰ্শন কৰি আছে। নিৰ্বাচকসকলে তেওঁৰ ওপৰত চকু ৰাখিব লাগে। তেওঁলোকে ভুৱনেশ্বৰক পাহৰিব নালাগে। বিশেষকৈ টি-২০ আৰু এদিনীয়া ফৰ্মেটত ভুৱনেশ্বৰৰ পক্ষত মন্তব্য কৰে নেহৰাই।

উল্লেখ্য যে, উইকেটৰ দুয়োফালে চুইঙৰ দক্ষতাৰ লগতে নিখুঁত লাইন-লেংথৰ বাবে ভুৱনেশ্বৰ এসময়ত ভাৰতীয় বলিং লাইন আপৰ অন্যতম প্ৰধান অস্ত্ৰ আছিল। কিন্তু বিগত সময়ছোৱাত দলৰ পৰা বাহিৰত আছে তাৰকা পেচাৰগৰাকী।

ভাৰতীয় দলক ১২১ খন এদিনীয়া আৰু ৮৭ খন টি-২০ মেচত প্ৰতিনিধিত্ব কৰিছে ভুৱনেশ্বৰ কুমাৰে। কিন্তু বিগত বৰ্ষৰ ২১ জানুৱাৰীতে এদিনীয়াত আৰু ২২ নৱেম্বৰতে টি-২০ত অন্তিমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ খেলপথাৰত নামিছিল তাৰকাগৰাকী।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd