• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

 ‘আমি’ আৰু ‘তেওঁলোক’ দুখন পতাকাৰ তলত আমাক কোনে থিয় কৰালে?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
May 11, 2018 5:35 pm
Public hearing JPC

জেপিচিয়ে অসমলৈ আহি জনসাধাৰণৰ মত লোৱাৰ দৃশ্য। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ দুঃস্মৃতি এতিয়াও আমাৰ সমাজ-মনস্তত্ত্বত ওলমি আছে। বিদেশী বিতাড়ন নাম আছিল যদিও আন্দোলনটো ঘাইকৈ অসমীয়া-বাঙালীৰ সংঘাতত পৰিণত হৈছিল। বিদেশীমুক্ত অসম তথা স্বজাতিৰ স্বাৰ্থ ৰক্ষাৰ ভেটিত আন্দোলনটোৱে মূৰ দাঙি উঠিছিল যদিও ভাষা ভিত্তিক সাম্প্ৰদায়িকতা আৰু ধৰ্ম ভিত্তিক সাম্প্ৰদায়িকতা লাহে লাহে ইয়াৰ প্ৰধান চালিকা শক্তি হৈ পৰিছিল। বহুতে এই কাৰণতে, আন্দোলনটোৰ কিছু যুক্তিযুক্ততা থাকিলেও ইয়াৰ গতিবিধিৰ বাবেই ঘোৰ বিৰোধিতা কৰিছিল।

এই কথা নক’লেও হ’ব যে আন্দোলনটোৰ ফলত সম্প্ৰীতি চিৰকাললৈ বিনষ্ট হৈছিল ৰাজ্যখনত থকা বিভিন্ন ভাষিক আৰু ধৰ্মীয় সম্প্ৰদায়বোৰৰ মাজত।

Apply Now

যি নহওক, এতিয়া সেয়া এটুকুৰা শুকাব ধৰা ঘা। আন্দোলনটো সম্পৰ্কত ইতিপূৰ্বে বহুতো অস্ত্ৰোপচাৰ হ’ল। ইয়াৰ কুফলবোৰ সম্পৰ্কতো পৰ্য্যালোচনা চলিল। কেৱল পণ্ডিত শ্ৰেণীয়েই নহয়, সাধাৰণ মানুহেও ইয়াৰ মৰণোত্তৰ পৰীক্ষা কৰিলে নিজৰ সাধাৰণ মনৰ পৰীক্ষাগাৰটোতে। ফলত সামগ্ৰিকভাৱে সমাজখন আগতকৈ পৰিপক্ব হৈ পৰা যেন ভাব হয়। কোনো বিক্ষিপ্ত সাম্প্ৰদায়িক ঘটনাই এতিয়া মানুহক ভুল বাটে লৈ যাব নোৱৰা হ’ল (আইছিছৰ পতাকা, মন্দিৰত গোমাংস, মচজিদত গাহৰিৰ মূৰ ঘটনাবোৰলৈ মনত পেলাব পাৰি)। সমাজত সহন, আত্মীকৰণ, কুটুম্বিতাৰ উপাদানবোৰ বাঢ়িল।

কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কে আমাক, বিশেষকৈ অসমীয়া মানুহ আৰু অসমৰ বাঙালী সমাজক পুনৰ পৰস্পৰৰ শত্ৰুৰ ৰূপত থিয় কৰালেহি নেকি? আজিৰ তাৰিখত এই প্ৰশ্নটোৱে মনলৈ আহিছে।

‘আমি অসমীয়া’ আৰু ‘আমৰা বাঙালী’ৰ পতাকাৰ তলত স্বাৰ্থৰ সংঘাতমুখী দুটা শক্তি উৎপন্ন কৰিলে নেকি এই নাগৰিকত্ব বিধেয়কে?

বিধেয়কখনৰ অন্যান্য গুৰুতৰ কু-দিশবোৰ, যেনে- সংবিধানৰ ধৰ্মীয় নিৰপেক্ষতা বৈশিষ্ট্যত কুঠাৰাঘাত, আদিৰ কথা নক’লেও এই বিধেয়কে অসমীয়া-বাঙালী, হিন্দু-মুচলমান, বৰাক-ব্ৰহ্মপুত্ৰ, ‘ভাৰত মাতা কী জয়’ আৰু ‘জয় আই অসম’ এইবোৰ ‘পতাকা’ৰ অধীনত সমাজখনক বিপৰীত স্থিতিৰ স্পষ্ট পক্ষত ভাগ কৰিলে। সকলোৰে মুখত এতিয়া ‘আমি’ আৰু ‘তেওঁলোক’। আৰু এইটো হৈছে আটাইতকৈ বেছিকৈ সমন্বয়ৰ কথা কোৱা মুখ্য মন্ত্ৰীজনৰ দিনত। আনকি ৰাজনৈতিক দলবিলাকৰ মাজত যি ধৰণৰ স্পষ্ট শত্ৰুতা আগত নাছিল, এতিয়া এই অবাঞ্ছিত মাত্ৰাৰ শত্ৰুতাই মূৰ দাঙি উঠিল।

কেন্দ্ৰত বিজেপিৰ চৰকাৰ অহাৰ পৰাই দেশত এনেকুৱা বিভাজন স্পষ্ট হৈ পৰিছিল। কিন্তু নাগৰিকত্ব বিধেয়কে অসমত বিভাজনটোক অধিক সুস্পষ্ট আৰু বহল কৰিলে। এই ঘা টুকুৰা কেতিয়াবা শুকাব নে নুশুকায় এতিয়াই ক’ব নোৱাৰি। কিন্তু এটা কথা ঠিক যে নাগৰিকত্ব বিধেয়ক গৃহত হওকেই বা নহওকেই অসমত সকলো সম্প্ৰদায়ৰ লগতে অসমীয়া আৰু বাঙালী সম্প্ৰদায়েও বন্ধুত্বপূৰ্ণ সহাৱস্থান কৰাতকৈ মংগলজনক সমীকৰণ আন একো হ’ব নোৱাৰে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

June 4, 2026 8:26 am
অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

June 4, 2026 8:25 am
ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

June 4, 2026 8:26 am
অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

June 4, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd