বলীউডৰ নতুন ক্ৰাছ তৃপ্তি ডিমৰি। ‘এনিমেল’ চিনেমাত ৰণবীৰ কাপুৰৰ সৈতে এক সাহসী দৃশ্যত অভিনয় কৰি এতিয়া তুমুল চৰ্চাত তৃপ্তি। ছ’চিয়েল মিডিয়াৰ পৰা গণমাধ্যমলৈকে এই যুটিটোৰ এক অন্তৰংগ দৃশ্যই তোলপাৰ লগাইছে।
কথাটো তৃপ্তিয়েও লক্ষ্য কৰিছে। ‘এনিমেল’ ছবিত তেওঁক সম্পূৰ্ণ নিৰাভৰণ ৰূপত ৰণবীৰৰ সৈতে বিচনাত বহি থকা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে নিজেই এটা সাক্ষাৎকাৰত কৈছে যে পৰ্দাৰ অন্তৰংগ দৃশ্যত নিজৰ কন্যাক আৱিষ্কাৰ কৰাৰ পিছত পিতৃ-মাতৃয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তৃপ্তিয়ে কয়, ‘ৰণবীৰৰ সৈতে সেই অন্তৰংগ দৃশ্যটো দেখাৰ পিছত মাক-দেউতা অলপ হতভম্ব হৈ পৰিছিল। তেওঁলোকে মোক কয় যে তেওঁলোকে কেতিয়াও এনেকুৱা ছবি দেখা নাই। এনে দৃশ্যত অভিনয় নকৰাকৈয়ে থাকিব পাৰিলাহেঁতেন।
কিন্তু এই অভিনেত্ৰীগৰাকীৰ মতে, পিতৃ-মাতৃয়ে কন্যাৰ ফালৰ পৰা কথাটো বুজি পাইছে। লগে লগে কৈছে, ‘ঠিক আছে। অভিভাৱক হিচাপে তোমাৰ কথাটো আমি নিশ্চয়কৈ বুজি পাম।‘
তেওঁৰ অভিভাৱকক তৃপ্তিয়ে কৈছে, ‘মই একো অন্যায় কৰা নাই। এইটো মোৰ কাম আৰু যেতিয়ালৈকে মই ইয়াত আৰামদায়ক আৰু নিৰাপদ অনুভৱ কৰিম, তেতিয়ালৈকে ইয়াত কোনো সমস্যা দেখা নাপাওঁ।’
তৃপ্তিয়ে কয় যে এগৰাকী অভিনেত্ৰী হিচাপে নিজৰ চৰিত্ৰত বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ আৰু তেওঁ সেইটোৱেই কৰিছিল।
ইয়াৰ পূৰ্বেও তৃপ্তি ডিমৰিয়ে ‘বুলবুল’ আৰু ‘কালা’ৰ দৰে চিনেমাত অনবদ্য অভিনয় কৰিছে। কিন্তু তেতিয়া তেওঁৰ ওপৰত ইমান চৰ্চা হোৱা নাছিল। সমালোচকসকলে অনুভৱ কৰে যে দৰ্শকে তেওঁক ‘এনিমেল’ চিনেমাত সাহসী অৱতাৰত নতুনকৈ আৱিষ্কাৰ কৰিছে। সেইবাবেই ইমান চৰ্চা হৈছে।
ইয়াৰ পূৰ্বেও তেওঁ চিনেমাত কাম কৰিছিল, বহু গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। তাৰ ভিতৰত বুলবুল আৰু কালাৰ দৰে ধাৰাবাহিকৰ নাম উল্লেখ কৰিবই লাগিব।
কিন্তু ৰণবীৰ কাপুৰৰ সৈতে অন্তৰংগ-নগ্ন দৃশ্যত অভিনয় কৰি নিশাটোৰ ভিতৰতে তেওঁৰ ফ’ল’ৱাৰ বৃদ্ধি পাইছে। ৬ লাখৰ অলপ বেছিৰ পৰা ৩২ লাখলৈ তেওঁৰ অনুগামীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে সাহসী দৃশ্যত তেওঁৰ অভিনয়।
ছচিয়েল মিডিয়াত কেক কাটি দুটা সফলতা উদযাপন কৰে অভিনেত্ৰীগৰাকীয়ে। এটা, এনিমেলৰ সফলতা আৰু আনটো ইনষ্টাগ্ৰামত তিনি মিলিয়ন ফ’ল’ৱাৰ।
তেওঁ হাঁহি হাঁহি লিখিছে, মনটো আজি শ্ৰদ্ধা আৰু সন্মানেৰে ভৰি পৰিছে। প্ৰেমেৰে ভৰি পৰিছে অন্তৰ। যিসকলে মোক বহুত সহায় কৰিছে, যিসকলে মোক ভাল পায়, সকলোকে ধন্যবাদ।
তৃপ্তি ডিমৰিয়ে লগতে কয় যে তেওঁ জীৱনৰ অন্যতম সুখৰ মুহূৰ্তৰে পাৰ হৈ গৈছে।