• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাৰ সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নিলম্বিত সাংসদ মহুৱা মৈত্ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 11, 2023 4:15 pm
475
VIEWS
Share on FacebookShare on Twitter

ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সুধিবলৈ সাংসদৰ লগইন আই ডি আৰু পাচৱৰ্ড দিয়াৰ অভিযোগত লোকসভাৰ নৈতিকতা সমিতিৰ পৰামৰ্শ মতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংসদ পদ খাৰিজ কৰিছিল মহুৱা মৈত্ৰৰ।

লোকসভাৰ  এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই লোকসভাৰ পৰা বহিষ্কাৰ হোৱাৰ দুদিন পিছত সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে নিলম্বিত সাংসদ মহুৱা মৈত্ৰ।

কোনো প্ৰমাণ অবিহনে দোষী সাব্যস্ত হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ লোকসভাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰে।

আদালতৰ সূত্ৰ অনুসৰি মহুৱা মৈত্ৰই প্ৰথমে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত লোকসভাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গোচৰ ৰুজু কৰিছিল। 

সূত্ৰ অনুসৰি এই গোচৰৰ শুনানি শীঘ্ৰে হ’ব পাৰে। কোনো সুযোগ নিদিয়াকৈ লোকসভাত গ্ৰহণ কৰা একপক্ষীয় সিদ্ধান্তক মহুৱাই তীব্ৰ গৰিহণা দিয়ে। 

কেন্দ্ৰত শাসকীয় দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে নৈতিকতা সমিতিখনে সকলো নিয়ম ভংগ কৰিছে আৰু সাংসদসকলক বৰ্খাস্ত কৰি বিৰোধীৰ ওপৰত বুলড’জাৰ চলাইছে।

প্ৰসংগক্ৰমে মহুৱা মৈত্ৰই ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ধন আৰু বিলাসী সামগ্ৰীৰ বিনিময়ত লোকসভাত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। মহুৱাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বিজেপি সাংসদ নিশিকান্ত ডুবেই। অৱশ্যে মহুৱাই এই অভিযোগ অস্বীকাৰ কৰে। 

তাৰ পিছত লোকসভাৰ নৈতিকতা সমিতিয়ে ঘটনাৰ তদন্তৰ দায়িত্ব লয়। তাৰ পাছত নৈতিকতা সমিতিয়ে মহুৱাক সোধা-পোছা কৰি ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন জাৰি কৰে। প্ৰতিবেদনত মহুৱাক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ পৰামৰ্শ দিয়া হয়। তাৰ পিছত অধ্যক্ষই যোৱা শুকুৰবাৰে সংসদৰ শীতকালীন অধিৱেশনত মহুৱাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰে।

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd