• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থানতো নতুন মুখ! প্ৰথমবাৰ বিধায়ক হৈয়েই মুখ্যমন্ত্ৰী; কোন এই ভজনলাল শৰ্মা?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 13, 2023 8:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশা কৰা মতে ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ পিছত ৰাজস্থানতো বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাপে নতুন মুখ বাছি লৈছে। প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে, কেন্দ্রীয় মন্ত্রী অর্জুন ৰাম মেঘৱাল, গজেন্দ্র সিং শেখাৱত, অশ্বিনী বৈষ্ণৱ, ‘ৰাজস্থানৰ যোগী’ নামেৰে পৰিচিত বাবা বালাকনাথৰ দৰে চৰ্চিত নেতাই মুখ্যমন্ত্রী পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰিছিল৷ কিন্তু, শেষত বিজেপিয়ে ৰাজস্থানতো মুখ্যমন্ত্ৰী হিচাপে তুলনামূলকভাৱে লোপ্ৰ’ফাইল নেতাক বাছি লৈছে।

ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ভজনলাল শৰ্মাৰ নাম ঘোষণা কৰে বসুন্ধৰা ৰাজে। দীৰ্ঘদিন ধৰি ৰাজ্যত বিজেপি সংগঠনৰ নেতৃত্ব দিও ভজনলালে ইমান লো প্ৰফাইল বজাই ৰাখিছে যে ৰাজ্যৰ বাহিৰত তেওঁ প্ৰায়েই চিনাকি নহয়। সেয়ে, বিজেপিয়ে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নাম আকস্মিকভাৱে ঘোষণা কৰাৰ পিছত বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে কোন এইজন ভজনলাল শৰ্মা?

২০২৩ চনৰ নিৰ্বাচনতে প্ৰথম নিৰ্বাচনী ৰাজনীতিত খোজ দিছিল ভজনলাল শৰ্মাই। তেওঁৰ ঘৰ জয়পুৰৰ জৱাহৰ চাৰ্কোলত। অৱশ্যে তেওঁ মূলতঃ ভৰতপুৰৰ বাসিন্দা। শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনত তেওঁক প্ৰথমবাৰৰ বাবে বিজেপিয়ে বিধায়ক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। অৱশ্যে ভৰতপুৰৰ পৰা নহয়, জয়পুৰৰ সাংগানা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছিল।

Apply Now

লগতে পঢ়কঃ খলনায়ক বৰষুণ! ৰিংকুৰ অৰ্দ্ধশতকেও ৰক্ষা কৰিব নোৱাৰিলে পৰাজয়; শৃংখলাত আগবাঢ়িল দক্ষিণ আফ্ৰিকা

দৰাচলতে ভৰতপুৰত বিজেপিৰ শক্তি তুলনামূলকভাৱে অধিক। সেই দৃষ্টিকোণৰ পৰা সাংগানা আসনত বিজেপিৰ জয় প্ৰায় নিশ্চিত আছিল। যিহেতু সাংগনাৰ দৰে নিৰাপদ আসনত তেওঁক থেয় কৰাইছিল, গতিকে বুজা গৈছে যে গেৰুৱা শিবিৰৰ হয়তো আৰম্ভণিৰে পৰাই তেওঁৰ বাবে ডাঙৰ পৰিকল্পনা আছিল। সেয়ে সাংগানা আসনৰ পৰা বিজয়ী বিজেপি বিধায়কৰ সলনি তেওঁকেই টিকট দিয়া হ’ল।

নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি ভজনলালৰ বৰ্তমান বয়স ৫৬ বছৰ। চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও পৰ্দাৰ আঁৰত দীৰ্ঘদিন ধৰি বিজেপি সংগঠনৰ সৈতে জড়িত হৈ আছে। এইগৰাকী উচ্চবৰ্ণৰ বিজেপি নেতাই একেৰাহে চাৰিটা কাৰ্যকাল ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

কেৱল সেয়াই নহয়, ৰাজস্থানৰ যিকোনো দলীয় কাৰ্যকলাপত তেওঁ আছিল আটাইতকৈ নিৰ্ভৰযোগ্য ব্যক্তি। উচ্চ বৰ্ণৰ নেতা হোৱাটোও তেওঁৰ সাংগানা আসনৰ পৰা প্ৰাৰ্থিত্বৰ অন্যতম কাৰণ আছিল। এই বিধানসভা সমষ্টিত ব্ৰাহ্মণৰ আধিপত্য আছে। জয়ী হ’বলৈ তেওঁৰ কোনো অসুবিধা হোৱা নাছিল। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী পুষ্পেন্দ্ৰ ভৰদ্বাজক ৪৮,০৮১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

লগতে পঢ়কঃখেল শেষ  হ’বলৈহে পালে, ৰেফাৰীৰ মুখত পৰিল প্ৰচণ্ড ঘোচা : অনিৰ্দিষ্টকাললৈ স্থগিত ‘ছুপাৰ লীগ’ 

অৱশ্যে বিজেপি সংগঠনৰ দায়িত্ব লোৱাৰ বহু আগতেই তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা আৰএছএছৰ সৈতে জড়িত হৈ আছে। ১৯৯৩ চনত ৰাজস্থান বিশ্ববিদ্যালয়, জয়পুৰৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ছাত্ৰ হিচাপে তেওঁ আৰএছএছৰ ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বা এবিভিপিত যোগদান কৰে। তেওঁ এবিভিপি আৰু আৰএছএছৰ ঘৰৰ পৰাই বিজেপি সংগঠনত যোগদান কৰে।

ৰাজনীতিৰ বাহিৰেও তেওঁৰ শ্ৰী কৃষ্ণ কানহাইয়া এণ্ড কোম্পানী নামৰ এটা প্ৰতিষ্ঠান আছে। লগতে ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ এজন দৰমহাভোগী কৰ্মচাৰী। নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ স্থাৱৰ আৰু অস্থাৱৰকে ধৰি মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ডেৰ কোটি। ইয়াৰ উপৰিও ৩৫ লাখ টকাৰ ঋণ আছে।

লগতে পঢ়কঃনিৰ্দোষী! বিজেপিৰ ৱাশ্বিং মেচিনত প্ৰত্যাহাৰ হ’ল বিজেপিৰ মিত্ৰদলৰ নেতা ছগন ভুজবলৰ বিৰুদ্ধে থকা ইডিৰ গোচৰ 

ভজনলাল শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ উপৰিও বিজেপিয়ে দিয়া কুমাৰী আৰু ড° প্ৰেম চান্দ বৈইৰৱাক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। আমোদজনক কথাটো হ’ল ভজনলাল শৰ্মা ব্ৰাহ্মণ সম্প্ৰদায়ৰ আৰু দিয়া কুমাৰী ৰাজপুত। আনহাতে, প্ৰেম চান্দ বৈইৰৱাক অনুসূচিত জাতিৰ প্ৰতিনিধি।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am
ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd