• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খলনায়ক বৰষুণ! ৰিংকুৰ অৰ্দ্ধশতকেও ৰক্ষা কৰিব নোৱাৰিলে পৰাজয়; শৃংখলাত আগবাঢ়িল দক্ষিণ আফ্ৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2023 7:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিংকু সিঙৰ বিস্ফোৰক বেটিঙেও কাম নিদিলে। দ্বিতীয়খন টী-২০ত ৫ উইকেটত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই শৃংখলাত অগ্ৰগতি লাভ কৰিলে। মঙলবাৰে বৰষুণৰ বাবে খেল বন্ধ হোৱাৰ পূৰ্বে ১৯.৩ অভাৰত ৭টা উইকেট হেৰুৱাই ভাৰতে ১৮০ ৰান সংগ্ৰহ কৰে। ডাকৱৰ্থ-লুইছ নিয়মত দক্ষিণ আফ্ৰিকাৰ লক্ষ্য ১৫ অভাৰত ১৫২ ৰানলৈ হ্ৰাস কৰা হয়। দক্ষিণ আফ্ৰিকাই ১৩.৫ অভাৰত ৫টা উইকেট হেৰুৱাই বিজয়ী লক্ষ্যত উপনীত হয়।

ৰান চেজত মাৰ্ক্ৰামছ বাহিনী ইমান সহজে লক্ষ্যত উপনীত হ’ব বুলি আশা কৰা হোৱা নাছিল। চাৰিটা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে মাজৰ ২-৩ অভাৰৰ বাহিৰে সমগ্ৰ ইনিংছত আধিপত্য বিস্তাৰ কৰে। ৰেজা হেনৰিকেছে দলটোক শক্তিশালী স্থিতিত থিয় কৰাইছিল। তেওঁ ১ টা ছয় আৰু ৮ টা চাৰিৰ সহায়ত ২৭টা বলত ৪৯ ৰান সংগ্ৰহ কৰে।

কিন্তু বৰষুণৰ বাবে আউটফিল্ড তিতি থকাৰ বাবে ভাৰতীয় বলাৰসকলে বলিং কৰাত অসুবিধা পায়। বাৰে বাৰে বল মচি থকা দেখা যায়। যিয়ে পাছলৈ বলৰ লাইন-লেংথত প্ৰভাৱ পেলায়। দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে সেইটোৰ সম্পূৰ্ণ সুবিধা লয়। হেনৰিকছ-মাৰ্কৰামৰ ৫৪ ৰানৰ অংশীদাৰিত্বই দক্ষিণ আফ্ৰিকাক জয়ী কৰাত সহায় কৰে।

Apply Now

আনহাতে, খেলখনৰ ব্যৰ্থ নায়ক ৰিংকুৱে ৩৯টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰৰ অৰ্ধশতকো অথলে গ’ল। তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে নহ’ল। শৃংখলাত পৰাজয় ৰক্ষা কৰিবলৈ ভাৰতে বৃহস্পতিবাৰে তৃতীয় তথা অন্তিম টী-২০ত জয়লাভ কৰিবই লাগিব।

শুভমন গীল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ এই খেলখনত দললৈ উভতি আহে। টী-২০ ৰেংকিঙত এক নম্বৰ স্থানত থকাৰ পিছতো ৰবি বিষ্ণোইক বাদ পৰে। বিদেশৰ মাটিত অভিজ্ঞতাৰ জোখেৰে দ্বিতীয় স্পিনাৰ হিচাপে খেলে। আনহাতে,  অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত সফল হৈছিল যদিও ঋতুৰাজ গাইকোৱাডে অপেনিঙত শুভমনক বাট এৰি দিবলগীয়া হৈছে। অৱশ্যে খেলখনত গীল ব্যৰ্থ হয়। একাউণ্ট খোলাৰ আগতে শূন্যত উভতি যায়। যশস্বী জয়ছোৱালেও ৰান নাপালে। তৃতীয়টো বলত শূন্য ৰাণতে আউট হয়।

আইডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি ভাৰতক বেট কৰিবলৈ প্ৰেৰণ কৰে। মাত্ৰ ৬ ৰানত দুটা উইকেট হেৰুৱাই ভাৰতে। তিনি নম্বৰত বেটিং কৰিবলৈ নমা  তিলক ভাৰ্মাই দুবাৰকৈ লাইভ পায়। কিন্তু তেওঁ তাৰ সম্পূৰ্ণ সুবিধা ল’ব নোৱাৰিলে।ভাল  আৰম্ভণিৰ পিছতো বাওঁহাতৰ খেলুৱৈগৰাকীয়ে ২০টা বলত ২৯ ৰান সংগ্ৰহ কৰি উভতি আহে।

কিন্তু এয়া আছিল ৰিংকু সিং আৰু সূৰ্য্যকুমাৰ যাদৱৰ দিন। ৰিংকুৱে কঠিন সময়ত খেলিবলৈ নামি আন্তঃৰাষ্ট্ৰীয় টী-২০ত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে।৩০টা বলত ৫০ ৰান সম্পূৰ্ণ কৰে। দলৰ পৰিস্থিতি অনুসৰি দায়িত্বশীল বেটিং কৰি ২টা ছয়, ৯টা চাৰিৰ সহায়ত শেষত ৩৯টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। ৰিংকু অপৰাজিত হৈ থাকে।

আনহাতে, সূৰ্য্যকুমাৰৰ দুটা অভিলেখ গঢ়ে। তেওঁ টী-২০ৰ ৫৬তম ইনিংছত ২০০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হৈ বিৰাট কোহলিক স্পৰ্শ কৰে। সেই সময়তে তেওঁ ক্ৰিকেটৰ চুটি ফৰ্মেটত দক্ষিণ আফ্ৰিকাৰ মাটিত অৰ্ধশতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয়। তেওঁ ৩টা ছয় আৰু ৫টা চাৰিৰ সহায়ত ৩৬ টা বলত ৫৬ ৰাণ সংগ্ৰহ কৰি আউট হয়। ৷

বৰষুণৰ বাবে কিছু সময়ৰ বাবে খেল বন্ধ হৈ থকাৰ পাছত দক্ষিণ আফ্ৰিকাৰ বাবে ডাকৱৰ্থ লুইছত ১৫ অভাৰত ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। দক্ষিণ আফ্ৰিকাই  বিধ্বংসী ৰূপত আৰম্ভণি কৰিছিল। দক্ষিণ আফ্ৰিকাই প্ৰথম দুটা অভাৰত বিনা উইকেটত ৩৮ ৰান সংগ্ৰহ কৰে। দুই অ’পেনাৰ ৰেজা হেনৰিকেছ আৰু মেথিউ ব্ৰিটকে এক সুন্দৰ আৰম্ভণি কৰে। প্ৰথম উইকেটত ৪২ ৰান সংযোজন কৰি তিনিটা অভাৰৰ অন্তত ব্ৰিটকে ৰান আউট হয়।

তাৰপৰাই মাৰ্ক্ৰামে ৰেজাৰ সৈতে যুটী বান্ধি দ্বিতীয় উইকেটত ৫৪ ৰান সংগ্ৰহ কৰে। তেওঁ ২৭টা বলত ৪৯ ৰান সংগ্ৰহ কৰে। মাজতে ভাৰতে দক্ষিণ আফ্ৰিকাক চাপত পেলাইছিল যদিও বিজয় ৰোধ কৰাৰ পথত কোনো বাধা নাথাকিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd